• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 16, 2025 10:30 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে কংগ্ৰেছৰ শাসনকালত অসমীয়া মানুহে ভাবুকিৰ সন্মুখীন হোৱা বুলি মূল শ্ল’গান হিচাপে লৈ ২০১৬ চনৰ পৰাই অসমীয়া জাতি, মাটি, ভেটি ৰক্ষা কৰিম বুলি প্ৰচাৰ চলাই আহিছে৷ তেনেকৈয়ে অসমীয়া ৰাইজে তেওঁলোকক প্ৰতিটো নিৰ্বাচনত ভোট দি আহিছে৷ প্ৰথম অৱস্থাত নিয়োগৰ সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি হিমন্ত বিশ্ব শৰ্মাই চাহ বাগানৰ ৫ শতাংশ ভূমি চাহ ৰোপনৰ বিপৰীতে অন্য কামত ব্যৱহাৰ কৰিব পাৰ হ’ব বুলি বিধানসভাত প্ৰস্তাৱ আনিলে৷ যিহেতু অসমত ভয়াবহ নিবনুৱা সমস্যাই দেখা দিছে সেয়েহে কংগ্ৰেছে তাত সঁহাৰি দিছিল৷ কিন্তু এতিয়া দেখা গৈছে যে প্ৰথমতে লেণ্ড বেংক কৰিব খুজিলে৷ ইনকাম টেক্সৰ দৰে সম্পত্তিৰ তথ্য সংগ্ৰহ কৰাৰ দৰে লেণ্ড বেংক সৃষ্টি কৰিব বিচাৰিলে৷ লগতে কাৰ ক’ত কি ধৰণৰ মাটি আছে সেই সম্পৰ্কত চৰকাৰ অৱগত হ’ব৷ এইখিনি কৰি চৰকাৰে সকলো নীতি-নিয়ম জলাঞ্জলি দি খিলঞ্জীয়া মানুহৰ মাটি পুঁজিপতিক আৱণ্টন দিবলৈ ব্যৱস্থা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বুলি কৈছে৷ প্ৰধানমন্ত্ৰীয়ে অৱগত হৈছে ইয়াৰ মাটিতো যে লক্ষ্মী আছে সেই কথা অৱগত হৈ যিসকল বাহিৰৰ ব্যৱসায়ী আদানি, আম্বানি, বাবা ৰামদেৱক গতাব পাৰে তাৰ ব্যৱস্থা কৰিছে৷ অসমীয়া মানুহৰ মাটিৰ অধিকাৰ কাঢ়িব খুজিছে৷ আজি এক সংবাদমেলত এই মন্তব্য কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰীয়ে সততে কৈ থাকে যে অসমত এটা আন্দোলন বৰ্জিত পৰিৱেশ থাকে সেয়েহে অতি সংগোপনে এই কাম কৰিলে৷ যিকোনো এটা কাম কৰিলে গণতন্ত্ৰ, সংবিধানৰ কথা মানি সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি বিধানসভাত আলোচনা কৰি তাৰ পৰা প্ৰয়োজনীয় খিনি লোৱাৰ নিয়ম৷ কিন্তু অসম চৰকাৰে সকলো জলাঞ্জলি দি, ৰাইজক অন্ধকাৰত ৰাখি গাৰ জোৰেৰে কৰিছে৷ আমাৰ যিসকলে সংসদীয় ব্যৱস্থা ৰূপায়ণ কৰিছিল, তেওঁলোকে কৈছিল যদি বেয়া মানুহৰ হাতত সংসদীয় ব্যৱস্থা গুচি যায়ে তেন্তে ৰাইজে দুৰ্ভোগ ভূগিব লাগিব৷ এই কথা জৱাহৰলাল নেহৰু, বাবাচাহেব আম্বেদকাৰে সংবিধান গ্ৰহণ কৰাৰ পিছতে কৈছিল৷ সাংসদ আৰু বিধায়কৰ সংস্যা থকাৰ বাবেই সংবিধান গ্ৰহণৰ সময়ত যিখিনি কথা বৰ্জন কৰা হৈছিল সেই কথাখিনি এতিয়া কাৰ্যকৰী কৰিবলৈ উঠিপৰি লাগিছে৷ আহোমৰ যি পাইক প্ৰথা তাৰ পৰিৱৰ্তে অসম ভূমি আৰু ৰাজহ নিয়মাৱলী-১৮৮৬ ব্ৰিটিছে সৃষ্টি কৰিছিল৷ যদিও ঔপনিৱেশিক নীতি আছিল সেই নীতি অনুসৰি অসমত চৰকাৰসমূহে মাটি-বাৰীৰ কাম কৰি আহিছে৷ ১৯৭১ চনৰ অমসৰ ভূমি নীতি, ২০১৯ চনৰ অসমৰ বিজেপিয়ে অনা ভূমি নীতি, জনতা চৰকাৰৰ সময়ত কৰা জাষ্টিছ কে.এন শইকীয়াৰ দ্বাৰা কৰা ভূমি নীতি সংস্কাৰ কৰি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰি অহা হৈছিল৷ কিনা-বেচা, নামজাৰি, মাটি আৱণ্টন, আদি কৰা হয়৷ আমি সাধাৰণতে কও যে জমাবন্দীত নাম আছে নে নাই৷ জমাবন্দীত যদি নাম আছে সেইটোৱে মাটিৰ স্বীকৃতি৷ আমি এতিয়ালৈ কতো শুনাই নাই যে এই আইনখনৰ দ্বাৰা কিবা কামত অসুবিধা হৈছে৷ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰেট হ’লেও অসমৰ আগৰ মুখ্যমন্ত্ৰীবোৰৰো আঙুলি চাপ নাছিল৷ শৰৎ চন্দ্ৰ সিংহই ভূমি সংস্কাৰ কৰিছিল৷ তেতিয়া শ্ল’গান আছিল নাঙল যাৰ মাটি তাৰ৷ তাৰ যোগেদি কৃষকৰ বাবে মাটি অধিকাৰ বহু আগুৱাই নিছিল৷ এই আইনখন এনে নহয় যে ইয়াৰ দ্বাৰা কাম কৰিব নোৱাৰি৷ নতুন আইন আনিব লাগে৷ এনেকুৱা এটা ধাৰণা মুখ্যমন্ত্ৰীয়ে দি আহিছে৷ মিছন বসুন্ধৰা ১, ২, আৰু ৩ কৰি বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৈছে যে মিছন বসুন্ধৰা বহুত ভাল৷ মোৰ সমষ্টিত ৬ হাজাৰ মানুহে আবেদন কৰি মিছন বসুন্ধৰাত ছয়শ মানুহে মাটি আৱণ্টন পাইছিল৷ এতিয়া মই কেনেকৈ কও বসুন্ধৰা ভাল৷ চাৰে চাৰি হাজাৰ মানুহ ৰৈ গৈছিল৷ বসুন্ধৰা ৩ত মাথো ১৫০০ মানুহে পাইছে৷ মানুহে মিছন বসুন্ধৰাক লৈ মানুহ হতাশ হৈছে৷ একমাত্ৰ পুঁজিপতিসকলৰ স্বাৰ্থত জাষ্টিছ প্ৰশান্ত কুমাৰ ডেকাৰ সমিতি গঠন কৰি অতি সংগোপনে কামখিনি কৰিছে৷ মাটিৰ যি পলিচি কৰিব তাৰ পূৰ্বে জন শুনানি হ’ব লাগে৷ অংশীদাৰসকল, আইনজীৱিসহ সকলোৰ সৈতে আলোচনা কৰিব লাগে৷ এনেধৰণৰ একো কাম নকৰি দুই-তিনিখন বাতৰিত বিজ্ঞাপন দিয়া হৈছে৷ কাৰোবাৰ কিবা থাকিলে ই-মেইল যোগে দিবলৈ কোৱা হৈছে৷ আমাৰ অসমৰ সাধাৰণ কৃষকে খেতি কৰিব নে ই-মেইল কৰিব৷ কেৱল জন শুনানি কৰাৰ কথা কৰা বুলি দেখুওৱাতো এটা থাপি-থুপি থোৱাৰ ব্যৱস্থা৷ বৰদুৱাৰ আৰু পৰ্বতঝোৰাৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটিখিনিসমূহ আদানিক দি দিয়া হৈছে৷ আমি ইয়াৰ বিৰোধ কৰিছো৷ আমি খিলঞ্জীয়া ভূমিহীন আৰু পৰৱৰ্তী সময়ত নাগৰিকত্ব লাভ কৰা লোকসকলক মাটিৰ অধিকাৰ দিব লাগে৷ ভূমি অধইকাৰ মৌলিক অধিকাৰ৷ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি চৰকাৰে উচ্ছেদ কৰি আছে৷ ভাৰতীয় চৰকাৰে স্বাক্ষাৰ আন্তঃৰাষ্ট্ৰীয় নীতি মতেও বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ মানুহক উচ্ছেদ কৰিব নোৱাৰে৷ কিন্তু চৰকাৰে সকলো নীতি-নিয়ম ভংগ কৰিছে৷ ৰায়তী খতিয়ান লাভ কৰা বৰদুৱাৰ বাগানৰ ২১০০ পৰিয়ালৰ মাটি ল’বলৈ উচ্ছেদ কৰা হ’ব৷ মানুহৰ কোনো মতামত লোৱা হোৱা নাই৷

Apply Now

ইপিনে পৰ্বতঝোৰাৰ বড়ো মানুহৰ মাটি লৈ আদানীক গতাই দিব খোজা প্ৰসংগতো শইকীয়াই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, কংগ্ৰেছ চৰকাৰে ২০০৬ চনত অনা আইন মতে, ট্ৰাইবেলসকলৰ যিৰা তিনি পুৰুষে বনগাঁৱত বসবাস কৰি আহিছে তেওঁলোকক মাটিৰ অধিকাৰ থকাৰ কথা স্পষ্টকৈ কোৱা হৈছে৷ এইখন চৰকাৰে সেই একেখিনি ভূমিক কেতিয়াবা খাচ লেণ্ড, কেতিয়াৰা ৰিজাৰ্ভ ফৰেষ্ট, কেতিয়াবা নিজেই মাটিখিনি লৈ লোৱাৰ কথা কৈ খামখেয়ালিৰ সৃষ্টি কৰিছে৷ কিছুমান প্ৰস্তাৱিত বন সংৰক্ষিত এলেকাৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হৈছে৷ ইয়াৰ দ্বাৰা ৩৫ টকাত পেট্ৰল-ডিজেল পাব বুলি কোৱা বাবা ৰামদেৱক অসমৰ ভূমিসমূহ দিয়া হ’ব নেকি? আদানি, আম্বানিক মাটিসমূহ গতাই দিয়া হ’ব নেকি? এই প্ৰশ্ন বিজেপি চৰকাৰৰ প্ৰতি আমি কৰিছো৷ ইয়াকে লৈ চৰকাৰে এখন শীঘ্ৰে শ্বেতপত্ৰ প্ৰকাশ কৰক৷ কংগ্ৰেছে চৰকাৰক সকলো মানুিহৰ মাটি অধিকাৰ নিশ্চিত কৰিবলৈ দাবী জনাইছে। কোনো মানুহে যাতে মাটিৰ অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিবলগীয়া নহয় তাত গুৰুত্ব দিয়ক৷ মৃণাল শইকীয়াই বিনামূলীয়া আঁচনিয়ে অসমৰ এটা প্ৰজন্মক ধ্বংস কৰিব বুলি কোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমত ভোট কিনিবলৈ চৰকাৰে আঁচনি আনিছে৷ মুখ্যমন্ত্ৰীয়ে বিধানসভাত কংগ্ৰেছৰ আঠুৱা, কম্বল দিয়াটো ভোটৰ ৰাজনীতি  বুলি কৈছিল৷ জাৰৰ দিনত কম্বল দিয়াতো, মেলেৰিয়াৰ সময়ত আঠুৱা দিয়াটো ভোটৰ ৰাজনীতি নহয়৷ কিন্তু অৰুণোদয় আঁচনি ৰিভিউ হৈছে৷ এইকাৰণে ৰিভিউ হৈছে যে চৰকাৰী ধন লৈ ভোট কিনিব খোজা হৈছে৷ মৃণাল শইকীয়া শাসকীয় দলৰ মানুহ হ’লেও এই কথাত বিৰোধ কৰাত আমি ভাল পাইছো৷ গৌৰৱ গগৈয়ে বিজেপি আৰু আৰএছএছে অসমৰ পৰিৱেশ বিনষ্ট কৰিব খোজা বুলি অনা অভিযোগ সন্দৰ্ভত শইকীয়াই কয় যে গৌৰৱ গগৈৰ সৈতে আৰু এটা কথা মই লগ লগাম যে অগপৰ এজন নেতাৰ ভতিজাকক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ বাবে অসম আৰক্ষীক অধ্যবাদ দিছো৷ সংবাদমেলৰ আঁত ধৰে এপিচিচিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd