শেহতীয়া কৈ আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণক কেন্দ্ৰকৰি বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে। আমেৰিকাৰ আক্ৰমণৰ পিছতে ইৰাণেও প্ৰত্যাক্ৰমণ কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে ইৰান আৰু ইজাৰাইলৰ মাজত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰিত হৈছে। ইফালে ট্ৰাম্পৰ এই দাবী নাকচ কৰি ইৰাণে কয় যে যুদ্ধবিৰতিৰ কোনো চুক্তি হোৱা নাই। কিন্তু ইজৰাইলে যদি পুনৰ আক্ৰমণ নকৰে তেন্তে আৰু সংঘাতত জড়িত হ’ব নিবিচাৰে বুলি ইৰাণে সদৰী কৰিছে।
উল্লেখ্যযে সোমবাৰে ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ৩:৩০ বজাত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ট্ৰাম্পে ইৰাণ-ইজৰাইলৰ যুদ্ধবিৰতি ঘোষণা কৰে। অৱশ্যে ইৰাণ বা ইজৰাইলৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই। ট্ৰাম্পৰ ঘোষণাৰ পিছৰে পৰা ইৰাণৰ সংবাদ মাধ্যমে এই দাবী অস্বীকাৰ কৰি আহিছে। তেহৰাণৰ সংবাদ মাধ্যমে বিভিন্ন চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি ট্ৰাম্পৰ এই ঘোষণাক ‘অসত্য’ বুলি দাবী কৰিছে। অৱশেষত মঙলবাৰে পুৱা ৬:১৬ বজাত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে তেহৰাণৰ স্থিতি স্পষ্ট কৰে।
আৰাঘচিয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে এতিয়ালৈকে যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধ কৰাৰ কোনো চুক্তি হোৱা নাই। কিন্তু ইৰাণে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাৰ পিছত (ভাৰতীয় সময় অনুসৰি ৬ বজাৰ পিছত) আক্ৰমণ বন্ধ কৰি দিলে নতুন সংঘাতত লিপ্ত হ’বলৈ অনিচ্ছুক। একে সময়তে ইৰাণে কোনো সংঘাত আৰম্ভ কৰা নাছিল বুলিও তেওঁ দাবী কৰে। ইজৰাইলে ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল।
এই পোষ্টটোত ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্পৰ দাবীক কাৰ্যতঃ খণ্ডন কৰে।
প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে ইজৰাইলৰ পৰা যুদ্ধবিৰতি সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। অৱশ্যে হোয়াইট হাউছৰ এক চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰিছে যে ইজৰাইলে চৰ্তসাপেক্ষ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে ইৰাণে আক্ৰমণ নকৰিলে ইজৰাইলে তেহৰাণক আক্ৰমণ নকৰে বুলি উল্লেখ কৰিছে। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ প্ৰশাসনে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।