অনুসূচিত জাতি-জনজাতিৰ সংৰক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত। এইবাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নাগৰিকৰ মাজতো শ্ৰেণীবিভাজন হ’ব। সেই বিভাজনৰ ওপৰত ভিত্তি কৰি সংৰক্ষণ ব্যৱস্থাটো নতুনকৈ গঠন কৰা হ’ব। বৃহস্পতিবাৰে এক ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি আৰু জনজাতিৰ মাজতো সংৰক্ষণৰ বাবে পৃথক শ্ৰেণীবিভাজন সমৰ্থন কৰে। ৭ জনীয়া বিভাগীয় বিচাৰপীঠৰ ছয়জন ন্যায়াধীশেই অনুসূচিত জনজাতিৰ পুনৰ শ্ৰেণীবিভাজনৰ সপক্ষে ৰায় দিয়ে।
ইয়াৰ পূৰ্বে ২০০৪ চনত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মাজত পৃথক শ্ৰেণীবিভাজনৰ দাবী নাকচ কৰিছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে কৈছিল যে অনুসূচিসকল একেটা শ্ৰেণীতে অন্তৰ্ভুক্ত। গতিকে সেইবোৰক পৃথকে পৃথকে শ্ৰেণীভুক্ত কৰাৰ কোনো যুক্তি নাই। কিন্তু বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ৭ জনীয়া বিভাগীয় বিচাৰপীঠে অনুসূচিত জনজাতিৰ ভিতৰতো শ্ৰেণীবিভাজন প্ৰয়োজনীয় বুলি কয়।
লগতে পঢ়কঃ স্বপ্নীলৰ স্বপ্নপূৰণ! ইতিহাস ৰচনা কৰি পেৰিছ অলিম্পিকত শ্বুটিঙত লাভ কৰিলে ব্ৰঞ্জৰ পদক
উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে অনুসূচিত জাতিৰ মাজত বহু শ্ৰেণী আছে, ইয়াৰে কিছুমান আন শ্ৰেণীৰ তুলনাত পিছপৰা। সংৰক্ষণৰ সুবিধাৰ ব্যৱস্থা কৰিও এই শ্ৰেণীৰ বিকাশ সম্ভৱ হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া বিভাগীয় বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ বি আৰ গোভাই, ন্যায়াধীশ বেলা এম ত্ৰিবেদী, ন্যায়াধীশ পংকজ মিঠাল, ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা উপস্থিত আছিল।
দেশৰ সকলো অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ নাগৰিক সমশ্ৰেণীৰ অন্তৰ্গত নহয় বুলি ৭ জনৰ ভিতৰত ৬ জন ন্যায়াধীশে একমত প্ৰকাশ কৰে। গতিকে তেওঁলোকক পৃথকে পৃথকে শ্ৰেণীভুক্ত কৰিব পাৰি। কেৱল ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়েহে এইক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰে।
লগতে পঢ়কঃ ডেমকেয়াৰ! কোন এইগৰাকী ভাইৰেল অলিম্পিক পদক বিজয়ী শ্বুটাৰ? জানি আচৰিত হ’ব আপুনি
এই ৰায়ৰ দ্বাৰা দেশৰ সংৰক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হ’ব পাৰে। কাৰণ, তাৰ পিছত এখন ৰাজ্যই অনুসূচিত জাতি (SC) বা অনুসূচিত জনজাতি (ST) শ্ৰেণীবিভাজন কৰি বিভিন্ন শ্ৰেণীৰ বাবে পৃথকে পৃথকে সংৰক্ষণৰ প্ৰৱৰ্তন কৰিব পাৰে। সূচীত আৰু পিছ পৰি থকাসকলক অতিৰিক্ত সংৰক্ষণ দিয়া হ’ব পাৰে। কিন্তু সেই ক্ষেত্ৰত সামগ্ৰিক সংৰক্ষণৰ মাত্ৰা সলনি কৰিব নোৱাৰি।