প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা খেলিবলৈ নামিছিল নেকি ভাৰত? হোৱাই ৱাশ্ব হোৱাৰ পিছতে প্ৰশ্ন উত্থাপন কৰিলে শচীন টেণ্ডুলকাৰে। ঘৰৰ মাটিত ৩-০ ব্যৱধানত পৰাজয় হজম কৰাটো সহজ নহয় বুলি স্পষ্ট কৰি দিছে ক্ৰিকেটৰ ইশ্বৰে। এতিয়া সময় আহি পৰিছে, সমগ্ৰ ভাৰতীয় দলটোৱে আত্মসমালোচনা কৰিব লাগিব। অৱশ্যে মাষ্টাৰ ব্লাষ্টাৰে শুভমন গিল-ঋষভ পন্তক প্ৰশংসা কৰিবলৈও পাহৰা নাই।
মুম্বাইৰ বিশ্বকাপ জয়ৰ খেলপথাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱাইট ৱাশ্ব হৈছে টিম ইণ্ডিয়া। ২৪ বছৰৰ পাছত ঘৰৰ মাটিত বিধ্বস্ত হ’ববলগীয়া হৈছে ৰোহিত শৰ্মা বাহিনী। উল্লেখ্য যে ভাৰতে শেষবাৰৰ বাবে ঘৰুৰ মাটিত হোৱাইট ৱাশ্ব হোৱাৰ সময়ত শচীন আছিল মেন ইন ব্লুৰ অধিনায়ক। কিন্তু ২৪ বছৰৰ পাছতো তেওঁ ঘৰৰ মাটিত ভাৰতৰ দুৰ্দশা মানি ল’ব পৰা নাই। এক্স হেণ্ডেলত পোষ্ট দি হতাশা প্ৰকাশ কৰিছে ক্ৰিকেটৰ ইশ্বৰে।
ভাৰত পৰাজয়ৰ পিছত শচীনৰ প্ৰশ্ন, “ঘৰুৱা খেলপথাৰত ৩-০ ব্যৱধানত পৰাজয় হজম কৰাটো অতি কঠিন। আত্মসমালোচনা এইবাৰ কৰিবই লাগিব। কিন্তু ভাৰত কিয় এনেকৈ হাৰিব লগা হ’ল? পৰ্যাপ্ত প্ৰস্তুতি নাছিল নেকি? মেচ অনুশীলন কৰা নাছিল নেকি? নে বেটছমেনে বেয়া শ্বট খেলিয়েই উইকেট নিক্ষেপ কৰিলে? প্ৰশ্ন উত্থাপন কৰিব লাগিব।”
লগতে পঢ়কঃ Weight Loss Tips: কেতিয়াও এনেদৰে ওজন কমাবলৈ চেষ্টা নকৰিব! ভয়ানক হ’ব পাৰে ইয়াৰ ফল
অৱশ্যে শচীনে মুম্বাই টেষ্টত ঋষভ পন্তৰ দুৰ্দান্ত বেটিং আৰু শুভমন গিলৰ ক্ৰীজত টিকি থকাৰ প্ৰৱণতাক প্ৰশংসা কৰে। ৩-০ ব্যৱথানত জয়লাভ কৰাৰ পিছত নিউজিলেণ্ডক প্ৰশংসাও কৰিছে শচীনে।
শচীনৰ উপৰিও বীৰেন্দ্ৰ ছেহৱাগ আৰু যুৱৰাজ সিঙে ভাৰতীয় দলক সমালোচনা কৰিছে। ছেহৱাগৰ মতে, টেষ্ট ক্ৰিকেটত অপ্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন নাই। অষ্ট্ৰেলিয়াত ৰোহিত বাহিনী ডাঙৰ পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হ’ব, সেয়ে আত্মবিশ্বাস ঘূৰাই অনাটো প্ৰয়োজনীয় বুলিও বাৰ্তা দিছে যুৱৰাজে।