• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়াধীশসকল ফেচবুকত কিয়! সন্ন্যাসীৰ দৰে জীৱনশৈলী আৰু অক্লান্ত পৰিশ্ৰমৰ বাৰ্তা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2024 11:50 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায়াধীশসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত সংযমী হওক আৰু অনলাইনত নিজৰ ৰায় বা মতামত প্ৰকাশ কৰাৰ পৰা বিৰত থাকক— এনে এক  সতৰ্কবাণী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। শীৰ্ষ আদালতখনে কয় যে ন্যায়াধীশৰ জীৱনত শ্ব’অফৰ কোনো স্থান নাই। তেওঁলোকে সন্ন্যাসীৰ দৰে জীৱন কটাব লাগে আৰু ঘোঁৰাৰ দৰে নিষ্ঠাসহকাৰে কাম কৰা উচিত।

ন্যায়াধীশ বি.বি.নাগাৰত্ন আৰু এন.কোটিশ্বৰ সিঙৰ বিচাৰপীঠে কয় যে, ‘ন্যায়পালিকাৰ শীৰ্ষত বহি থকা আইন ৰক্ষাকাৰীসকলে ফেচবুক ব্যৱহাৰ কৰাই উচিত নহয়। তেওঁলোকৰ ৰায়ৰ বিষয়ে ক’তো কোনো মন্তব্য কৰাটো সঠিক নহয়। কাৰণ, আগন্তুক দিনত যদি কোনো গোচৰত সেই ৰায় উত্থাপন হয়, তেন্তে ন্যায়াধীশৰ পূৰ্বৰ মন্তব্যৰ ভিত্তিত পক্ষপাতিত্বৰ অভিযোগ উঠিব পাৰে।’

Apply Now

শেহতীয়াকৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে অদিতি কুমাৰ শৰ্মা আৰু সৰিতা চৌধুৰী নামৰ দুগৰাকী মহিলা ন্যায়াধীশক বৰ্খাস্ত কৰিছে। তেওঁলোকৰ বিৰুদ্ধে গোচৰৰ সৈতে জড়িত বিষয় ফেচবুকত পোষ্ট কৰাৰ অভিযোগ আছে। সেই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

লগতে পঢ়কঃ ‘বিদেশলৈ গ’লে লাজতে মুখ লুকুৱাই ৰাখোঁ’-কিয় এনেকৈ ক’লে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে?

আদালতে কয়, ‘ছ’চিয়েল মিডিয়া হৈছে এটা মুকলি মঞ্চ, মুকলি বজাৰৰ দৰে। ন্যায়াধীশসকলে সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিব লাগিব আৰু অক্লান্ত পৰিশ্ৰম কৰিব লাগিব। ফেচবুকৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়।’

২০২৩ চনৰ নৱেম্বৰ মাহত ছয়গৰাকী মহিলা ন্যায়াধীশক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘটনাত নিজাববীয়াকৈ উচ্চতম ন্যায়ালয়ে এই বিষয়টো গ্ৰহণ কৰিছিল। মধ্যপ্ৰদেশৰ আদালতে সেই ছয়জনৰ চাৰিজনক চৰ্তসাপেক্ষে পুনৰ নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়। অৱশ্যে বাকী দুজনৰ গোচৰ এতিয়া উচ্চতম ন্যায়ালয়ত আছে।

উচ্চতম ন্যায়ালয়ৰ এই বক্তব্যক সমৰ্থন কৰি গোচৰটোত অংশগ্ৰহণ কৰা জ্যেষ্ঠ অধিবক্তাগৰাকীয়েও কয় যে ন্যায়িক কামৰ সৈতে জড়িত কোনো বিষয় ফেচবুকত ন্যায়াধীশ বা ন্যায়িক কৰ্মচাৰীয়ে শ্বেয়াৰ কৰিব নালাগে।

লগতে পঢ়কঃ সদ্যজাত যুৱকৰ বিশ্বজয়ত মুগ্ধ দেশবাসী! ডিং লিৰেনক পৰাস্ত কৰি বিশ্ব দবাৰ চেম্পিয়ন গুকেশ

অভিযুক্ত ন্যায়াধীশ অদিতি শৰ্মাৰ কৰ্মক্ষমতাৰ ওপৰত উচ্চ ন্যায়ালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৯-২০ চনৰ পৰা তেওঁৰ কৰ্মক্ষমতা ‘অতি ভাল’ আৰু ‘ভাল’ৰ পৰা ক্ৰমে ‘গড় পৰ্যায়’ আৰু ‘দুৰ্বল’লৈ হ্ৰাস পায়। ২০২২ চনত তেওঁৰ গোচৰ নিষ্পত্তিৰ হাৰ আছিল অতি কম। অৱশ্যে উচ্চ ন্যায়ালয়ত অদিতি শৰ্মাই জনায় যে ২০২১ চনত তেওঁৰ মিছ কেৰিয়েজৰ বলি হয় আৰু তেওঁৰ ভাতৃৰ কৰ্কট ৰোগ ধৰা পৰিছিল, যাৰ ফলত তেওঁৰ কামত প্ৰভাৱ পৰিছিল। ফেচবুকৰ অতিসক্ৰিয়তাও তাৰ বাবেই ঘটিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd