জৰ্জিয়াৰ এখন পাহাৰীয়া ৰিজ’ৰ্টৰ এখন ৰেষ্টুৰেণ্টত উদ্ধাৰ হৈছে ১২টা মৃতদেহ। ইয়াৰে ১১ জন ভাৰতীয়। সেইটোৱেই জনোৱা হৈছে। ভাৰতীয় উচ্চায়ুক্তই এই কথা নিশ্চিত কৰিছে। প্ৰাথমিক অনুসন্ধানৰ পৰা অনুমান কৰা হৈছে যে কাৰ্বন মনোক্সাইডৰ বিষক্ৰিয়াত তেওঁলোকৰ মৃত্যু হ’ব পাৰে।
জৰ্জিয়াৰ ৰাজধানী টিবিলিচিৰ এই ৰিজৰ্টত কৰুণ ঘটনাটো সংঘটিত হৈছে। কাৰ্বন মনোক্সাইডত শ্বাসৰুদ্ধ হৈয়েই সম্ভৱতঃ তেওঁলোকৰ মৃত্যু হৈছে।
১৬ ডিচেম্বৰত জৰ্জিয়াত থকা ভাৰতীয় মিছনে এক বিবৃতি জাৰি কৰিছে। ইয়াত কোৱা হৈছে, জৰ্জিয়াত ১১ জন ভাৰতীয়ৰ মৃত্যুত আমি দুখী। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ মৃতদেহ ভাৰতলৈ প্ৰেৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে। শোকসন্তপ্ত পৰিয়ালৰ সৈতে যোগাযোগ বজাই ৰখা হৈছে, সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইফালে, জৰ্জিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ১৪ ডিচেম্বৰত এক বিবৃতিত কয় যে এই ঘটনাত কোনো ধৰণৰ আঘাত বা হিংসাৰ চিন পোৱা হোৱা নাই।
ইফালে স্থানীয় সংবাদ মাধ্যমে আৰক্ষীৰ উদ্ধৃতি দি কয় যে সকলোকে কাৰ্বন মনোক্সাইডৰ বিষক্ৰিয়াত মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে।
এখন ভাৰতীয় ৰেষ্টুৰেণ্টৰ তৃতীয় মহলাত উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ। সকলোৱে তাত কাম কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰথম অৱস্থাত গম পোৱা গৈছিল যে ভিতৰত এটা পাৱাৰ জেনেৰেটৰ আছে। সেইটো শোৱা কোঠাৰ ওচৰতে আছিল। শুকুৰবাৰে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ পিছত সম্ভৱতঃ সোইটো চলোৱা হৈছিল।
কিন্তু জৰ্জিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে প্ৰকৃততে কেনেকৈ তেওঁলোকৰ মৃত্যু ঘটিল সেয়া জানিবলৈ ফৰেনছিক দল এটাই এই মৃত্যুৰ তদন্ত কৰি আছে। উল্লেখ্য যে এই ৰিজৰ্টখন বৰ জনপ্ৰিয়। তাতেই ঘটিল মৰ্মান্তিক ঘটনাটো।





