• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 5:14 pm
55
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞানীসকলে শেহতীয়াকৈ এটা মহাজাগতিক আশ্চৰ্য্য আৱিষ্কাৰ কৰিছে— সম্ভৱতঃ এতিয়ালৈকে আৱিষ্কাৰ হোৱা আটাইতকৈ ডাঙৰ কৃষ্ণগহ্বৰ। ইয়াৰ ভৰ আমাৰ সূৰ্য্যতকৈ প্ৰায় ৩৬ বিলিয়ন গুণ বা হাতীপটিৰ কেন্দ্ৰত থকা কৃষ্ণগহ্বৰতকৈ প্ৰায় ১০,০০০ গুণ বেছি।

এই কৃষ্ণগহ্বৰটো পৃথিৱীৰ পৰা প্ৰায় ৫০০ কোটি আলোকবৰ্ষ দূৰত ‘কচমিক হৰ্চশ্ব’ নামেৰে জনাজাত এক বিশাল তাৰকাৰাজ্যৰ (গেলাক্সি) কেন্দ্ৰত অৱস্থিত। তাৰকাৰাজ্যখন ইমানেই ডাঙৰ আৰু বিশাল যে ই নিজৰ চাৰিওফালে স্থান-কাল সলনি কৰি দূৰৰ তাৰকাৰাজ্যৰ পৰা অহা পোহৰৰ পথটোৰ গতি ঘুৰাই ঘোঁৰাৰ নালৰ আকৃতিৰ ‘আইনষ্টাইন ৰিং’ৰ সৃষ্টি কৰে।

মহাকৰ্ষণীয় লেন্সিং—অৰ্থাৎ বৃহৎ বস্তুৰ দ্বাৰা পোহৰৰ গতি—আৰু ষ্টেলাৰ কাইনেমাটিক্স —কৃষ্ণগহ্বৰৰ চাৰিওফালে তৰাৰ গতিবেগৰ পৰিমাপ সংমিশ্ৰণেৰে এক নতুন পদ্ধতি ব্যৱহাৰ কৰি গৱেষকসকলে এই অতিবৃহৎ কৃষ্ণগহ্বৰটো চিনাক্ত কৰিছে।

হাতীপটিৰ কৃষ্ণগহ্বৰৰ চাৰিওফালে তৰাবোৰৰ গতি তুলনামূলকভাৱে লেহেমীয়া হ’লেও এই কৃষ্ণগহ্বৰৰ ওচৰৰ তৰাবোৰে ঘণ্টাত প্ৰায় ১৪.৪ লাখ কিলোমিটাৰ (প্ৰতি ছেকেণ্ডত প্ৰায় ৪০০ কিলোমিটাৰ) বেগত প্ৰদক্ষিণ কৰি আছে।

ব্ৰিটেইনৰ পোৰ্টছমাউথ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা গৱেষণা দলটোৰ নেতা থমাছ কোলেটে কয় যে, “এয়া এতিয়ালৈকে আৱিষ্কাৰ হোৱা শীৰ্ষ ১০টা বৃহৎ কৃষ্ণগহ্বৰৰ ভিতৰত অন্যতম, আৰু সম্ভৱতঃ আটাইতকৈ ডাঙৰ।”

আন কৃষ্ণগহ্বৰৰ ভৰ সাধাৰণতে পৰোক্ষভাৱে জুখিব পাৰি, য’ত বহুতো অনিশ্চয়তা থাকে। কিন্তু এই ক্ষেত্ৰত  পোহৰৰ বিকৃতি আৰু তৰাবোৰৰ গতি—দুটা স্বতন্ত্ৰ প্ৰমাণেই ইয়াৰ ভৰ নিৰ্ণয়ৰ বাবে এক দৃঢ় ভিত্তি প্ৰদান কৰিছিল।

গৱেষক কাৰ্লোছ মেলোৱে (ইউনিভাৰ্চিটি ফেডাৰেল ডু ৰিঅ’ গ্ৰেণ্ডে ডু ছুল, ব্ৰাজিল) কয় যে, “এয়া গুৰুত্বপূৰ্ণ কাৰণ আমি এনে কৃষ্ণগহ্বৰ ধৰা পেলাব পাৰো যিবোৰ বৰ্তমান ‘নিশব্দ’—অৰ্থাৎ সক্ৰিয়ভাৱে পদাৰ্থ গ্ৰাস কৰা নাই বা কোৱাজাৰ হিচাপে জিলিকি থকা নাই।”

বিজ্ঞানীসকলে ‘‘কচমিক হৰ্চশ্ব’’ক এক প্ৰকাৰৰ ‘জীৱাশ্ম গোট’ গেলাক্সি বুলি কয়—য’ত অতীতত বহুতো বৃহৎ গেলাক্সি একত্ৰিত হৈ এটা বিশাল গেলাক্সি গঠন কৰিছে, আৰু কেন্দ্ৰত থকা ইহঁতৰ কৃষ্ণগহ্বৰবোৰো একত্ৰিত হৈ এই অতিবৃহৎ কৃষ্ণগহ্বৰটো গঠন কৰিছে।

আমাৰ হাতীপটিৰ কৃষ্ণগহ্বৰৰ ভৰ মাত্ৰ চাৰি নিযুত সূৰ্য্যৰ সমান যদিও এই কৃষ্ণগহ্বৰৰ ভৰ প্ৰায় ৯০০০ গুণ বেছি। যদিও দুয়োটা বৰ্তমান নিষ্ক্ৰিয়, তথাপিও ইহঁতৰ অতীতৰ কোৱাজাৰ কাৰ্যকলাপৰ ইতিহাস আছে আৰু ভৱিষ্যতে পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

গৱেষকসকলৰ এই পদ্ধতিয়ে ভৱিষ্যতে দূৰৈৰ বিশ্বব্ৰহ্মাণ্ডৰ কৃষ্ণগহ্বৰৰ ভৰ অধিক সঠিকভাৱে জুখিবলৈ সহায় কৰিব পাৰে। ইউৰোপীয় মহাকাশ সংস্থাৰ (ESA) আগন্তুক ইউক্লিড মহাকাশ টেলিস্কোপকে ধৰি উন্নত যন্ত্ৰ ব্যৱহাৰ কৰি আৰু বহুতো অতিবৃহৎ কৃষ্ণগহ্বৰ আৱিষ্কাৰ কৰিব পৰা যাব— যিয়ে গেলাক্সি গঠন আৰু ইয়াৰ বিৱৰ্তনৰ ইতিহাস বুজাৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিব।

এই আৱিষ্কাৰ কৃষ্ণগহ্বৰ বিজ্ঞান আৰু মহাজাগতিক গৱেষণাৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে চিহ্নিত হৈছে।

Recent News

ভোট চুৰি-ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাঙি ধৰা ভয়ংকৰ অভিযোগটো

ভোট চুৰি-ৰাহুল গান্ধীয়ে প্ৰমাণসহ দাঙি ধৰা ভয়ংকৰ অভিযোগটো

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd