কেইদিনমান আগতে পোহৰলৈ আহিছিল বোকাখাতৰ গাড়ীৰ টেংকী নিৰ্মাণ কৰা এটা অবৈধ কাৰখানাত কৰ্মৰত অৱস্থাতে এজন নীৰিহ শ্ৰমিক নিহত হোৱাৰ খবৰ। অবৈধ কাৰাখানাটোৰ এটা টেংকীৰ প্ৰচণ্ড বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ললিত গন্ধীয়া নামৰ দৰিদ্ৰ শ্ৰমিকে।
যোৱা ৫ জুলাই তাৰিখে বোকাখাত লখৌজানৰ এন. কে. হাজৰিকা নামৰ ব্যক্তিজনৰ Explotech india নামৰ কাৰখানাটোত প্ৰাণ হেৰুৱাইছিল ললিত গন্ধিয়াই।
অভিযোগ অনুসৰি, শ্ৰমিকৰ নিৰাপত্তা, বীমা, PF, ESIC আদিৰ কোনো ব্যৱস্থা নথকা Explotech india নামৰ কাৰখানাতো পৰিণত হৈছে শ্ৰমিক হত্যাৰ কাৰাখানালৈ।
Explotech india ত সংঘটিত হোৱা উক্ত ঘটনাৰ পাছতেই পোহৰলৈ আহিছে বোকাখাতৰ আন কেইবাটাও গাড়ীৰ টেংকী নিৰ্মাণ কৰা কাৰখানাতো অনুৰূপ ঘটনা সংঘটিত হৈ থকাৰ তথ্য।
অভিযোগ অনুসৰি, বোকাখাতৰ লখৌজানত ভাস্কৰ শইকীয়া নামৰ এজন ব্যক্তিৰ মালিকাধীন আন এটা অইল টেংকী নিৰ্মাণ কাৰখানাও চলি আহিছে নীতি বৰ্হিভূতভাবে। দীৰ্ঘদিন ধৰি বোকাখাত মহকুমা প্ৰশাসনৰ নাকৰ তলতেই লখৌজানত নীতি বৰ্হিভূত ভাৱে চলি আছে এই কাৰাখানাটো।
Explotech india ৰ অনুৰূপ ধৰণেই ভাস্কৰ শইকীয়া আৰু কালি মোহন বসুমতাৰীৰ মালিকানাধীন এই কাৰখানাটোতো নাই শ্ৰমিকৰ নিৰাপত্তাৰ ব্যৱস্থা, কৰি থকা হৈছে শ্ৰমিক আইনৰ উলংঘন, শ্ৰমিকৰ স্বাস্থ্যজনিত বিষয়তো কৰি থকা হৈছে চূড়ান্ত অৱহেলা।
Explotech indiaৰ দৰে ইয়াতো ঘটিব পাৰে ভয়ংকৰ বিস্ফোৰণ। নিমিষতে প্ৰাণহানি হ’ব পাৰে তাত কৰ্মৰত শ্ৰমিকৰ, তাৰ পাছতো আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বোকাখাত মহকুমা প্ৰশাসনে। আজি উক্ত কাৰখানাটোলৈ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ গৈছিল কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ লগতে আন এগৰাকী মহিলা সাংবাদিক।
সংবাদ সংগ্ৰহৰ বাবে যোৱা এই দুই সাংবাদিকক অপদস্থ কৰি মোবাইল কাঢ়ি ল’বলৈ চেষ্টা কৰাৰ লগতে শাৰিৰীকভাবে আক্ৰমণ কৰিবলৈ উদ্যত হয় কাৰখানাটোৰ মালিক ভাস্কৰ শইকীয়াসহ প্ৰায় দহ পোন্ধৰজনীয়া ভেৰোণীয়া গুণ্ডাৰ এটা দল।
ইফালে দলটোৰ আক্ৰমণৰ পৰা কথমপি নিজকে ৰক্ষা কৰি উক্ত স্থানৰ পৰা আতৰি আহিবলৈ সক্ষম হয় দুই সাংবাদিক।
ইতিমধ্যে সমগ্ৰ ঘটনা অৱগত কৰি বোকাখাত আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে ভুক্তভোগী দুই সাংবাদিকে।
ইফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবীৰে মহকুমা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।
ঘটনাটোক লৈ গৰিহণা দিছে AJYCP, সাংবাদিক সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ৷
লক্ষণীয় কথা যে কাৰখানাটোৰ গাতে লাগি আছে এটা কণ কণ শিশুৰ অংগনৱাড়ী কেন্দ্ৰ । নাতিদূৰতে অৱস্থিত এখন জুনিয়ৰ কলেজ। সামান্য দূৰত্বতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু এটি চিকিৎসা কেন্দ্ৰও। তাৰপাছতো উচ্চক্ষমতা সম্পন্ন বিদুৎ আৰু ভয়ংকৰ বিস্ফোৰক দৈনিক ব্যৱহাৰ হৈ থকা এই কাৰখানাটোয়ে কেনেকৈ পালে কাৰখানা প্ৰতিষ্ঠাৰ আপত্তবিহীন প্ৰমাণপত্ৰ? যিকোনো মুহূৰ্তত বিস্ফোৰণ ঘটি কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু কণ কণ শিশুৰ প্ৰাণ নাশ হ’ব পৰাকৈ কি যুক্তিত ৰজাবাৰী পঞ্চায়তে প্ৰদান কৰিলে কাৰখানাটো চলোৱাৰ অনুমতি? লগতে প্ৰশ্ন হৈছে যে যদি অদূৰ ভবিষ্যতে Explotech indiaৰ দৰেই পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় তাৰ বাবে আইন সন্মত দায়িত্ব ল’বনে স্বত্বাধিকাৰী ভাস্কৰ শইকীয়াই? দায়িত্ব ল’বনে ৰজাবাৰী পঞ্চায়ত অথবা বোকাখাত মহকুমা প্ৰশাসনে?
এতিয়া এই কাৰাখানাটো শীঘ্ৰেই বন্ধ কৰাৰ লগতে অপদস্থ আৰু আক্ৰমণৰ বলি হোৱা দুই সাংবাদিকৰ ন্যায় বিচাৰিছে স্থানীয় দল সংগঠন আৰু সচেতন ৰাইজে।