লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে “ভোট চুৰি” চলি আছে আৰু নিৰ্বাচন আয়োগৰ পোনপটীয়াকৈ এই ষড়যন্ত্ৰত হাত আছে।
তেওঁৰ ভাষাত, “আমাৰ হাতত এনে প্ৰমাণ আছে যিবোৰ পৰমানু বোমাৰ দৰে বিস্ফোৰণ ঘটাব – য’ত সমগ্ৰ দেশেই বুজিব যে আয়োগে কেনেকৈ বিজেপিৰ হৈ জয়ী হ’বলৈ ভোট চুৰিৰ সুবিধা প্ৰদান কৰিছে।”
সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ ৰাহুলে কয়, “এতিয়া আমাৰ হাতত মুকলি আৰু বন্ধ গোচৰ আছে। আয়োগে বিজেপিৰ সপক্ষে ভোট চুৰি কৰাত সহায় কৰিছে – মই এই বিষয়ে ১০০ শতাংশ নিশ্চিত। আমি নিজাববীয়াকৈ তদন্ত চলাইছো, ৬ মাহ ধৰি। যি তথ্য আমি লাভ কৰিছো সেইটোৱে ‘এটম বোম’। এই প্ৰমান সন্মুখলৈ আহিলে নিৰ্বাচন আয়োগ নাথাকিবই।”
তেওঁ লগতে কয়, ‘মধ্যপ্ৰদেশ, লোকসভা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত আমাৰ সন্দেহ আছিল। মহাৰাষ্ট্ৰত ১ কোটি নতুন ভোটাৰ সংযোজন হ’ল। তাৰ পিছত নিৰ্বাচন আয়োগৰ পৰা সহায় নোলোৱাকৈ আমি নিজাববীয়াকৈ তদন্ত চলাইছিলো। এই ষড়যন্ত্ৰত জড়িতসকল—ওপৰৰ পৰা তললৈ—কোনেও ৰেহাই নাপাব। তেওঁলোকে দেশ বিৰোধী কাম কৰিছে, এয়া দেশদ্ৰোহ। অৱসৰৰ পিছতো আমি বিচাৰি উলিয়াম।”
ইপিনে, নিৰ্বাচন আয়োগে এক বিবৃতি প্ৰকাশ কৰি ৰাহুলৰ অভিযোগক ‘ভুল আৰু বিভ্ৰান্তিকৰ’ বুলি অভিহিত কৰে। আয়োগে কয়, “২০২৪ চনৰ নিৰ্বাচনৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গ’ল। এতিয়ালৈকে ১০খন নিৰ্বাচনী আৱেদন দাখিল কৰা হৈছে, ইয়াৰে এখনো আৱেদন কোনো পৰাজিত কংগ্ৰেছ প্ৰাৰ্থীয়ে দাখিল কৰা নাই।”
আয়োগে লগতে কয়, “একেলগে লাখ লাখ নিৰ্বাচনী বিষয়াক দোষাৰোপ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাবুকি দি ভুল তথ্য প্ৰচাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। সময়ত আইনী ব্যৱস্থা নলৈ এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে এনে অভিযোগ উত্থাপন কৰাটো দুৰ্ভাগ্যজনক আৰু দায়িত্বহীন আচৰণ।”
আনহাতে, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাহুলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “ৰাহুল গান্ধীয়ে বাৰে বাৰে সাংবিধানিক প্ৰতিষ্ঠানক আক্ৰমণ কৰি আছে। এয়া কোনো নতুন কথা নহয়। ২০১৪ চনত যেতিয়া মোডীয়ে প্ৰথমবাৰৰ বাবে জয়ী হৈছিল, তেতিয়া আমাৰ চৰকাৰ নাছিল। কেৰেলা, তামিলনাডু, পঞ্জাৱ, পশ্চিম বংগত কংগ্ৰেছে জয়ী হৈছিল – তেতিয়া কেনেকৈ?”
ৰিজিজুৰ মন্তব্য, “কংগ্ৰেছে যেতিয়া পৰাস্ত হয় তেতিয়া নিৰ্বাচন আয়োগক দোষাৰোপ কৰে। আদালতৰ ৰায় ভাল নাপালে ন্যায়পালিকাক দোষাৰোপ কৰে। এয়া গণতন্ত্ৰক দুৰ্বল কৰাৰ গভীৰ ষড়যন্ত্ৰ।”
যোৱা মাহত ৰাহুলে দাবী কৰিছিল যে কৰ্ণাটকৰ এখন আসনক কেন্দ্ৰ কৰি হোৱা অনিয়মৰ ‘১০০ শতাংশ সুনিৰ্দিষ্ট প্ৰমাণ’ আছে। সেই সময়ত নিৰ্বাচন আয়োগে সেই অভিযোগক ‘ভুল আৰু ভিত্তিহীন’ বুলি খাৰিজ কৰিছিল। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই কয় যে, “ভুল সংযোজন বা বিলোপৰ বিৰুদ্ধে আইন অনুসৰি আপীল কৰাৰ অধিকাৰ আছে। কিন্তু কোনো আপীল দাখিল কৰা হোৱা নাই।”
দীৰ্ঘদিন ধৰি নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে যদিও শেহতীয়াকৈ ৰাহুল গান্ধীৰ অভিযোগে এক নতুন মাত্ৰা সংযোজন কৰিছে। তেওঁৰ মতে, আয়োগে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি ভোট চুৰি কৰাত সহায় কৰিছে যাতে বিজেপিয়ে নিৰ্বাচনৰ পৰা লাভৱান হয়। মহাৰাষ্ট্ৰত এক কোটি নতুন ভোটাৰ সংযোজন, মধ্যপ্ৰদেশত অনিয়ম, কৰ্ণাটকত ভোটাৰ তালিকাত সন্দেহজনক সংযোজন – এই সকলোবোৰ সেই গোপন বুজাবুজিৰ অংশ।
যদি সঁচাকৈয়ে আয়োগে বিজেপিৰ বাবে কাম কৰি আছে, তেন্তে ই গণতান্ত্ৰিক গাঁথনিৰ প্ৰতি গভীৰ ভাবুকি। সংবিধান মতে নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ আৰু নিৰপেক্ষ সংস্থা, কিন্তু যদি ই শাসকীয় দলৰ আহিলা হৈ পৰে, তেন্তে সাধাৰণ নাগৰিকৰ ভোটাধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। আয়োগৰ কাম হ’ব লাগে সকলো ৰাজনৈতিক দলকে সমান ব্যৱহাৰ কৰা। এই পৰিস্থিতিত তাৎক্ষণিক স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ প্ৰয়োজন যাতে সত্য প্ৰকাশ পায় আৰু গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা অটুট থাকে।