উমৰাংছুৰ অবৈধ কয়লা খনিত শ্ৰমিক আৱদ্ধ হৈ পৰাৰ সময়তে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰোধী প্ৰতিবাদে চৰম পৰ্যায় পাইছেগৈ। দেৱলাল গাৰ্লোচাক ক্ষমতাৰ পৰা অপসাহৰণৰ দাবীৰে খোদ হাজাৰ বিজেপিৰ নেতা-কৰ্মীৰ প্ৰতিবাদে উত্তাল কৰি তুলিছে ডিমা হাছাও। মংগলবাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীত হাজাৰ হাজাৰ বিজেপি নেতা কৰ্মীয়ে ৰাজপথ উত্তাল কৰি তোলে। স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ একনায়কত্ববাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনেৰে আজি হাফলঙৰ আকাশ-বতাহ মুখৰ কৰি তোলে বিজেপি নেতা-কৰ্মীসকলে। দেৱলাল গাৰ্লোছাক অপসাৰণ নকৰালৈ এই আন্দোলন অব্যাহত থাকিব বুলিও প্রতিবাদকাৰীসকলে হুংকাৰ দিয়ে।
হাতে হাতে বিজেপিৰ পতাকা লৈ প্রতিবাদকাৰীসকলে ‘দেৱলাল গাৰ্লোছা মূৰ্দাবাদ’, ‘দেৱলাল হটাও বিজেপি বচাও’, ‘দেৱলাল হটাও ডিমা হাচাও বচাও’, ‘দেৱলালৰ দুৰ্নীতি একনায়কত্ববাদ নচলিব’, ‘দেৱলাল গাৰ্লোছা গ’ বেক’ আদি শ্ল’গানেৰে উত্তাল কৰিলে হাফলঙৰ আকাশ।
উল্লেখ্য যে মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ অপসাৰণৰ দাবীত বিগত কিছুদিনৰ পৰাই হাফলঙত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে জিলাখনৰ খোদ বিজেপিৰ নেতা কৰ্মীসকলে। তেওঁলোকৰ দাবী যে দেৱলাল গাৰ্লোছাই বিজেপিক শেষ কৰি ইয়াত দেৱলাল পাৰ্টি খুলিছে। যোৱা ৭ বছৰ ধৰি দেৱলালে স্বায়ত্তশাসিত পৰিষদখনক পৈতৃক সম্পত্তিৰূপে ব্যৱহাৰ কৰি একনায়কত্ববাদ চলাই আহিছে। তেওঁ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ছিণ্ডিকেটৰ পোহাৰ মেলিছে।
আনহাতে পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সমৰজিৎ হাফলংবাৰে ‘দেৱলাল গাৰ্লোছাক অপসাৰণ দাবী কৰি কয় যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক বিষয়টোক গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয় যে দেৱলাল গাৰ্লোছাই সকলোতে ছিণ্ডিকেট চলাইছে। বালি, শিল, কয়লা, কাঠ আদি সকলোতে ছিণ্ডিকেটৰাজ চলিছে। কোনোধৰণৰ নীতি-নিয়ম নামানি দুৰ্নীতি, কেলেংকাৰীৰ চূড়ান্ত সীমা পাৰ কৰিছে। আমি বিজেপি নেতৃত্বক বাৰম্বাৰ জনোৱাৰ পিচতো দেৱলালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
উমৰাংছু অবৈধ কয়লা খনিৰ সৈতে দেৱলাল গাৰ্লোচাৰ পত্নী মণিকা গাৰ্লোচা জড়িত বুলিও দাবী কৰে সমৰজিৎ হাফলংবাৰে। সমৰজিৎ হাফলংবাৰৰ দাবী – দেৱলালৰ পত্নী হ’ল এগৰাকী কয়লা ব্যৱসায়ী। কোনো নীতি-নিয়মনামানি তেওঁলোকে তাত কয়লা খনন কৰিছে। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাউলংঘা কৰা হেছে। ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে। বিজেপিৰ মুখ্য কাৰ্যবাহী নেতাৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে খোদ বিজেপিৰ হাজাৰ হাজাৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিতে নজিৰবিহীন ঘটনাৰূপে বিবেচিত হৈছে। হাজাৰ হাজাৰ বিজেপিৰ নেতা-কৰ্মীৰ এই প্ৰতিবাদে বিজেপিৰ নেতাসকল যে আকণ্ঠ দুৰ্নীতিত ডুব গৈ আছে সেই কথাকে প্ৰতিপন্ন কৰিছে বুলিও চৰ্চা চলিছে।