• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অথলে গ’ল দ্বিতীয় ইনিংছৰ যুঁজ; নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৮ উইকেটত পৰাস্ত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2024 1:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেষ ভালেই সকলো ভাল। কিন্তু ভাৰতৰ বাবে সেয়া নহ’ল। ২৬ বছৰীয়া যুৱকজনৰ কেৰিয়াৰৰ প্ৰথমটো দুৰ্দান্ত শতকেও বচাব নোৱাৰিলে ভাৰতৰ মুখ! দৰাচলতে টেষ্ট ক্ৰিকেট যিমানেই ৰোমাঞ্চেৰে ভৰা নহওক কিয়, ক’ৰবাত গৈ বাস্তৱৰ ৰুঢ় স্থিতিত আত্মসমৰ্পন কৰিবলৈ বাধ্য। অন্যথা ক্ৰিকেটৰ সকলো ব্যাকৰণ অৰ্থহীন হৈ পৰিলহেঁতেন।

উল্লেখ্য যে বাংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত পৰাস্ত হৈছে ভাৰত। দ্বিতীয় ইনিংছত ঋষভ পন্ত আৰু সৰফৰাজ খানৰ অদম্য যুঁজে মুজুৰা পৰি যোৱা টেষ্টখনত প্ৰাণ সঞ্চাৰ কৰিছিল। সৰফৰাজৰ ১৫০ ৰান আৰু পণ্টৰ ৯৯ ৰানৰ ইনিংছত আত্মবিশ্বাসী ক্ৰিকেট অনুৰাগীয়ে অসম্ভৱক সম্ভৱ কৰি তোলাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। হয়তো কিছুমানে অনুভৱ কৰিবলৈ লৈছিল যে প্ৰথম ইনিংছত মাত্ৰ ৪৬ ৰাণত অল আউট হোৱাৰ পিছতো টেষ্টত জয়ী হ’ব পাৰি।

কিন্তু শেষত নিউজিলেণ্ডে নিজৰ স্নায়ু ধৰি ৰাখি মেচখনত সহজেই জয়লাভ কৰে। দৰাচলতে পন্ট-সৰফৰাজৰ সংগ্ৰামৰ পিছত দ্বিতীয় পৰ্যায়ত ভাৰতে আন এক দুৰ্যোগৰ সন্মুখীন হ’ল। দ্বিতীয় ইনিংছত ভাৰতৰ শেষৰ ৭টা উইকেট ৬২ ৰানত আউট হৈ যায়।

Apply Now

লগতে পঢ়কঃ যুৱ এছিয়া কাপত ভাৰতে হৰুৱালে পাকিস্তানক; ৰুদ্ধশ্বাস মেচত ৭ ৰানত বিজয়ী তিলকবাহিনী

একেখন মেচতে দুবাৰকৈ বিপৰ্যয়ৰ পিছত জয়ৰ সপোন দেখাটো শেষত অবাস্তৱ বুলিয়ে প্ৰমাণিত হ’ল। অৱশেষত বাংগালুৰু টেষ্টত ৮ উইকেটত জয়লাভ কৰে নিউজিলেণ্ডে।

দৰাচলতে ভাৰতৰ দ্বিতীয় ইনিংছত মূলধন আছিল মুঠ ১০৬ ৰান। সেই ৰানেৰে নিউজিলেণ্ডক বিশেষ বাধা দিব নোৱাৰাটো প্ৰত্যাশিতই আছিল। কিন্তু পন্ট-সৰফৰাজে দেখুওৱা সপোনটোক যশপ্ৰীত বুমৰাহে সজীৱ কৰি তুলিছিল। পঞ্চম দিনৰ দ্বিতীয় বলটোত নিউজিলেণ্ডৰ অধিনায়ক টম লেথামৰ উইকেট দখল কৰিছিল। মূৰৰ ওপৰত ডাৱৰ, হাতত নতুন বল, ভাৰতীয় পেচাৰ দুজনে প্ৰথম কেইটামান অভাৰত দুৰ্দান্ত বলিং কৰিলে।

কিন্তু ভাগ্যই কোনো সহায় কৰা নাছিল। বহু সময়ত অলপৰ বাবে বেটৰ কোণত বলটো নালাগিল, কিম্বা বহুবাৰ অলপৰ বাবে ষ্টাম্প মিছ হৈছিল। আচলতে সমগ্ৰ টেষ্টখনতে এনে বহু সংকীৰ্ণ মুহূৰ্ত ভাৰতৰ বিৰুদ্ধে গৈছে। নহ’লে হয়তো ফলাফল বেলেগ হ’লহেঁতেন৷

লগতে পঢ়কঃ বন্ধ হৈ যাব পাৰে আপোনাৰো WhatsApp! ইতিমধ্যে ভাৰতত নিষিদ্ধ কৰা হৈছে ৮৪ লাখ একাউণ্ট

যিয়েই নহওক, শেষ ভাল নহ’ল। প্ৰাৰম্ভিক আঘাত চম্ভালি ক্ৰীজত থাকিল নিউজিলেণ্ডৰ বেটছমেনসকল। বল পুৰণি হোৱাৰ লগে লগে ভাৰতীয় বলাৰৰ প্ৰভাৱ কমি আহিল। ফলত নিউজিলেণ্ডে ভাৰতে দিয়া লক্ষ্যত সহজে উপনীত হ’ল। ইয়ং (৪৫) আৰু ৰাচিন ৰবীন্দ্ৰই (৩৯) ধৈৰ্য্যৰে নিউজিলেণ্ডক বিজয়ী কৰিলে। ৩ খন মেচৰ শৃংখলাত নিউজিলেণ্ডে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিলে।

অৱশ্যে বাংগালুৰু টেষ্টত ভাৰতৰ ‘কামবেক’ ক্ৰিকেটপ্ৰেমীসকলে দীৰ্ঘদিনলৈ মনত ৰাখিব। প্ৰথম ইনিংছত ৪৬ ৰাণত অল আউট, ৩৫৬ ৰানত পিছ পৰি আছে, তাৰ পিছতো মেচত ঘূৰি আহিব পাৰে, প্ৰতিপক্ষই কঠিন যুঁজৰ সন্মুখীন হ’ব পাৰে, ই এই ভাৰতীয় দলৰ হাৰ নমনা মানসিকতাকে তুলি ধৰিছে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ৪৬, ৪৬২ (সৰফৰাজ ১৫০, পন্ট ৯৯)

নিউজিলেণ্ড: ৪০২, ১১০-২ (ইয়ং ৪৫, ৰেচিন ৩৯)

নিউজিলেণ্ডে ৮ উইকেটত জয়লাভ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd