• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে বিশেষ তদন্তকাৰী দলে! কি আছে ২১৪৪ পৃষ্ঠাৰ অভিযোগনামাত?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 24, 2024 1:42 pm
972
VIEWS
Share on FacebookShare on Twitter

আৰ জি কৰ গোচৰক লৈ দেশজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে বিশেষ তদন্তকাৰী দলে কৰ্ণাটকৰ জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথা প্ৰাক্তন বিধায়ক এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

এই দীঘলীয়া অভিযোগনামাত প্ৰজ্জ্বলৰ বিৰুদ্ধে সৰ্বোচ্চ অভিযোগ হৈছে ৪৭ বছৰীয়া এগৰাকী প্ৰাক্তন গৃহকৰ্মীক ধৰ্ষণ কৰা।

লগতে সেই গৃহকৰ্মী গৰাকীৰ কন্যাকো যৌন নিৰ্যাতন চলাইছিল প্ৰজ্জ্বল ৰেভান্নাই।

কেৱল এয়াই নহয়, যৌন কাৰ্যকলাপৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পিছত প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেৰে সেই ভিডিঅ’ ডিলিট কৰিছিল ৰেভান্নাই।

জিডিএছৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামীৰ ভাতৃ তথা প্ৰজ্জ্বলৰ পিতৃ এইচডি ৰেভান্নাৰ বিৰুদ্ধেও এছআইটিয়ে অভিযোগনামা দাখিল কৰিছে। লগতে কেইবাবাৰো গৃহকৰ্মীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে উক্ত যৌন নিৰ্যাতনৰ গোচৰত দাখিল কৰা এইখন প্ৰথমখন চাৰ্জশ্বীট।

যোৱা এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সমগ্ৰ দেশতেই ইয়াৰ প্ৰতিবাদ হৈছিল।

আদালতে প্ৰজ্জ্বলৰ বিৰুদ্ধে ধৰ্ষণ, যৌন নিৰ্যাতন, অসংখ্য মহিলাক নিৰ্যাতন আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে মাত্ৰ চাৰিখন এজাহাৰহে দাখিল কৰা হয়।

এই ঘটনা পোহৰলৈ অহাৰ পাছত ২৬ এপ্ৰিলত জাৰ্মানীলৈ পলায়ন কৰে প্ৰজ্জ্বলে।

৩১ মে’ত ভাৰতলৈ উভতি অহাৰ লগে লগে আৰক্ষীয়ে বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰ্তমান প্ৰজ্জ্বল বেংগালুৰুৰ এখন কাৰাগাৰত বন্দী হৈ আছে।

আদালতত দাখিল বিশেষ তদন্ত কমিটিয়ে ২১৪৪ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে। য’ত প্ৰায় ১৫০ জন লোকৰ সাক্ষ্য লিপিবদ্ধ কৰা হৈছে। এছ আই টিৰ চাৰ্জশ্বীটত প্ৰজ্জ্বলে চাৰিগৰাকী মহিলাক ধৰ্ষণ কৰা বুলি উল্লেখ আছে। লগতে ৭০ গৰাকী মহিলাৰ সৈতে যৌন কাৰ্যকলাপ ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। তেওঁ প্ৰায় ২০০০টা এনে ভিডিঅ’ ক্লিপ নিৰ্মাণ কৰিছিল।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd