• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জেৰুজালেম, টেল আভিভত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ! নিশা ইজৰাইলৰো প্ৰত্যাঘাত, ক্ৰমে তীব্ৰতৰ সংঘাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2025 10:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ বাবে গোটেই নিশা পশ্চিম এছিয়া উত্তাল হৈ থাকিল। ইৰাণে জেৰুজালেম আৰু টেল আভিভত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইজৰাইলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শনিবাৰ আৰু দেওবাৰৰ মাজনিশা  দুয়োখন দেশৰ এক বিস্তৃত অঞ্চলত ক্ষেপণাস্ত্ৰ বৰ্ষণ হৈছে। ব্যাপক ক্ষতিও হৈছে।

ইৰাণৰ গোলাবৰ্ষণৰ ফলত ইজৰাইলৰ দুখন ডাঙৰ চহৰত বহু ঘৰ-বাৰী ভাঙি গৈছে। প্ৰশাসনে কেইবাজনো লোকৰ মৃত্যুও নিশ্চিত কৰিছে। একে সময়তে ইৰাণৰ তৈল ভাণ্ডাৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ইজৰাইলে। সেই দেশৰ চৰকাৰে এতিয়ালৈকে কোনো বৃহৎ ক্ষতিৰ কথা স্বীকাৰ কৰা নাই। অৱশ্যে ইৰাণতো নিশাৰ আক্ৰমণত বহু লোকৰ মৃত্যু হৈছে।

Apply Now

ইজৰাইলৰ সেনাই জনোৱা মতে, শনিবাৰে নিশাৰ পৰা দেওবাৰে পুৱাৰ ভিতৰত ইৰাণৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইয়াৰে কোনোটোৰ টেল আভিভ, আন কোনোটোত ৰাজধানী জেৰুজালেমক লক্ষ্য কৰি লোৱা হৈছিল। দেওবাৰৰ পুৱাৰে পৰা দুয়োখন চহৰতে অবিৰতভাৱে বাজি আছে চাইৰেন।

সংবাদ সংস্থাই প্ৰকাশ কৰা বাতৰি অনুসৰি, ৰাতিটোৰ ভিতৰত টেল আভিভৰ ওপৰেৰে আকাশত বহু ক্ষেপণাস্ত্ৰ দেখা গৈছিল, পুৱতি নিশালৈকে ইয়াৰ সংখ্যা বৃদ্ধি পাইছিল। একে সময়তে ইজৰাইলৰ পৰাও ইন্টাৰচেপ্টৰ ৰকেট নিক্ষেপ কৰা হৈছিল। কিন্তু টেল আভিভ আৰু জেৰুজালেমত বিস্ফোৰণৰ শব্দই কাণ তাল মাৰি ধৰিছিল। প্ৰতিৰোধৰ মাজতো ইৰাণৰ কেইবাটাও ক্ষেপণাস্ত্ৰ ইজৰাইলৰ মাটিত পৰে। ক্ষেপণাস্ত্ৰৰ ফলত কেইবাটাও ঘৰ ধ্বংস হয়।

উত্তৰ ইজৰাইলত সংঘটিত আক্ৰমণত তিনিগৰাকী মহিলাৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে এম্বুলেন্স কৰ্তৃপক্ষই। আহত হৈছে কমেও ১০জন লোক। ভাঙি পৰা ঘৰৰ ধ্বংসাৱশেষ আঁতৰাই উদ্ধাৰ কাম অব্যাহত আছে। পুৱা প্ৰায় ২:৩০ বজাত (স্থানীয় সময় অনুসৰি) ইজৰাইলী সেনাই জনসাধাৰণক সকীয়াই দি ক্ষিপ্ৰতাৰে আশ্ৰয় ল’বলৈ নিৰ্দেশ দিয়ে।

পুৱা ৩:৩০ বজালৈকে ইৰাণৰ আক্ৰমণত চাৰিজন লোকৰ মৃত্যু হোৱা বুলি ৰয়টাৰে প্ৰকাশ কৰিছে। আহত লোকৰ সংখ্যা কমেও ৩৬ জন। নিশাৰ ভিতৰতে এই আক্ৰমণত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। মধ্য ইজৰাইলত নিশা ভাঙি পৰে এটা ১০ মহলীয়া অট্টালিকা।

ইজৰাইলৰ গোলাবৰ্ষণেও নিশা ইৰাণত আঘাত হানে। ৰাজধানী তেহৰাণৰ শ্বাহৰাণৰ তেল ডিপোত ইজৰাইলে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ছবিত তেল ডিপোটো জ্বলি থকা দেখা গৈছে। নিশাৰ আকাশ ক’লা ধোঁৱাই আৱৰি ধৰিছে। যদিও ইৰাণে কয় যে ইজৰাইলী ক্ষেপণাস্ত্ৰই শ্বাহৰাণত আঘাত কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণত আছে। তদুপৰি তেহৰাণৰ ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱনত এটা ক্ষেপণাস্ত্ৰই আঘাত কৰে। ইয়াৰ ফলত সামান্য ক্ষতিও হয়। ইৰাণৰ তাছনিম সংবাদ সংস্থাই দেওবাৰে এই তথ্য প্ৰকাশ কৰিছে।

ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে জনোৱা মতে, নিশাৰ ভাগত ইজৰাইলৰ যুঁজাৰু বিমানৰ ইন্ধন উৎপাদন কেন্দ্ৰ আৰু বিভিন্ন শক্তিৰ আন্তঃগাঁথনিক মিছাইল আৰু ড্ৰ’নে লক্ষ্য কৰি লৈছিল। ইৰাণৰ সেনাই আগন্তুক দিনত আৰু অধিক শক্তিশালী আক্ৰমণৰ সতৰ্কবাণীও দিয়ে।

পাৰমাণৱিক চুক্তি সন্দৰ্ভত আমেৰিকাৰ সৈতে আলোচনা নকৰাৰ বাবে ইৰাণক আক্ৰমণ কৰে ইজৰাইলে। এই আক্ৰমণত ইৰাণৰ চাৰিজন শীৰ্ষ সামৰিক বিষয়া আৰু ৯ গৰাকী পাৰমাণৱিক বিজ্ঞানী নিহত হয়। ইয়াৰ কিছু সময়ৰ পিছতে তেহৰানে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ বিষয়ে তেওঁ আগতীয়াকৈ জানিছিল আৰু এই আক্ৰমণক সমৰ্থন কৰে। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া পাৰমাণৱিক চুক্তি সন্দৰ্ভত আমেৰিকাৰ প্ৰতিনিধি আৰু ইৰাণৰ মাজত হোৱা বৈঠক ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে বাতিল কৰে। তেতিয়াৰ পৰা দুয়োখন দেশৰ মাজত সংঘাত বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd