• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী আৰক্ষীৰ হাতত আগতে গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন ৰ’ এজেণ্ট বিকাশ যাদৱ, কিন্তু কিয়?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 20, 2024 11:00 am
চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন এজেণ্ট বিকাশ যাদৱ। ফটোঃ সংগ্ৰহীত।

চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন এজেণ্ট বিকাশ যাদৱ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খলিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত বিকাশ যাদৱ। তেওঁ ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন এজেণ্ট হিচাপে পৰিচিত। ইতিমধ্যে এফ বি আইয়ে তেওঁক মষ্ট ৱাণ্টেড বুলি ঘোষণা কৰিছে। গ্ৰেপ্তাৰৰ পৰোৱানাও জাৰি কৰা হৈছে।

ইয়াৰ মাজতে বিকাশ যাদৱ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। এই প্ৰাক্তন চোৰাংচোৱাজনক ১০ মাহ পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ শাখাই অপহৰণ আৰু হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

কিন্তু বিকাশে এই বছৰৰ এপ্ৰিল মাহত জামিন লাভ কৰিছিল। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বিকাশ আৰু তেওঁৰ সংগীৰ বিৰুদ্ধে দিল্লী আৰক্ষীত গোচৰ ৰুজু কৰিছিল এজন ব্যৱসায়ীয়ে।

Apply Now

লগতে পঢ়কঃ ১১.৯৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত পত্নীসহ ৰেমো ডি’ চুজাকে ধৰি ৭জনৰ বিৰুদ্ধে FIR দাখিল

দিল্লীৰ ৰোহিনীৰ বাসিন্দা এই ব্যৱসায়ীজন তথ্য প্ৰযুক্তিৰ ব্যৱসায়ৰ সৈতে জড়িত। পশ্চিম এছিয়াৰ বিভিন্ন চহৰত তেওঁৰ ব্যৱসায় আছে। সেই ব্যৱসায়ৰ বাবেই এজন ব্যক্তিয়ে ব্যৱসায়ীজনক বিকাশ যাদৱৰ লগত চিনাকি কৰাই দিয়ে। তাৰ পিছত বিকাশে নিজকে চোৰাংচোৱা বুলি পৰিচয় দিয়ে। ব্যৱসায়ত সহায় পাব বুলি ভাবি দুয়োজনে ফোন নম্বৰ বিনিময় কৰে।

ব্যৱসায়ীজনে দিল্লী আৰক্ষীক জনোৱা মতে, ১১ ডিচেম্বৰত বিকাশে তেওঁক লোধি ৰোডলৈ মাতি ফোন কৰিছিল। তালৈ যোৱাৰ সময়ত তেওঁক অপহৰণ কৰি ডিফেন্স কলনীলৈ লৈ যোৱা হয়। তাতে বিকাশে ব্যৱসায়ীজনক কয় যে লৰেন্স বিষ্ণোই গেঙে তেওঁক হত্যা কৰাৰ কাম দিছে। ইয়াৰ পিছত বিকাশ আৰু তেওঁৰ সংগীয়ে ব্যৱসায়ীজনক মাৰপিট কৰি সোণৰ চেইন আৰু আঙঠিটো খুলি নিয়ে।

ব্যৱসায়ীজনে আৰক্ষীক জনোৱা মতে, টকাও লুটি নিয়ে। কেনেবাকৈ প্ৰাণ বচাই আহি বিকাশ আৰু তেওঁৰ সংগীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰে ব্যৱসায়ীজনে। সেই অভিযোগৰ ভিত্তিত বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে বিকাশ আৰু তেওঁৰ সংগীক গ্ৰেপ্তাৰ কৰিছিল। হত্যাৰ ষড়যন্ত্ৰ আৰু অপহৰণৰ দৰে গোচৰ ৰুজু কৰা হৈছিল।

লগতে পঢ়কঃ যুৱ এছিয়া কাপত ভাৰতে হৰুৱালে পাকিস্তানক; ৰুদ্ধশ্বাস মেচত ৭ ৰানত বিজয়ী তিলকবাহিনী

অৱশ্যে চলিত বৰ্ষৰ এপ্ৰিল মাহত মুক্তি লাভ কৰিছিল বিকাশে। অৱশ্যে কেন্দ্রীয় চৰকাৰে এফ বি আইক জনাইছে যে এতিয়া তেওঁৰ অৱস্থানৰ কোনো তথ্য নাই৷ আনকি নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে বিকাশ এতিয়া ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত নহয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd