কানাডাৰ পৰা আমদানি কৰা দুগ্ধজাত সামগ্ৰীৰ ওপৰত ২৫০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইতিমধ্যে কানাডাই আমেৰিকাৰ পৰা আমদানি কৰা দুগ্ধজাত সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে, যিটো ২৫০ শতাংশৰ ওচৰত। কানাডাই যদি শুল্ক হ্ৰাস নকৰে তেন্তে আমেৰিকাই সমান শুল্ক আৰোপ কৰিব বুলি সকীয়াই দিছে ট্ৰাম্পে। শুকুৰবাৰে (পূব সময়) অ’ভেল অফিচৰ পৰা ট্ৰাম্পে কয় যে এতিয়াও এই শুল্ক আৰোপ কৰিব পৰা যাব। সোমবাৰ বা মঙলবাৰলৈকে অপেক্ষা কৰাটোও সম্ভৱ হ’ব পাৰে। ট্ৰাম্পে অভিযোগ কৰে যে কানাডাই দুগ্ধজাত সামগ্ৰীৰ ওপৰত আৰু লগতে কাঠ আমদানিৰ ওপৰতো উচ্চ শুল্ক আৰোপ কৰে। সেই ক্ষেত্ৰত তেওঁ কানাডাৰ দৰে একে স্তৰৰ কাঠৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে।
আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছত তেওঁৰ শুল্ক নীতিক লৈ আলোচনা আৰম্ভ হৈছে। তেওঁ কানাডা, মেক্সিকো, চীনৰ বিভিন্ন সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। যদিও আমেৰিকাই বৰ্তমান কানাডা আৰু মেক্সিকান সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা নাই। দুয়োখন দেশৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত ২ এপ্ৰিললৈ পিছুৱাই দিছে ট্ৰাম্পে। এই সিদ্ধান্তৰ ২৪ ঘণ্টা নৌহওঁতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কানাডাক শুল্ক সন্দৰ্ভত নতুন সতৰ্কবাণী জাৰি কৰে। তেওঁ কয় যে, ‘কানাডাই বছৰ বছৰ ধৰি কাঠ আৰু দুগ্ধজাত সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰি আমাক চেপি ধৰিছে। যদিহে কানাডাই এইবাৰ শুল্ক হ্ৰাস নকৰে তেন্তে তেওঁলোকৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰা হ’ব।’
দৰাচলতে কানাডাত দশক দশক ধৰি চলি অহা ঘৰুৱা নীতিয়ে দেশখনৰ দুগ্ধজাত সামগ্ৰীৰ আমদানিৰ ওপৰত প্ৰভাৱ পেলাইছে। সেইবাবেই কানাডাই আমদানিকৃত দুগ্ধজাত সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক লয়। কানাডাৰ এই নীতি হৈছে কানাডাৰ দুগ্ধ ব্যৱসায়ীসকলক যাতে বহিঃৰাজ্যৰ পৰা আমদানি কৰা সামগ্ৰীৰ দ্বাৰা কোনো ক্ষতি নহয়। ২০২০ চনত ট্ৰাম্পৰ অধীনত স্বাক্ষৰিত আমেৰিকা-মেক্সিকো-কানাডা ত্ৰিপাক্ষিক বাণিজ্য চুক্তি (USMCA) অনুসৰি আমেৰিকাই কানাডালৈ নিৰ্দিষ্ট পৰিমাণৰ দুগ্ধজাত সামগ্ৰী শুল্কমুক্তভাৱে ৰপ্তানি কৰিব পাৰে। কিন্তু তাতকৈ বেছি ৰপ্তানি কৰিব বিচাৰিলে উচ্চ শুল্ক দিব লাগিব। ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি কিছুমান ক্ষেত্ৰত উচ্চ শুল্ক ২০০ শতাংশ অতিক্ৰম কৰিছে।
এই নিৰ্দিষ্ট কোটাৰ ওপৰত ৱাশ্বিংটনে দীৰ্ঘদিন ধৰি আপত্তি কৰি আহিছে। এইবাৰ ট্ৰাম্পে কানাডাক শুল্ক হ্ৰাস কৰাৰ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। তেওঁৰ দাবী যে কানাডাই ২৫০ শতাংশ শুল্ক লয়। যদি নহয় তেন্তে আমেৰিকাই সমানে শুল্ক আৰোপ কৰিব।