• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ কাৰখানাৰ মালিক ভাস্কৰ শইকীয়াৰ গুণ্ডাগিৰি : বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ ভাস্কৰৰ গুণ্ডাবাহিনীৰ

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
July 22, 2024 8:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমান আগতে পোহৰলৈ আহিছিল বোকাখাতৰ গাড়ীৰ টেংকী নিৰ্মাণ কৰা এটা অবৈধ কাৰখানাত কৰ্মৰত অৱস্থাতে এজন নীৰিহ শ্ৰমিক নিহত হোৱাৰ খবৰ। অবৈধ কাৰাখানাটোৰ এটা টেংকীৰ প্ৰচণ্ড বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ললিত গন্ধীয়া নামৰ দৰিদ্ৰ শ্ৰমিকে।

যোৱা ৫ জুলাই তাৰিখে বোকাখাত লখৌজানৰ এন. কে. হাজৰিকা নামৰ ব্যক্তিজনৰ Explotech india নামৰ কাৰখানাটোত প্ৰাণ হেৰুৱাইছিল ললিত গন্ধিয়াই।

Apply Now

অভিযোগ অনুসৰি, শ্ৰমিকৰ নিৰাপত্তা, বীমা, PF, ESIC আদিৰ কোনো ব্যৱস্থা নথকা Explotech india নামৰ কাৰখানাতো পৰিণত হৈছে শ্ৰমিক হত্যাৰ কাৰাখানালৈ।

Explotech india ত সংঘটিত হোৱা উক্ত ঘটনাৰ পাছতেই পোহৰলৈ আহিছে বোকাখাতৰ আন কেইবাটাও গাড়ীৰ টেংকী নিৰ্মাণ কৰা কাৰখানাতো অনুৰূপ ঘটনা সংঘটিত হৈ থকাৰ তথ্য।

অভিযোগ অনুসৰি, বোকাখাতৰ লখৌজানত ভাস্কৰ শইকীয়া নামৰ এজন ব্যক্তিৰ মালিকাধীন আন এটা অইল টেংকী নিৰ্মাণ কাৰখানাও চলি আহিছে নীতি বৰ্হিভূতভাবে। দীৰ্ঘদিন ধৰি বোকাখাত মহকুমা প্ৰশাসনৰ নাকৰ তলতেই লখৌজানত নীতি বৰ্হিভূত ভাৱে চলি আছে এই কাৰাখানাটো।

Explotech india ৰ অনুৰূপ ধৰণেই ভাস্কৰ শইকীয়া আৰু কালি মোহন বসুমতাৰীৰ মালিকানাধীন এই কাৰখানাটোতো নাই শ্ৰমিকৰ নিৰাপত্তাৰ ব্যৱস্থা, কৰি থকা হৈছে শ্ৰমিক আইনৰ উলংঘন, শ্ৰমিকৰ স্বাস্থ্যজনিত বিষয়তো কৰি থকা হৈছে চূড়ান্ত অৱহেলা।

Explotech indiaৰ দৰে ইয়াতো ঘটিব পাৰে ভয়ংকৰ বিস্ফোৰণ। নিমিষতে প্ৰাণহানি হ’ব পাৰে তাত কৰ্মৰত শ্ৰমিকৰ, তাৰ পাছতো আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বোকাখাত মহকুমা প্ৰশাসনে। আজি উক্ত কাৰখানাটোলৈ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ গৈছিল কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাৰ লগতে আন এগৰাকী মহিলা সাংবাদিক।

সংবাদ সংগ্ৰহৰ বাবে যোৱা এই দুই সাংবাদিকক অপদস্থ কৰি মোবাইল কাঢ়ি ল’বলৈ চেষ্টা কৰাৰ লগতে শাৰিৰীকভাবে আক্ৰমণ কৰিবলৈ উদ্যত হয় কাৰখানাটোৰ মালিক ভাস্কৰ শইকীয়াসহ প্ৰায় দহ পোন্ধৰজনীয়া ভেৰোণীয়া গুণ্ডাৰ এটা দল।

ইফালে দলটোৰ আক্ৰমণৰ পৰা কথমপি নিজকে ৰক্ষা কৰি উক্ত স্থানৰ পৰা আতৰি আহিবলৈ সক্ষম হয় দুই সাংবাদিক।

ইতিমধ্যে সমগ্ৰ ঘটনা অৱগত কৰি বোকাখাত আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে ভুক্তভোগী দুই সাংবাদিকে।

ইফালে ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবীৰে মহকুমা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।

ঘটনাটোক লৈ গৰিহণা দিছে AJYCP, সাংবাদিক সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ৷

লক্ষণীয় কথা যে কাৰখানাটোৰ গাতে লাগি আছে এটা কণ কণ শিশুৰ অংগনৱাড়ী কেন্দ্ৰ । নাতিদূৰতে অৱস্থিত এখন জুনিয়ৰ কলেজ। সামান্য দূৰত্বতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু এটি চিকিৎসা কেন্দ্ৰও। তাৰপাছতো উচ্চক্ষমতা সম্পন্ন বিদুৎ আৰু ভয়ংকৰ বিস্ফোৰক দৈনিক ব্যৱহাৰ হৈ থকা এই কাৰখানাটোয়ে কেনেকৈ পালে কাৰখানা প্ৰতিষ্ঠাৰ আপত্তবিহীন প্ৰমাণপত্ৰ?  যিকোনো মুহূৰ্তত বিস্ফোৰণ ঘটি কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু কণ কণ শিশুৰ প্ৰাণ নাশ হ’ব পৰাকৈ কি যুক্তিত ৰজাবাৰী পঞ্চায়তে প্ৰদান কৰিলে কাৰখানাটো চলোৱাৰ অনুমতি? লগতে প্ৰশ্ন হৈছে যে যদি অদূৰ ভবিষ্যতে Explotech indiaৰ দৰেই পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় তাৰ বাবে আইন সন্মত দায়িত্ব ল’বনে স্বত্বাধিকাৰী ভাস্কৰ শইকীয়াই? দায়িত্ব ল’বনে ৰজাবাৰী পঞ্চায়ত অথবা বোকাখাত মহকুমা প্ৰশাসনে?

এতিয়া এই কাৰাখানাটো শীঘ্ৰেই বন্ধ কৰাৰ লগতে অপদস্থ আৰু আক্ৰমণৰ বলি হোৱা দুই সাংবাদিকৰ ন্যায় বিচাৰিছে স্থানীয় দল সংগঠন আৰু সচেতন ৰাইজে।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd