আজি চিআই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত গুৱাহাটীৰ বামুনিমৈদামস্থিত ই এছ আই-ৰ মাণ্ডলিক কাৰ্যলয়ৰ সন্মুখত বীমাকৃত শ্ৰমিকসকলে বৃহৎ বিক্ষোভ সংগঠিত কৰে। ESI অন্তভূৰ্ত্তিত ক্ষেত্ৰত মজুৰিৰ উৰ্দ্ধসীমা ৩৫০০ টকালৈ বৃদ্ধি কৰা, ESI অন্তভূৰ্ত্তিত ক্ষেত্ৰত দৰমহা নিৰ্ধাৰণ কৰোতে ভাত্তাসমূহ বাদ দিয়া, দুৰ্ঘটনাত পতিত হোৱা বীমাকৃত ব্যক্তিৰ ক্ষেত্ৰত ৰেফাৰেলৰ জটিলতা নাৰাখি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰা, প্ৰতিখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উপযুক্ত উন্নত মানৰ চিকিৎসা প্ৰদান কৰা, ICDS,NHM, POSHAN(MID DAY MEAL) ৰ কৰ্মচাৰীসকলক ESI ৰ সুবিধা প্ৰদান কৰা, বেলতলাৰ আৰ্হিত প্ৰস্তাৱিত তিনিচুকীয়া আৰু শিলচৰতো ESI চিকিৎসালয়ৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা আদি শ্লোগান দি উত্তাল কৰে মাণ্ডলিক সঞ্চালকৰ কাৰ্যলয়।
বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য ৰাখে চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, উপসভাপতি বীৰেণ শৰ্মা, পেট্ৰ’লিয়াম এণ্ড গেছ ৱাৰ্কাৰ্চ ফেডাৰেচনৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক নগেন চুতীয়া, চি আই টি ইউৰ মহানগৰ জিলাৰ সম্পাদক আলী আকবৰ, ঠিকা শ্ৰমিক ইউনিয়নৰ নেতা দিলিপ ৰায়, বিজয় বসুমতাৰী, বিজয় গগৈ, মনিপুৰৰ নাৰায়ন, সঞ্জীৱ মোহনে। ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ শিল্প প্ৰতিষ্ঠানৰ শ্ৰমিকসকল হ’ল ই এছ আই আঁচনিৰ মূল অংশীদাৰ। নিশ্চিতভাৱে এই ই এছ আই শ্ৰমিক কৰ্মচাৰীৰ বাবে অতিশয় জৰুৰী অৰু অতিশয় আৱশ্যকীয় সামাজিক সুৰক্ষামূলক সেৱা। যে বহু সময়ত বীমাকৃত শ্ৰমিকসকলে প্ৰয়োজনীয় ESI স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। ৰাজহুৱা খণ্ডত ঠিকা পদ্ধতিত কৰ্মৰত আক বৃহৎ অংশৰ ঠিকা শ্ৰমিক সংগ্ৰাম কৰি কিছু মজুৰি বৃদ্ধি কৰি লবলৈ সক্ষম হৈছে। যিসকলে মাহিলি ২১০০০ টকাৰ বেছি পায়। ESI অন্তভুক্তিৰ এই উৰ্দ্ধসীমা ২১০০০ টকা হৈ থকাত উল্লেখিত শ্ৰমিকসকল ESI সুবিধাৰ পৰা বঞ্চিত হৈছে।
আনহাতে বীমাকৃত শ্ৰমিক কৰ্মৰত অৱস্থাত অথবা কৰ্মক্ষেত্ৰত আহোতে-যাওঁতে দুৰ্ঘটনাত পতিত হলে, বহু সময়ত ESI চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগা হয়। ESI চিকিৎসালয়ৰ প্ৰেৰণ সেৱাত প্ৰযোজ্য হৈ থকা কঠোৰ পদ্ধতিৰ বাবেই এইদৰে বঞ্চিত হয়। প্ৰাথমিক চিকিৎসালয় বোৰত ( ESI Dispensaries) উপযুক্ত ব্যৱস্থা এতিয়াও সুলভ নহয়।
একেদৰে কন্দ্ৰীয় চৰকাৰৰ তিনিখন আঁচনি ICDS, NHM, POSHAN, (MID DAY MEAL) কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলক ই এছ আই অন্তৰ্ভুক্ত কৰাটো জৰুৰী। অসমত ২ লাখ ৭১ হাজাৰ তেনে কৰ্মচাৰী আছে যি সকলে কোনো ধৰণৰ চিকিৎসা সাহায্য নাপায় আৰু কোনো স্বাস্থ্যবীমা আঁচনিক দ্বাৰা উপকৃত নহয়।
চি আই টি ইউ অসম ৰাজ্যিক কমিটিয়ে ই এছ আই সম্পৰ্কত উল্লেখিত সমস্যাসমূহৰ দাবীসম্বলিত এক স্মাৰক পত্ৰ বামুনিমৈদামস্থিত ই এছ আই-ৰ মাণ্ডলিক সঞ্চালকৰ জৰিয়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ প্ৰেৰণ কৰে। মাণ্ডলিক সঞ্চালক সন্মানীয় ৰবাৰ্ট লিয়ানচিয়াম গেইট ডাঙৰীয়াই স্মাৰক পত্ৰ গ্ৰহণ কৰি তেখেতৰ আওতাত থকা সমস্যাকেইটা অতিশীঘ্ৰে সমাধানৰ পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।