ভাৰতীয় নিৰ্বাচন আয়োগে বিভিন্ন ৰাজ্যৰ ভোটাসকলৰ একেধৰণৰ ভোটাৰ ফটো পৰিচয় পত্ৰ (ইপিআইচি) নম্বৰ থকালৈ সৃষ্টি হোৱা উদ্বেগ সন্দৰ্ভত স্পষ্ট কৰি দিছে যে, ই ডুপ্লিকেট বা ভুৱা ভোটাৰ ইংগিত বহন নকৰে।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত একেধৰণৰ ইপিআইচি নম্বৰক কেন্দ্ৰকৰি চলি থকা চৰ্চাৰ মাজতে নিৰ্বাচন আয়োগে ২ মাৰ্চ দেওবাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইপিআইচি নম্বৰ একে হলেও ভোটাৰসকলে পঞ্জীয়ন কৰা সমষ্টিটোৰ নিজৰ নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰতহে ভোটদান কৰিব পাৰিব।
বিগত নিৰ্বাচনী তালিকা পৰিচালনাৰ পদ্ধতিৰ পৰাই এই বিষয়টৱে চৰ্চা লাভ কৰিছে। ইৰ’নেট প্লেটফৰ্মলৈ(ERONET platform) পৰিৱৰ্তনৰ পূৰ্বে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিকেন্দ্ৰীকৃতভাবে বিষয়া সকলে ইপিআইচি নম্বৰ নিৰ্ধাৰণ কৰিছিল। সেয়ে মাজে মাজে একাধিক ৰাজ্যত একেটা আলফানিউমেৰিক শৃংখলা ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত বিভিন্ন অঞ্চলৰ ভোটাৰসকলক একেধৰণৰ ইপিআইচি নম্বৰ দিয়া হৈছিল।
এই সমস্যা সমাধানৰ বাবে ইচিআইয়ে প্ৰতিজন ভোটাৰে একক ইপিআইচি নম্বৰ লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এনেধণৰ বিসংগতি সমূহ ERONET 2.0 ব্যৱস্থাৰ জৰিয়তে সংশোধন কৰা হ’ব। এই ব্যৱস্থাটোৱে শুধৰণি প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ লগতে ভৱিষ্যতে এনেধৰণৰ সমস্যা সমাধান কৰিব।