শেহতীয়াকৈ ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদনত ভাৰতে যুক্তৰাজ্যত “আন্তঃৰাষ্ট্ৰীয় দমন”ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ব্ৰিটেইনৰ সংসদৰ মানৱ অধিকাৰ যুটীয়া সমিতিয়ে প্ৰকাশ কৰা প্ৰতিবেদনত ভাৰত, চীন, ৰাছিয়া আৰু ইৰাণকে ধৰি ১২খন দেশৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে এই দেশসমূহত ব্ৰিটেইন বিৰোধী ৰাজনৈতিক শিবিৰ, এক্টিভিষ্ট আৰু সাংবাদিকক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই অভিযোগক “ভিত্তিহীন” বুলি অভিহিত কৰি প্ৰতিবেদনৰ তীব্ৰ সমালোচনা কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে কয় যে এই অভিযোগসমূহ “অপৰীক্ষিত আৰু সন্দেহজনক উৎস”ৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰতিবেদনৰ উৎস হিচাপে উল্লেখিত শিখ ফৰ জাষ্টিছ, যি এক নিষিদ্ধ খালিস্তানপন্থী গোট, আৰু অন্যান্য শিখ সমৰ্থক গোট ভাৰত বিৰোধী মনোভাৱৰ সৈতে জড়িত। এনে উৎসৰ ব্যৱহাৰে প্ৰতিবেদনৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে বুলি তেওঁ মত প্ৰকাশ কৰিছে।
প্ৰতিবেদনত দাবী কৰা হৈছে যে এই দেশসমূহৰ কাৰ্যকলাপে লক্ষ্য কৰা ব্যক্তিৰ মাজত ভীতিৰ সৃষ্টি কৰিছে, তেওঁলোকৰ মত প্ৰকাশ আৰু গতিবিধিৰ স্বাধীনতাক সীমিত কৰিছে, আৰু তেওঁলোকৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ উপৰিও প্ৰতিবেদনত অভিযোগ উত্থাপন কৰা হৈছে যে তালিকাভুক্ত দেশসমূহে ইণ্টাৰপ’লৰ ৰেড ন’টিছ ব্যৱস্থাক ৰাজনৈতিক উদ্দেশ্যত অপব্যৱহাৰ কৰিছে। প্ৰতিবেদনত ব্ৰিটিছ চৰকাৰক বিদেশী হস্তক্ষেপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে।
প্ৰতিবেদনৰ পৰিশিষ্টত শিখছ ফৰ জাষ্টিছ আৰু অন্যান্য শিখ সমৰ্থক গোটক অভিযোগৰ উৎস হিচাপে উল্লেখ কৰা হৈছে। শিখছ ফৰ জাষ্টিছে খালিস্তান নামৰ এক প্ৰস্তাৱিত স্বতন্ত্ৰ শিখ ৰাষ্ট্ৰ গঠনৰ সমৰ্থন কৰে, যি ভাৰতত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত নিষিদ্ধ। ব্ৰিটিছ গৃহ বিভাগে জোৰ দি কয় যে আন্তঃৰাষ্ট্ৰীয় দমনক ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰা হয়। “ব্ৰিটিছ ভূখণ্ডত ব্যক্তিক ভয় দেখুৱাবলৈ বা ক্ষতি কৰাৰ যিকোনো বিদেশী ৰাষ্ট্ৰৰ প্ৰচেষ্টা সহ্য কৰা নহ’ব,” এগৰাকী মুখপাত্ৰই সদৰী কৰিছে।
ইণ্টাৰপ’লে উত্তৰত কয় যে তেওঁলোকৰ নীতি-নিয়মৰ আৰু মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ লগত সংগতি ৰাখি তেওঁলোকৰ জাননী প্ৰেৰণৰ বাবে কঠোৰ পদ্ধতি আছে, যিয়ে ৰাজনৈতিক, সামৰিক, ধৰ্মীয় বা বৰ্ণবষম্যমূলক কাৰ্যকলাপ নিষিদ্ধ কৰে।