গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্ৰীভূমিৰ পাথাৰকান্দিত পঞ্জীয়নভুক্ত ৫৪/২০২৫ নম্বৰ গোচৰৰ সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়ৰ (ইউ এছ টি এম) আচাৰ্য মহবুবুল হকৰ জামিন মঞ্জুৰ কৰিছে। অৱশ্যে দ্বিতীয়টো গোচৰত (৫৫/২০২৫) তেওঁৰ জামিন আবেদনৰ শুনানি কাইলৈ হ’ব।
যোৱা শুকুৰবাৰে আদালতে হ’কৰ জামিন আবেদনৰ ওপৰত বিস্তৃত শুনানি গ্ৰহণ কৰিছিল আৰু দীৰ্ঘদিনীয়া কাৰ্য্যবিধিৰ পিছত সোমবাৰৰ ভিতৰত বিষয়টো নিষ্পত্তি কৰিব বুলি কৈছিল।
যোৱা ২১ ফেব্ৰুৱাৰীত শ্ৰীভূমি আৰক্ষীয়ে হকক গ্ৰেপ্তাৰ কৰি পিছত অধিক তদন্তৰ বাবে দিছপুৰ থানালৈ আনিছিল।
ইপিনে, ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে আৰ্থিক অনিয়মৰ অভিযোগ খণ্ডন কৰি দৃঢ়তাৰে কয় যে সমগ্ৰ উত্তৰ-পূবৰ সমস্যাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ লক্ষ্যৰে “ভিজন ৫০” পদক্ষেপৰ অধীনত ৮০% ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়খনত বিনামূলীয়াকৈ নামভৰ্তি লাভ কৰে।
শনিবাৰে শ্ৰীভূমি জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত সাংবাদিকৰ আগত কয় হকে কয়, “ভিজন ৫০ কোনো ব্যৱসায়িক উদ্যোগ নহয় বৰঞ্চ ই আৰ ডি ফাউণ্ডেশ্যনৰ গ্ৰাম্য ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰা অভিযানৰ অংশ। ধন লোৱাৰ কোনো প্ৰশ্নই নুঠে।’
দেওবাৰে পাঁচ দিনীয়া আৰক্ষীৰ জিম্মা শেষ হোৱাৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় হকক। অসম চৰকাৰে উত্থাপন কৰা অভিযোগক উদ্দেশ্যি তেওঁ কয়, “এয়া আইনী বিষয় আৰু আদালতত যুক্তি দাখিল কৰা হ’ব।”
পৰীক্ষাৰ অসৎ পদ্ধতিৰ দাবীৰ উত্তৰত হকে বিশ্ববিদ্যালয়খনৰ স্থিতিৰ পক্ষত দৃঢ়তাৰে কয় যে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে অন্যায় পদ্ধতি অৱলম্বন কৰাৰ চেষ্টা কৰিলেও ইউ এছ টি এমৰ শিক্ষকসকলে ইয়াক ৰোধ কৰিবলৈ ব্যৱস্থা লয়। তেওঁ কয়, ‘আমি আমাৰ শিক্ষকসকলক সততা বজাই ৰখাৰ বাবে পুৰস্কৃত কৰা উচিত, তেওঁলোকক প্ৰশ্ন কৰা উচিত নহয়।‘
উল্লেখ্য যে পাথাৰকান্দি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই উৎকোচৰ বিনিময়ত শিক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰি এফআইআৰ দাখিল কৰাৰ পিছতে হক আৰু আন পাঁচজন শিক্ষকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত হীৰামণি শইকীয়া (অধ্যক্ষ, কেন্দ্ৰীয় পাব্লিক স্কুল), বিজয় দত্ত, ৰেজাক আলী, ইমদাদুৰ ৰহমান আৰু নুমান আহমেদ (শিক্ষক) অন্যতম।
ইপিনে, সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে হকৰ প্ৰথমটো গোচৰত জামিন প্ৰদান কৰাৰ বিপৰীতে একেদিনাই দ্বিতীয়টো গোচৰৰ বাবে তেওঁৰ জামিন আবেদন দাখিল কৰা হ’ব।