দিল্লীৰ বিদ্যালয়ত ভুৱা বোমাৰ ভাবুকিৰ তদন্ত কৰি থকা অৱস্থাত আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰে। যি ই-মেইল আইডিৰ পৰা ভাবুকি প্ৰেৰণ কৰা হৈছিল, সেই ই-মেইল আইডিটো ভালদৰে পৰীক্ষা কৰি আৰক্ষীয়ে এগৰাকী বিদ্যালয়ৰ ছাত্ৰৰ সন্ধান পায়। জানিব পৰা মতে তেওঁ দিল্লীৰ আৰ কে পুৰম স্কুলৰ ছাত্ৰ। ইমেইলটোত তেওঁৰ বিদ্যালয় ভৱনটো উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। ছাত্ৰজনৰ এই কাণ্ডত তদন্তকাৰীসকলো স্তম্ভিত হৈ পৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ছাত্ৰজনে কেৱল ধেমালিৰ চলেৰে নিজৰ বিদ্যালয় ভৱনটো উৰুৱাই দিয়াৰ ভাবুকি দিছিল। আই পি ঠিকনা ট্ৰেচ কৰি তেওঁৰ ঘৰত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ ই-মেইল প্ৰেৰণ কৰা বুলি স্বীকাৰ কৰে।
জনা গৈছে যে সেই ছাত্ৰজনৰ কাউন্সেলিং আৰম্ভ হৈছে। ধেমালিৰ চলেৰে তেওঁ কিয় এনে মাৰাত্মক ঘটনা সংঘটিত কৰিলে সেয়া জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। তদন্তকাৰীয়ে তেওঁক কিহে প্ৰেৰণা দিলে, কিয় এনে চিন্তা তেওঁৰ মনলৈ আহিল, সেই বিষয়েও অন্বেষণ কৰিছে। সদ্যহতে ল’ৰাটোক পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰাই পঠোৱা হৈছে। অৱশ্যে মনোবিজ্ঞানীসকলে পৰিয়ালটোক শিশুটিৰ ওপৰত অধিক দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে।
কিন্তু আৰক্ষীৰ সূত্ৰ অনুসৰি দিল্লীৰ কেইবাখনো বিদ্যালয়ত বাৰে বাৰে ভুৱা বিস্ফোৰণৰ ভাবুকিৰ লগত এই ছাত্ৰজনৰ কোনো সম্পৰ্ক নাই। এই ছাত্ৰজনে কেৱল নিজৰ স্কুল আৰ কে পুৰমলৈ এটা ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰিছিল।
বিগত এসপ্তাহত দিল্লীৰ ৪৭খন বিদ্যালয়ত ভুৱা বোমাৰ ভাবুকিৰ বাৰ্তাক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। দুদিনৰ মূৰে মূৰে এনে বিস্ফোৰণৰ ভাবুকিৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ শংকিত হৈছে।
অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি সকলো মেইল ভুৱা। সংবাদ মাধ্যমত বা সহপাঠীৰ পৰা এই ভাবুকিৰ কথা শুনি ছাত্ৰজনে হয়তো ধেমালি হিচাপে নিজৰ বিদ্যালয়লৈ বিস্ফোৰণৰ বিষয়ে ই-মেইল প্ৰেৰণ কৰিছিল। তদন্তকাৰীসকলে তেনে অনুমানকে কৰিছে।