• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

by
May 11, 2025 1:15 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৭ মে’ৰ পৰা আৰম্ভ হোৱা ভাৰত-পাকিস্তানৰ সংঘাত শনিবাৰে হঠাৎ বন্ধ হোৱাৰ পাছত বহু প্ৰশ্নৰ উত্থাপন হৈছে। ভাৰতে ‘অপাৰেচন সিন্দূৰ’ চলাই থকাৰ সময়তে পাকিস্তানেও ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণৰ চেষ্টা চলাইছিল। কিন্তু ভাৰতৰ শক্তিশালী নিৰাপত্তা বেষ্টনীয়ে পাকিস্তানৰ আক্ৰমণৰ সকলো অপচেষ্টা বিফল কৰি পেলালে। ইফালে শনিবাৰে ঘোষণা কৰা যুদ্ধবিৰতিৰ কৃতিত্ব লোৱাত আমেৰিকাও পিছ পৰি থকা নাই। এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম CNNএ এক দীঘলীয়া প্ৰতিবেদন প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে আমেৰিকাই দুয়োখন দেশৰ যুদ্ধৰ বিষয়ে “none of our business” বুলি কৈছিল যদিও কিন্তু এতিয়া আমেৰিকাই দাবী কৰিছে যে তেওঁলোকে দুয়োখন দেশৰ যুদ্ধৰ বিষয়ে চোৰাংচোৱাৰ গোপন তথ্য লাভ কৰিছিল আৰু শনিবাৰে নিশা দুয়োখন দেশৰ মাজত তীব্ৰ যুদ্ধৰ সম্ভাৱনা আছিল।

Apply Now

CNN-এ উল্লেখ কৰিছে যে, আমেৰিকাই কয় যে চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰিছিল যে সপ্তাহৰ শেষৰ ফালে দুয়োখন দেশৰ মাজতে তীব্ৰ যুদ্ধ হ’ব পাৰে। উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ ওপৰত চকু ৰাখিছিল। ভেন্সে কয় যে সপ্তাহৰ শেষৰ ফালে তীব্ৰ যুদ্ধৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতি দুয়োখন দেশক যুদ্ধবিৰতিৰ দিশত আগবাঢ়ি যাবলৈ পতিয়ন নিয়াইছিল।

আমেৰিকাৰ বিষয়াসকলে কয় যে তেওঁলোকে লাভ কৰা চোৰাংচোৱাৰ গোপন তথ্যৰ ভিত্তিত সপ্তাহৰ শেষৰ ফালে দুয়োখন দেশৰ মাজত তীব্ৰ যুদ্ধ হোৱাৰ আশংকা আছিল। বিশেষকৈ যেতিয়া ভাৰতীয় ড্ৰ’নে পাকিস্তানৰ ৰাৱালপিণ্ডিত নূৰ খান এয়াৰবেছত আক্ৰমণ কৰিছিল। এই সামৰিক ঘাটিটো পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ পহৰা দিয়া ষ্ট্ৰেটেজিক প্লেনছ ডিভিজনৰ মুখ্য কাৰ্যালয়ৰ ওচৰত অৱস্থিত আছিল। আমেৰিকাৰ এগৰাকী প্ৰাক্তন বিষয়াই কয় যে এই আক্ৰমণক পাকিস্তানৰ পাৰমাণৱিক কমাণ্ড কৰ্তৃপক্ষক লক্ষ্য কৰি লোৱাৰ সতৰ্কবাণী হিচাপে গণ্য কৰা হ’ব পাৰে, যাৰ ফলত পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি পাইছিল।

শুকুৰবাৰে বিয়লি (আমেৰিকাৰ সময় অনুসৰি) প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিছিল উপ-ৰাষ্ট্ৰপতি ভেঞ্চে। পাকিস্তানৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ ভাৰতক বুজাই দিছিল। তেওঁ “অফ-ৰেম্প”ৰ প্ৰস্তাৱো আগবঢ়ায়। আমেৰিকাৰ মতে পাকিস্তানে এই কথা মানি ল’বলৈ সাজু আছিল। ভেঞ্চৰ নেতৃত্বত বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই দুয়োখন দেশৰ বৈদেশিক সচিবৰ সৈতে গোটেই নিশা আলোচনাত মিলিত হয়। চুক্তিখনৰ খচৰা প্ৰস্তুত কৰাত ট্ৰাম্প প্ৰশাসনে অংশগ্ৰহণ কৰা নাছিল যদিও ইয়াৰ মূল ভূমিকা আছিল দুয়োপক্ষক আলোচনাৰ মেজলৈ অনা।

শনিবাৰে ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতি ঘোষণা কৰে। ড’নাল্ড ট্ৰাম্পে নিজকে ক্ৰেডিট দিবলৈ আৰম্ভ কৰিলে যে কেৱল তেওঁৰ মধ্যস্থতাৰ বাবেই এইটো সম্ভৱ হৈছে। অৱশ্যে প্ৰত্যক্ষভাৱে নহয় যদিও ভাৰতে এই দাবী নাকচ কৰিছে। ভাৰতৰ মতে এয়া আছিল দুয়োখন দেশৰ মাজত হোৱা “প্ৰত্যক্ষ চুক্তি”। একে সময়তে যুদ্ধবিৰতিৰ পাছত আমেৰিকাক ধন্যবাদ দি পাকিস্তানৰ প্ৰধানমন্ত্ৰীও ত্ৰুটি ৰখা নাছিল। কিন্তু যুদ্ধবিৰতিৰ ৩ ঘণ্টাৰ পাছতে কাশ্মীৰত বিশেষকৈ বৈষ্ণো দেৱীৰ ওপৰত ড্ৰ’ন আক্ৰমণ সংঘটিত কৰে। অৱশ্যে ভাৰতে ইয়াৰো যোগ্য প্ৰত্যুত্তৰ দিয়ে।

বৃহস্পতিবাৰে ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাৰ্কিন উপ-ৰাষ্ট্ৰপতি ভেঞ্চে কয় যে, “এই সংঘাত মৌলিকভাৱে আমাৰ বিষয় নহয়। আমেৰিকাই দুয়োখন দেশকে অস্ত্ৰ-শস্ত্ৰ এৰি দিবলৈ বাধ্য কৰিব নোৱাৰে। কিন্তু চোৰাংচোৱা আৰু পাৰমাণৱিক যুদ্ধৰ আশংকাই ট্ৰাম্প প্ৰশাসনক সক্ৰিয় ভূমিকা ল’বলৈ বাধ্য কৰাইছিল। যোৱা মাহত ভাৰত ভ্ৰমণৰ সময়ত ভেঞ্চে প্ৰধানমন্ত্ৰী মোদীক লগ পাইছিল। এই সংকটত এই সম্পৰ্ক সহায়ক বুলি প্ৰমাণিত হ’ব বুলি ট্ৰাম্প প্ৰশাসনে বিশ্বাস কৰিছিল।”

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd