দেশত জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰাৰ আজি ৫০ বছৰ সম্পূৰ্ণ হ’ল ৷ তাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে সংবিধানৰ নীতিসমূহ শক্তিশালী কৰাৰ লগতে একত্ৰিত হৈ বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে ।
এই প্ৰসংগত সামাজিক মাধ্যম Xত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে- ‘‘ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায়ৰ এই দিনটোৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল ৷ সেই সময়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল্যবোধক আঁতৰাই ৰখা হৈছিল । ভাৰতৰ গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায় জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰাৰ আজি পঞ্চাশ বছৰ সম্পূৰ্ণ হ’ল । ভাৰতৰ জনসাধাৰণে এই দিনটোক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰে ।’’
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে- ‘‘আজিৰ দিনটোত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল্যবোধক একাষৰীয়া কৰা হৈছিল, মৌলিক অধিকাৰ স্থগিত ৰখা হৈছিল, সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰি বহু ৰাজনৈতিক নেতা, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকক জেলত ভৰোৱা হৈছিল ।”
উল্লেখ্য যে, নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা বছৰ ঘোষণা কৰিছিল যে প্ৰতিবছৰে এই দিনটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰা হ’ব ।