• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অইল টেংকাৰ বিস্ফোৰণত মৃত্যু নীৰিহ শ্ৰমিকৰ : আইনৰ উলংঘনেৰে চলি আহিছে Explotech India ৰ কাৰখানা

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
July 17, 2024 8:51 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালিকৰ কাণ্ডজ্ঞানহীনতা, চুড়ান্ত হেমাহি তথা শ্ৰমিক আৰু কাৰখানা আইনক ভেঙুচালি কৰাৰ বাবেই বোকাখাতত কৰুণ ভাৱে প্ৰাণ হেৰুৱাব লগা হ’ল এজন দুৰ্ভগীয়া শ্ৰমিকে। নিঠৰুৱা হ’ল এটা খাটি খোৱা দৰিদ্ৰ পৰিয়াল।

ঘটনা ১৫ জুলাই বিয়লিৰ। বোকাখাতৰ গড়মূৰস্থিত Explotech India নামৰ‌ গাড়ীৰ টেংকী বনোৱা প্ৰতিষ্ঠানটোত কৰ্মৰত অৱস্থাতেই টেংকীৰ প্ৰচণ্ড বিস্ফোৰণ ঘটি ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাব লগা হ’ল লখৌজান ঘগৰা পথাৰ গন্ধীয়া চুকৰ ললিত গন্ধীয়া নামৰ এজন শ্ৰমিকে।

Apply Now

AS 01 QC 6741 নম্বৰৰ এখন অইল টেংকাৰৰ ওৱেলডিং কৰি থকা অৱস্থাতেই সংঘটিত হয় উক্ত অঘটন ৷

অভিযোগ উত্থাপিত হৈছে নতুন টেংকাৰ বুলি ললিত গন্ধিয়াক ৱেলডিং কৰিবলৈ দিয়া হৈছিল কিছু পৰিমাণে পেট্ৰল জমা থকা AS 01 QC 6741 নম্বৰৰ পুৰণি অইল টেংকাৰখন।

উক্ত বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে যাৰ প্ৰচণ্ড শব্দ তিনি কিলোমিটাৰ দুৰত্ব পৰ্যন্ত শুনিবলৈ পোৱাৰ লগতে বহু দূৰপৰ্যন্ত চিটিকি পৰিছিল কাৰখানাটোৰ চালিৰ টিন। মুহূৰ্ততে ছিন্ন-ভিন্ন হৈ পৰিছিল ললিত গন্ধিয়াৰ দেহটো।

দুটি এমা-ডিমা সন্তানৰ লগতে পত্নী তথা ৰুগীয়া বৃদ্ধা মাতৃসহ দৰিদ্ৰ পৰিয়ালটোৰ ভৰণ-পোষণ কৰা তথা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ অকাল মৃত্যুত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে এতিয়া দুৰ্ভগীয়া পৰিয়ালটো।

অভিযোগ উত্থাপিত হৈছে যে গাড়ীৰ টেংকি নিৰ্মাণ কৰা উক্ত প্ৰতিষ্ঠানটোত শ্ৰমিকৰ নিৰাপত্তাৰ সামান্যতমো ব্যৱস্থা নথকাৰ বাবেই সংঘটিত হৈছিল উক্ত ঘটনাটো।

কেৱল নিজৰ মুনাফাৰ বাবেই দীৰ্ঘদিনৰ পৰা কাৰখানা আইনৰ উলংঘন, শ্ৰমিকৰ নিৰাপত্তা, জীৱন বীমা আদিৰ ব্যৱস্থা নকৰাকৈয়ে চলি আছে এন কে হাজৰিকা নামৰ ব্যক্তিজনৰ মালিকীস্বত্বত থকা এই Explotech India নামৰ প্ৰতিষ্ঠানটো।

সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে সমগ্ৰ ঘটনাটোক এক সাধাৰণ দুৰ্ঘটনাৰ ৰূপ দি গাপ দিবলৈ চেষ্টা কৰা হৈছে আইন সমন্ধীয় সকলো বিষয়। আনকি কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু যাৱতীয় নথিপত্ৰাদি নোহোৱাকৈ প্ৰতিষ্ঠানটোত নিৰ্মাণ কৰি থকা হৈছে গেছ সৰবৰাহকাৰী টেংকিও।

জানিব পৰা মতে প্ৰতিষ্ঠানটোৰ আনুষ্ঠানিক প্ৰশিক্ষণহীন মূখ্য কাৰিকৰ কালি মোহন বসুমতাৰীও বৰ্তমান পলাতক। আনকি প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ এন কে হাজৰিকায়ো জিলাখনৰ বাহিৰত থকাৰ অজুহাতত অৱস্থান কৰিছে এক নিৰাপদ দূৰত্বত। ঘটনাৰ পিছতেই বৰ্তমানে তলা ওলোমাই বন্ধ কৰি ৰখা হৈছে কাৰখানাটোৰ কাম কাজ।

ইফালে বুধবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হৈ দুখ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাটোক ধনীক শ্ৰেণীয়ে কৰা শ্ৰম শোষণৰ পৰিণতি বুলি অভিহিত কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। লগতে পৰিয়ালটোয়ে ন্যায় প্ৰাপ্তিৰ বাবে কৰিবলগীয়া যুঁজখনত সকলো প্ৰকাৰে সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে সংগঠনটোৱে।

উল্লেখযোগ্য কথাটো হ’ল ৭২ঘন্টা উকলি যোৱাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈ এটা খবৰ ল’বলৈ আহৰি ওলোৱা নাই প্ৰতিষ্ঠানটোৰ কোনো কৰ্তৃপক্ষ অথবা স্বত্বাধিকাৰৰ। সেয়ে প্ৰশ্ন হৈছে এজন প্ৰভাৱশালী ব্যক্তিৰ ধনবল আৰু ৰাজনৈতিক প্ৰভাৱৰ মেৰপেচত ন্যায়ৰ পৰা বঞ্চিত হ’ব নেকি দুৰ্ভগীয়া পৰিয়ালটো?

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd