• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2025 8:08 pm
353
VIEWS
Share on FacebookShare on Twitter

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াই মাত্ৰ ২১২ ৰানতে ইনিংছ সামৰিছিল। ৱেবষ্টাৰ (৭২) আৰু স্মিথ (৬৬)ৰ বাহিৰে আন কোনো অষ্ট্ৰেলিয়ান বেটছমেনে তেনেকৈ ৰান নাপালে। এক কথাত ক’বলৈ গ’লে অষ্ট্ৰেলিয়াই কাৰ্যতঃ ৰাবাডাৰ ওচৰত আত্মসমৰ্পণ কৰে।

প্ৰত্যুত্তৰত প্ৰথম দিনটোৰ শেষত ৪৩ ৰানত ৪টা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাৰ ইনিংছ ছিন্নভিন্ন হ’বলৈ আৰম্ভ কৰে। দ্বিতীয় দিনৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাক মেচলৈ ঘূৰি আহিবলৈ পাৰ্টনাৰশ্বিপৰ প্ৰয়োজন হৈছিল।

সেই লক্ষ্যৰে নামিছিল বাভুমা আৰু বেডিংহাম। তেওঁলোকৰ যুটীয়ে ৬৪ ৰান সংগ্ৰহ কৰে। অৱশ্যে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই ছেট হোৱাৰ পিছতো ৩৬ ৰান কৰিয়েই ড্ৰেছিং ৰুমলৈ উভতি আহে।

ডেভিদ বেডিংহামৰ (৪৫) ইনিংছো বেছি সময় নিটিকিল। কামিন্সে তেওঁকো ঘূৰাই পঠিয়ালে। তাৰ পাছত কম সময়ৰ ভিতৰতে আৰু দুটা উইকেট পৰিল। কামিন্সে সেই সময়ত ৰুদ্ৰমূৰ্তি ধৰি আছিল। তেওঁ ৬ উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ ইনিংছ সমাপ্ত হয় মাত্ৰ ১৩৮ ৰানত। অষ্ট্ৰেলিয়াই ৭৪ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে।

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ আছিল ৫ উইকেটত ১২১ ৰান। তাৰ পৰা মাত্ৰ ১৭ ৰান যোগ দিয়েই তেওঁলোক অল আউট হৈছিল। বাভুমা আৰু বেডিংহামৰ বাহিৰে আন কোনো প্ৰটিয়াছ বেটছমেনে তেওঁলোকৰ দক্ষতা প্ৰমান কৰিব নোৱাৰিলে।

বাভুমা আউট হোৱাৰ পাছত বেডিংহামে উইকেটৰক্ষক কাইল ভেৰেইনৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। তেওঁক যথেষ্ট স্বাচ্ছন্দ্য যেন লাগিছিল। অৱশ্যে কামিন্সৰ বলত মনযোগ হেৰুৱাই ‘আনলাকি’ ১৩ ৰান সংগ্ৰহ কৰি পেভলিয়নলৈ ওভতে ভেৰেইন। মিচেল ষ্টাৰ্কে ২টা আৰু জোছ হেজলউডে ১টা উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ ইনিংছ এনেদৰে শেষ হোৱাৰ পিছত এই মুহূৰ্তত অষ্ট্ৰেলিয়াই সুবিধাজনক স্থানত আছে বুলি ক’ব পাৰি।

Recent News

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd