• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 7:36 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনসাধাৰণে সন্মুখীন হোৱা জ্বলন্ত সমস্যাসমূহক লৈ ৰাজ্যজুৰি শক্তিশালী জনমত গঠন কৰিবৰ বাবে বাঁওপন্থী দলসমূহে যৌথভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ত চিপিআই(এম), চিপিআই আৰু চিপিআই(এম-এল)ৰ ৰাজ্যিক নেতৃবৃন্দৰ এক যৌথ সভাত এই সিদ্ধান্ত লোৱা হয়। প্ৰবীণ বাঁওপন্থী নেতা মুনিন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে গভীৰ উদ্বেগ প্ৰকাশ কৰে।

দলকেইটাই প্ৰকাশ কৰা এক যৌথ বিবৃতিত উল্লেখ কৰিছে যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যখনত বিষাক্ত সাম্প্ৰদায়িক বাতাৱৰণ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে। কোনো বিকল্প সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা নকৰাকৈ সাম্প্ৰদায়িক ভিত্তিত উচ্ছেদ অভিযান সংঘটিত কৰা, ‘মিঞা বিৰোধী অভিযান’ চলোৱা আদিৰ নামত এক ভয়ংকৰ সাম্প্ৰদায়িক বাতাৱৰণ সৃষ্টি কৰিবলৈ শাসক দল আৰু চৰকাৰে অবিৰতভাৱে অপচেষ্টা চলাই গৈছে। অসমৰ জনসাধাৰণে জীয়াতু ভুগি থকা জ্বলন্ত সমস্যাৱলীৰ পৰা দৃষ্টি আঁতৰাই ৰাইজক ভাগ ভাগ কৰি ৰাজনৈতিক মুনাফা লাভ কৰাৰ বাবেই এই ষড়যন্ত্ৰ। অৱশ্যে সাম্প্ৰদায়িক আৰু বিভাজনবাদী প্ৰচাৰৰ বিৰুদ্ধে সাহসেৰে আৰু দৃঢ়তাৰে মাত মাতিছে ৰাজ্যখনৰ সচেতন নাগৰিকসকলে। নিজৰ অধিকাৰ আদায়ৰ বাবে শ্ৰমিক-কৰ্মচাৰী-শিক্ষকসকলেও ৰাজপথত আন্দোলন-সংগ্ৰাম সংগঠিত কৰি আছে।

Apply Now

এই প্ৰেক্ষাপটত দলসমূহে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ, ভূমিহীনক ভূমিৰ অধিকাৰ প্ৰদান আৰু বিকল্প অবিহনে উচ্ছেদ বন্ধ, ছয় জনগোষ্ঠীৰ অনুসূচীকৰণ, ‘কা’ৰ প্ৰয়োগ বন্ধ আৰু এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা, শ্ৰমিক-কৰ্মচাৰী-শিক্ষক-কৃষকক ন্যায্য অধিকাৰ প্ৰদান, নতুন কৰ্মসংস্থান সৃষ্টি, একাংশ ভোটাৰৰ ভোটাধিকাৰ কৰ্তনৰ লক্ষ্যৰে কৰিব বিচৰা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছআইআৰ) বাতিল, সাম্প্ৰদায়িক প্ৰচাৰ বন্ধ আদি বিষয়সমূহক লৈ ৰাজ্যখনৰ বিভিন্ন স্থানত যুটীয়া অভিৱৰ্তন অনুষ্ঠিত কৰিব। প্ৰথমখন অভিৱৰ্তন অহা ২৮ আগষ্টত শিৱসাগৰত অনুষ্ঠিত হ’ব  বুলি জনাইছে।

সভাই বাঁও দলসমূহৰ সমন্বয় অধিক সংহত কৰাৰ লক্ষ্যৰে এক সমন্বয় কমিটি গঠনৰো সিদ্ধান্ত লয়। সভাত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু ইচফাকুৰ ৰহমান, চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, মুনিন মহন্ত, বিপুল তালুকদাৰ আৰু অভিজিত চক্ৰৱৰ্তী আৰু চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে অংশগ্ৰহণ কৰে। এই যৌথ পদক্ষেপে অসমৰ ৰাজনৈতিক পৰিস্থিতিত নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd