• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হায়দৰাবাদস্থিত নালছাৰ আইন বিশ্ববিদ্যালয়ত ‘সংসদৰ ৰাজনীতি’ বিষয়ত বক্তৃতা প্ৰদান সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2024 1:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ সংসদত প্ৰতিজন সাংসদে শালীনতা আৰু পাৰস্পৰিক সন্মান বজাই ৰখাৰ প্ৰয়োজনীয়তা নিশ্চিত কৰিব লাগে যাতে প্ৰতিজন সদস্যৰ কণ্ঠ  আৰু মতামতৰ বৈচিত্ৰ্য সুৰক্ষিত হয়  আৰু তেওঁলোক উৎসাহিত হয়।” — হায়দৰাবাদৰ  নালছাৰ আইন বিশ্ববিদ্যালয়ত “সংসদৰ ৰাজনীতি” বিষয়ক  বক্তৃতা প্ৰদান কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সংসদৰ গৰিমা আৰু ঐতিহ্য অটুট ৰখাৰ বিভিন্ন দিশ আলোকপাত কৰে ৷ বুধবাৰে আইন বিশ্ববিদ্যালয়খনত “ সংসদৰ ৰাজনীতি” শীৰ্ষক আকৰ্ষণীয় বিষয়টোৰ ওপৰত বক্তৃতা প্ৰদানৰ সময়ত যোৰহাটৰ সাংসদ গৰাকীয়ে  সাংসদৰ দায়বদ্ধতা আৰু সাংসদ সকলে বিভিন্ন বিষয় আৰু দিশৰ প্ৰণালীবদ্ধ অধ্যয়ন- গৱেষণাৰ জৰিয়তে জনসাধাৰণৰ কল্যাণ সাধনৰ লগতে সমাজ তথা দেশৰ সামগ্ৰীক বিকাশ নিশ্চিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগা ভূমিকা উল্লেখ কৰে ৷

দেশৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা গৌৰৱ গগৈয়ে তেওঁৰ বক্তৃতাত জনসাধাৰণৰ অনুভূতিৰ প্ৰতি সংসদৰ সংবেদনশীলতাৰ প্ৰসংগ উল্লেখ কৰি কয় যে জনসাধাৰণৰ অনুভূতিৰ প্ৰতি আমাৰ সংসদ   সংবেদনশীল হ’ব লাগে ৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সাংঘাতিক ৷

নালছাৰ আইন বিশ্ববিদ্যালয়ৰ এই বক্তৃতানুষ্ঠানত উপস্থিত প্ৰতি গৰাকী দৰ্শন শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা সাংসদ গগৈয়ে স্থানীয় চৰকাৰ সমূহক সবলীকৰণ, সংসদীয় পদ্ধতিৰ সংস্কাৰ, বিৰোধীৰ ভূমিকা আৰু আন বহুতো বিষয়ৰ ওপৰতো  উৎসাহী আৰু জিজ্ঞাসাৰে পৰিপূৰ্ণ যুৱ চামৰ  সৈতে মত বিনিময় কৰে ৷ বক্তৃতা আৰু  কথোপকথনত লোকসভাৰ প্ৰাক্তন বিৰোধী উপ দলপতি গৰাকীয়ে  তেওঁ সংসদত লাভ কৰা শিক্ষা তথা অভিজ্ঞতা অতি সংবেদনশীলতাৰে উপস্থাপন কৰে ৷ বিষয়েও তেওঁলোকক অৱগত কৰো। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰি সংসদৰ পৰা পোৱা শিক্ষা আৰু তাৰ বিভিন্ন প্ৰতিফলনে কিদৰে তেওঁক সংসদীয় ব্যৱস্থাৰ প্ৰতি আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধ কৰি তুলিছে তাৰো আলোকপাত কৰে ৷ উন্নত নীতি ৰূপায়নৰ বাবে স্থানীয় সংস্থাসমূহক (নগৰ আৰু গ্ৰাম্য) শক্তিশালী কৰি তোলা আৰু অধিকাৰ প্ৰদান  কৰাৰ প্ৰয়োজন বিশদভাৱে ব্যাখ্যা কৰে ৷ সংসদ আৰু বিধানসভাৰ বৈঠকৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আৰু আইনসভাৰ দ্বাৰা   বিষয়বোৰৰ সমাধানৰ পৰিসৰ বৃদ্ধি কৰা, সংসদৰ স্থায়ী সমিতিবোৰক আইন পৰীক্ষা কৰাৰ অনুমতি দিয়াৰ বাবে তেওঁলোকক ক্ষমতা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা, বিভিন্ন সংস্থাক জবাবদিহি কৰা আৰু সংসদলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ  প্ৰদান কৰা ইত্যাদি বিষয়েও সাংসদ গগৈৰ বক্তৃতাত ঠাই পায় ৷ 

সংসদত আটাইতকৈ দীঘলীয়া সেৱা আগবঢ়োৱা সংসদক প্ৰ’টেম  অধ্যক্ষ হিচাপে  নিযুক্তি দিয়াৰ পৰম্পৰাক সন্মান জনোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সাংসদ গৰাকীয়ে তেওঁৰ অনুভৱ ব্যক্ত কৰে ৷ উন্নত প্ৰশাসন আৰু সেৱা উৎসৰ্গাৰ বাবে  সকলো নিৰ্বাচিত প্ৰতিনিধিক পৰ্যাপ্ত পৰিমাণে উৎস, অধিকাৰ,  সচিবালয় আৰু  গৱেষণা সহায়ক প্ৰদান কৰা, শাসক আৰু বিৰোধী দল দুয়োকে সমান স্থান আৰু গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজনীয়তা ইত্যাদি দিশো বক্তৃতাত বিশ্লেষণ কৰে গৌৰৱ গগৈয়ে ৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd