• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুসূচিত জাতি-জনজাতিৰ মাজতো পৃথক শ্ৰেণীবিভাজন! উচ্চতম ন্যায়ালয়ৰ ‘ঐতিহাসিক’ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2024 2:51 pm
উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুসূচিত জাতি-জনজাতিৰ সংৰক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত। এইবাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নাগৰিকৰ মাজতো শ্ৰেণীবিভাজন হ’ব। সেই বিভাজনৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ ব্যৱস্থাটো নতুনকৈ গঠন কৰা হ’ব। বৃহস্পতিবাৰে এক ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু জনজাতিৰ মাজতো সংৰক্ষণৰ বাবে পৃথক শ্ৰেণীবিভাজন সমৰ্থন কৰে। ৭ জনীয়া বিভাগীয় বিচাৰপীঠৰ ছয়জন ন্যায়াধীশেই অনুসূচিত জনজাতিৰ পুনৰ শ্ৰেণীবিভাজনৰ সপক্ষে ৰায় দিয়ে।

ইয়াৰ পূৰ্বে ২০০৪ চনত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মাজত পৃথক শ্ৰেণীবিভাজনৰ দাবী নাকচ কৰিছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে কৈছিল যে অনুসূচিসকল একেটা শ্ৰেণীতে অন্তৰ্ভুক্ত। গতিকে সেইবোৰক পৃথকে পৃথকে শ্ৰেণীভুক্ত কৰাৰ কোনো যুক্তি নাই। কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ৭ জনীয়া বিভাগীয় বিচাৰপীঠে অনুসূচিত জনজাতিৰ ভিতৰতো শ্ৰেণীবিভাজন প্ৰয়োজনীয় বুলি কয়।

লগতে পঢ়কঃ স্বপ্নীলৰ স্বপ্নপূৰণ! ইতিহাস ৰচনা কৰি পেৰিছ অলিম্পিকত শ্বুটিঙত লাভ কৰিলে ব্ৰঞ্জৰ পদক

Apply Now

উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে অনুসূচিত জাতিৰ মাজত বহু শ্ৰেণী আছে, ইয়াৰে কিছুমান আন শ্ৰেণীৰ তুলনাত পিছপৰা। সংৰক্ষণৰ সুবিধাৰ ব্যৱস্থা কৰিও এই শ্ৰেণীৰ বিকাশ সম্ভৱ হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া বিভাগীয় বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ বি আৰ গোভাই, ন্যায়াধীশ বেলা এম ত্ৰিবেদী, ন্যায়াধীশ পংকজ মিঠাল, ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা উপস্থিত আছিল।

দেশৰ সকলো অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ নাগৰিক সমশ্ৰেণীৰ অন্তৰ্গত নহয় বুলি ৭ জনৰ ভিতৰত ৬ জন ন্যায়াধীশে একমত প্ৰকাশ কৰে। গতিকে তেওঁলোকক পৃথকে পৃথকে শ্ৰেণীভুক্ত কৰিব পাৰি। কেৱল ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়েহে এইক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰে।

লগতে পঢ়কঃ ডেমকেয়াৰ! কোন এইগৰাকী ভাইৰেল অলিম্পিক পদক বিজয়ী শ্বুটাৰ? জানি আচৰিত হ’ব আপুনি

এই ৰায়ৰ দ্বাৰা দেশৰ সংৰক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হ’ব পাৰে। কাৰণ, তাৰ পিছত এখন ৰাজ্যই অনুসূচিত জাতি (SC) বা অনুসূচিত জনজাতি (ST) শ্ৰেণীবিভাজন কৰি বিভিন্ন শ্ৰেণীৰ বাবে পৃথকে পৃথকে সংৰক্ষণৰ প্ৰৱৰ্তন কৰিব পাৰে। সূচীত আৰু পিছ পৰি থকাসকলক অতিৰিক্ত সংৰক্ষণ দিয়া হ’ব পাৰে। কিন্তু সেই ক্ষেত্ৰত সামগ্ৰিক সংৰক্ষণৰ মাত্ৰা সলনি কৰিব নোৱাৰি। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd