• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা এনকাউন্টাৰৰ অভিযোগ! অসম আৰক্ষীৰ বিৰুদ্ধে কাছাৰত অন্যায়ভাৱে হত্যাৰ অভিযোগ মাৰ ইনপুইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2024 11:41 am
অসম আৰক্ষী। প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

অসম আৰক্ষী। প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

1k
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ সৈতে হোৱা গুলীচালনাৰ ঘটনাত কাছাৰত তিনিজন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হোৱাৰ পাছত এই ঘটনাক গৰিহণা দি ঘটনাটোক “ন্যায়ৰ বহিৰ্ভূত হত্যা” বুলি অভিহিত কৰিছে মাৰ ইনপুইয়ে।

উল্লেখ্য যে যোৱা ১৬ জুলাইত কাছাৰত আৰক্ষীৰ অভিযানত তিনিজন মাৰ লোক নিহত হৈছিল৷

দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি সংগঠনটোৱে এই কাণ্ডক “শীতল মস্তিষ্কৰ” আৰু “পৰিকল্পিত” ন্যায় বহিৰ্ভূত হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

এনকাউণ্টাৰৰ আগদিনা কাবুগঞ্জ-আমজুৰ পথত লালুংগাৱী মাৰ, লালবিককুং মাৰ আৰু জোছুয়া লালৰিংছানক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ গাডচিৰ’লিত আৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত নিহত ১২ জন মাওবাদী

মাৰ ইনপুইয়ে এক বিবৃতিত দাবী কৰে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে এই “এনকাউণ্টাৰ” সংঘটিত হৈছিল, যাৰ ফলত ইয়াৰ “বৈধ”তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

অসম আৰক্ষীয়ে দাবী কৰা মতে, ভূবন পাহাৰত আত্মগোপনৰ স্থান বিচাৰি থকা অৱস্থাত আৰক্ষীৰ দল এটালৈ গুলীচালনা কৰাৰ পিছত আৰক্ষীৰ গুলীচালনাত কোনো অনিৰ্দিষ্ট উগ্ৰপন্থী সংগঠনৰ তিনিজন লোক নিহত হয়।

আৰক্ষীয়ে এই গোটটো ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগো উত্থাপন কৰে।

লগতে পঢ়কঃ তামিলনাডুত উদ্ধাৰ অসমৰ তিনি যুৱকৰ মৃতদেহ, এজন সন্ধানহীন

মাৰ ইনপুইয়ে এই হত্যাকাণ্ডক “মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা” বুলি সমালোচনা কৰি আৰক্ষীৰ বক্তব্যক খণ্ডন কৰে।

তেওঁলোকে এই ঘটনাক “ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ” বুলিও অভিহিত কৰে।

ह्मार जनजाति के बड़े संगठन ह्मार इनपुई ने बयान भी जारी किया है कि ये एक्स्ट्रा जूडिशियल किलिंग है.

इस प्रेस रिलीज़ में उनके नाम भी बताए गए हैं. pic.twitter.com/fg9HQtUV4d

— Siddhant Mohan (@Siddhantmt) July 18, 2024

তেওঁলোকে কোনে এই মাৰাত্মক গুলী চলালে সেই সম্পৰ্কে স্পষ্টতাৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে আৰু গ্ৰেপ্তাৰৰ ইমান সোনকালে এই এনকাউণ্টাৰৰ আৱশ্যকতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

সংগঠনটোৱে লগতে এক দণ্ডাধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ দাবী জনাইছে যাতে ভুক্তভোগীসকলৰ ন্যায় সুনিশ্চিত হয় আৰু অসমৰ মাৰ জনগোষ্ঠীৰ মাজত পুনৰ আস্থা গঢ়ি তোলা হয়।

লগতে পঢ়কঃ বিজেপিৰ আসন ৮৬ লৈ হ্ৰাস, ৰাজ্যসভাত সংখ্যালঘু হৈ পৰিল শাসকীয় মিত্ৰজোঁট এন ডি এ

তেওঁলোকে লগতে পৰিয়ালকেইটাৰ ক্ষতিপূৰণ, আৰক্ষীৰ কথিত বৰ্বৰতাৰ অন্ত পেলোৱা, এনকাউণ্টাৰত জড়িত বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে। 

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd