• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ বিৰোধিতা আপৰ

চাহ জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰি বনিয়াক ভূমি হস্তান্তৰ কৰিছে চৰকাৰে-ডাঃ ভবেন চৌধুৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 2, 2024 3:41 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত অসমৰ গৌৰৱ তথা বিশ্বৰ ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তাজ গ্ৰুপ আৰু হায়াট্ গ্ৰুপৰ সৈতে বুজাবুজি কৰি অসম চৰকাৰে পঞ্চতাৰকা হোটেল স্থাপনৰ তৎপৰতা চলোৱাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । কাজিৰঙাৰ চাৰিসীমাৰ ভিতৰত বৃহৎ নিৰ্মাণ কাৰ্যই অভয়াৰণ্যৰ বিশ্ব ঐতিহ্যৰ মৰ্যাদা হেৰুওৱাৰ শংকাও প্ৰকাশ কৰে আপৰ নেতাগৰাকীয়ে।  ইতিমধ্যে কাজিৰঙাত হোটেল নিৰ্মাণৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম, এমালগেমেটেড প্লেন্টেচন প্ৰাইভেট লিমিটেড আৰু ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

আম আদমী পাৰ্টিৰ অভিযোগ কাজিৰঙা ভ্ৰমণৰ বাবে অহা দেশী বিদেশী পৰ্যটকৰ লাহ বিলাসৰ উদ্দেশ্যেই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বহিৰাগত বনিকগোষ্ঠীক অনুমতি প্ৰদান কৰা হৈছে। বিশ্বৰ আপুৰুগীয়া এশিঙীয়া গঁড়ৰ উপৰি বাঘ, হাতী, হৰিণাকে আদি কৰি বিভিন্ন বন্যপ্ৰাণীৰে ভৰপূৰ তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতি-কাষৰীয়া এলেকাৰ পৰা ইতিমধ্যেই চাহ জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা কৰা হৈছে। পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ কাজিৰঙাৰ হাতীখুলি চাহ বাগিছা অঞ্চলত যুগ যুগ ধৰি বসবাস কৰা ভূমিপুত্ৰ আদিবাসী সকলক উচ্ছেদ কৰা হৈছে। অসম চৰকাৰে অগণতান্ত্ৰিক ভাবে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ইনলে পথাৰত জনগোষ্ঠীটোৰ দখলত থকা ৬০ বিঘা মাটিত বলপূৰ্বক উচ্ছেদ চলাই পুঁজিপতিক গতাই দিব বিচাৰিছে। ৰাজ্যৰ ভূমিপুত্ৰ তথা চাহ জনগোষ্ঠীৰ লোক সকলক নিজৰ ঘৰ- মাটিৰ পৰা  উচ্ছেদ কৰি সেই স্থানত বিলাসী হোটেল নিৰ্মাণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আপে দাবী জনায়। আনহাতে হাতীখুলি চাহ বাগিছাৰ এই সমগ্ৰ এলেকাটো বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা সত্বেও অঞ্চলটোৰ স্থানীয় বিধায়ক, অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৰহস্যজনক নিৰৱতাক লৈও আপৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।  তদুপৰি কাজিৰঙাত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণে কাজিৰঙাৰ জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিব বুলিও আশংকা ব্যক্ত কৰে আপৰ নেতাগৰাকীয়ে। বন্যপ্ৰাণী থকা অভয়াৰণ্যৰ দাতিকাষৰীয়া এলেকা তথা বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা স্থানত এনে বৃহৎ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd