• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 9:26 pm
337
VIEWS
Share on FacebookShare on Twitter

আই পি এল ২০২৫-ৰ ১৮ সংখ্যক সংস্কৰণৰ যাত্ৰা এতিয়া অন্ত পৰাৰ দিশে। প্ৰায় আঢ়ৈ মাহজোৰা ৰোমাঞ্চকৰ যাত্ৰাৰ অন্তত কাইলৈ অনুষ্ঠিত হ’ব এই বৰ্ষৰ আই পি এলৰ অন্তিম পৰ্ব, অৰ্থাৎ ফাইনেল মেচ। কালিলৈ ফাইনেল মেচত অৱতীৰ্ণ হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ। এইবাৰ প্ৰথমবাৰৰ বাবে আই পি এলত ফাইনেল খেলাৰ সুযোগ লাভ কৰিছে দুয়োটা দলে। নিশ্চিতভাৱে দেখা যাব এক নতুন চেম্পিয়ন ।

এই বিশেষ দিনটোত ফাইনেল মেচ আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান। স্বাভাৱিকভাৱে উদ্বোধনী অনুষ্ঠানৰ দৰেই সামৰণি অনুষ্ঠানটোলৈও অনুৰাগীৰ উচ্ছাস অভূতপূর্ব। বহু অনুৰাগীয়ে এই অনুষ্ঠানলৈ আশাৰে বাট চাই আছে।

সামৰণি অনুষ্ঠান কেতিয়াৰ পৰা, ক’ত অনুষ্ঠিত হ’ব–

পূৰ্বে নির্ধাৰিত সূচী অনুসৰি ফাইনেল মেচখন ২৫ মে’ত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ভাৰত-পাকিস্তান সীমান্ত সংঘাতৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাৰ সময়সূচী এক সপ্তাহৰ বাবে পিছুৱাই দিয়া হয়। নতুন সূচী অনুসৰি আই পি এল ২০২৫ৰ ফাইনেল আৰু সামৰণি অনুষ্ঠান ৩ জুন, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

বিচিচিআইৰ বিশেষ ঘোষণা: ভাৰতীয় সেনাক শ্ৰদ্ধাঞ্জলি–

বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এই অনুষ্ঠান সম্পৰ্কে এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে। তেওঁ জনোৱা মতে, এইবাৰ আই পি এলৰ সামৰণি অনুষ্ঠানত ভাৰতীয় সেনাৰ তিনিজন জ্যেষ্ঠ বিষয়া আমন্ত্ৰিত হ’ব। লগতে, সেনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব এই অনুষ্ঠানৰ জৰিয়তে। যদিও এই বিষয়া সকলে অনুষ্ঠানত উপস্থিত থাকিব নে নাই, সেই বিষয়ে এতিয়ালৈকে নিশ্চিত তথ্য লাভ কৰা নাই।

আই পি এলৰ অফিচিয়েল এক্স (Twitter) হেণ্ডলত প্ৰকাশ কৰা অনুসৰি, এই সামৰণি অনুষ্ঠানত সংগীতৰ জৰিয়তে উজ্বল কৰি তুলিব দেশৰ বিখ্যাত সংগীতজ্ঞ শংকৰ মহাদেৱন আৰু তেওঁৰ দুই পুত্ৰ – সিদ্ধাৰ্থ মহাদেৱন আৰু শিৱম মহাদেৱনে। অনুষ্ঠান আৰম্ভ হ’ব সন্ধিয়া ৬ বজাৰ পৰা।

মূল আকৰ্ষণ: সংগীতৰে মুখৰ হ’ব সামৰণি সন্ধিয়া–

Live Streaming: ক’ত চাব পাৰিব-

আই পি এল ২০২৫ৰ সামৰণি অনুষ্ঠান ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্রচাৰ হ’ব। লগতে, অনলাইন প্লেটফৰ্ম জিঅ’ হটষ্টাৰতো উপলব্ধ হ’ব অনুষ্ঠানটো।

সেইদৰে, আই পি এল ২০২৫ৰ শেষৰ দিনটোত মেচৰ উত্তেজনাৰ লগতে সংগীত, শ্ৰদ্ধাঞ্জলি আৰু উদ্দীপনাৰে পৰিপূৰ্ণ হ’ব সামৰণি অনুষ্ঠান। অনুৰাগীয়ে নিশ্চয়কৈ এক মনোমোহা সন্ধিয়া উপভোগ কৰিব বুলি আশা কৰিছে।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd