• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ বিৰোধিতা আপৰ

চাহ জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰি বনিয়াক ভূমি হস্তান্তৰ কৰিছে চৰকাৰে-ডাঃ ভবেন চৌধুৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 2, 2024 3:41 pm
200
VIEWS
Share on FacebookShare on Twitter

এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত অসমৰ গৌৰৱ তথা বিশ্বৰ ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাজ গ্ৰুপ আৰু হায়াট্ গ্ৰুপৰ সৈতে বুজাবুজি কৰি অসম চৰকাৰে পঞ্চতাৰকা হোটেল স্থাপনৰ তৎপৰতা চলোৱাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । কাজিৰঙাৰ চাৰিসীমাৰ ভিতৰত বৃহৎ নিৰ্মাণ কাৰ্যই অভয়াৰণ্যৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা হেৰুওৱাৰ শংকাও প্ৰকাশ কৰে আপৰ নেতাগৰাকীয়ে।  ইতিমধ্যে কাজিৰঙাত হোটেল নিৰ্মাণৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম, এমালগেমেটেড প্লেন্টেচন প্ৰাইভেট লিমিটেড আৰু ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

আম আদমী পাৰ্টিৰ অভিযোগ কাজিৰঙা ভ্ৰমণৰ বাবে অহা দেশী বিদেশী পৰ্যটকৰ লাহ বিলাসৰ উদ্দেশ্যেই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বহিৰাগত বনিকগোষ্ঠীক অনুমতি প্ৰদান কৰা হৈছে। বিশ্বৰ আপুৰুগীয়া এশিঙীয়া গঁড়ৰ উপৰি বাঘ, হাতী, হৰিণাকে আদি কৰি বিভিন্ন বন্যপ্ৰাণীৰে ভৰপূৰ তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতি-কাষৰীয়া এলেকাৰ পৰা ইতিমধ্যেই চাহ জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা কৰা হৈছে। পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ কাজিৰঙাৰ হাতীখুলি চাহ বাগিছা অঞ্চলত যুগ যুগ ধৰি বসবাস কৰা ভূমিপুত্ৰ আদিবাসী সকলক উচ্ছেদ কৰা হৈছে। অসম চৰকাৰে অগণতান্ত্ৰিক ভাবে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ইনলে পথাৰত জনগোষ্ঠীটোৰ দখলত থকা ৬০ বিঘা মাটিত বলপূৰ্বক উচ্ছেদ চলাই পুঁজিপতিক গতাই দিব বিচাৰিছে। ৰাজ্যৰ ভূমিপুত্ৰ তথা চাহ জনগোষ্ঠীৰ লোক সকলক নিজৰ ঘৰ- মাটিৰ পৰা  উচ্ছেদ কৰি সেই স্থানত বিলাসী হোটেল নিৰ্মাণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আপে দাবী জনায়। আনহাতে হাতীখুলি চাহ বাগিছাৰ এই সমগ্ৰ এলেকাটো বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা সত্বেও অঞ্চলটোৰ স্থানীয় বিধায়ক, অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৰহস্যজনক নিৰৱতাক লৈও আপৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।  তদুপৰি কাজিৰঙাত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণে কাজিৰঙাৰ জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিব বুলিও আশংকা ব্যক্ত কৰে আপৰ নেতাগৰাকীয়ে। বন্যপ্ৰাণী থকা অভয়াৰণ্যৰ দাতিকাষৰীয়া এলেকা তথা বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা স্থানত এনে বৃহৎ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd