আজিকালি জীৱনশৈলীৰ পৰিবৰ্তনৰ বাবে সঘনাই হৃদৰোগত ভোগা দেখা যায়। খুব কম বয়সতে হৃদৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও শেহতীয়াকৈ বাঢ়ি আহিছে। সেয়ে সকলোৱে সাৱধান হোৱা উচিত। হৃদতন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাৰ বাবে সকলোৱে কিছুমান কথা মনত ৰখা দৰকাৰ। সেয়ে আজি আপোনালোকলৈ লৈ আহিছে হৃদতন্ত্ৰৰ যত্ন সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ তথ্য –
১। ঔষধৰ সময়মতে সেৱন
ক) চিকিৎসকে দিয়া ঔষধবোৰ সময়মতে খাব লাগে। ঔষধ এৰাই চলিলে বা সময়ত নাখালে সমস্যা হ’ব পাৰে।
২। সঠিক খাদ্যাভ্যাস
ক) কম চৰ্বিযুক্ত আৰু কম লৱণযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে
খ) শাক-পাচলি, ফল-মূল, গোট শস্য আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।
গ) প্ৰ’চেচড খাদ্য, ফাষ্ট ফুড, মদপান আৰু ধূমপান এৰাই চলিব লাগে।
৩। শাৰীৰিক কাৰ্যকলাপ
ক) চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যায়াম কৰিব লাগে, যেনে খোজ কঢ়া, যোগাভ্যাস আদি।
খ) হৃদৰোগীয়ে কষ্টকৰ অথাৎ কঠোৰ ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰা উচিত নহয়।
৪। মানসিক চাপ নিয়ন্ত্ৰণ
ক) মানসিক চাপ হৃদৰোগৰ বাবে ক্ষতিকৰ। ধ্যান, যোগাভ্যাস, বা আন কোনো কাৰ্যকলাপৰ জৰিয়তে চাপ নিয়ন্ত্ৰণ কৰিব লাগে।
৫। নিয়মীয়া চেক-আপ
ক) চিকিৎসকৰ সৈতে নিয়মীয়া চেক-আপ কৰিব লাগে। ৰক্তচাপ, ক’লেষ্টেৰল, আৰু শৰীৰৰ অন্যান্য দিশসমূহত মনোযোগ দিব লাগে।
৬। ধূমপান আৰু মদ্যপান ত্যাগ
ক) ধূমপান আৰু মদ্যপান হৃদৰোগৰ বাবে অতি বিপদজনক। ইয়াক সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগে।
৭। ওজন নিয়ন্ত্ৰণ
ক) স্বাস্থ্যকৰ ওজন বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। অতিৰিক্ত ওজনে হৃদৰোগ সম্ভাৱনা বৃদ্ধি কৰে।
৮। পৰ্যাপ্ত বিশ্ৰাম
ক) পৰ্যাপ্ত সময় টোপনি যাব লাগে। নিদ্ৰাহীনতা হৃদৰোগৰ বাবে ক্ষতিকৰ।
৯। লক্ষণসমূহৰ প্ৰতি সচেতন হ’ব লাগে
ক) বুকুৰ বিষ, শ্বাসকষ্ট, অত্যধিক ঘাম ওলোৱা আদি লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
১০। পৰিয়ালৰ সহায়
ক) পৰিয়ালৰ সদস্যসকলে হৃদৰোগীৰ যত্ন লোৱাত সহায় কৰিব লাগে। মানসিক সমৰ্থনো অতি গুৰুত্বপূৰ্ণ।
হৃদৰোগীৰ যত্ন লোৱাটো এক ধৈৰ্য্য আৰু দায়িত্বৰ কাম। চিকিৎসকৰ পৰামৰ্শমতে চলিলে হৃদৰোগী এজনে সুস্থ জীৱন যাপন কৰিব পাৰে।