ৰাজ্যৰ স্বাস্থ্য খণ্ডক লৈ সততে প্ৰশ্ন উত্থাপন হৈ আহিছে। শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাই ৰাজ্যজুৰি চৰ্চা চলি থকা সময়তে পোহৰলৈ আহিছে অসমৰ চিকিৎসা খণ্ডৰ আন এক ব্যৰ্থতা। অসম চিকিৎসা সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডাঃ মাখান শইকীয়াই জনোৱা মতে, অসমৰ স্বাস্থ্য খণ্ডই চিকিৎসক, এম্বুলেন্স, লেবৰ সুবিধাৰ অভাৱৰ দৰে মূল বিষয়ৰ সৈতে যুঁজিব লগীয়া হৈছে। তেওঁ গ্ৰামাঞ্চল আৰু অৰ্ধনগৰীয়া অঞ্চলত স্বাস্থ্য সেৱা উন্নতি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বোজা লাঘৱ কৰাৰ বাবে জৰুৰী সমাধানৰ আহ্বান জনায়।
ড০ শইকীয়াই উল্লেখ কৰে যে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি উন্নয়ত গুৰুত্ব আৰোপ কৰিছে যদিও কৰ্মচাৰীৰ নাটনি এক ডাঙৰ সমস্যা হৈয়ে আছে। কোনো কোনো অঞ্চলত দৈনিক মাত্ৰ দুই-তিনিজন চিকিৎসকে শ শ ৰোগীক চম্ভালিব লাগে।
চৰকাৰে এক্স-ৰে আৰু ছ’নোগ্ৰাফী মেচিন যোগান ধৰিছে যদিও সেইবোৰ চলাবলৈ কোনো ৰেডিঅ’লজিষ্ট বা টেকনিচিয়ানক নিযুক্তি দিয়া হোৱা নাই। লেব আছে যদিও বিশেষজ্ঞৰ অভাৱত চিকিৎসকে ৰোগীক ব্যক্তিগত সুবিধালৈ পঠিয়াবলৈ বাধ্য হয়। ঔষধো পৰ্যাপ্ত মজুত নাই, প্ৰয়োজনীয় ঔষধ প্ৰায়ে নোহোৱা হয়।
উল্লেখ্য যে উপযুক্ত কোৱাৰ্টাৰ নথকাৰ বাবে চিকিৎসকে গ্ৰাম্যঞ্চলত কাম কৰাৰ পৰা আঁতৰি থাকে বুলি উল্লেখ কৰে ডাঃ শইকীয়াই। ২০০৭ চনত আমছাই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল, যিয়ে কোৱাৰ্টাৰ ঠিক কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল। আবাসসমূহৰ এক চতুৰ্থাংশ জৰাজীৰ্ণ, আৰু সীমাৰ দেৱাল নথকা মহিলা চিকিৎসকৰ বাবে অসুৰক্ষিত।
চিকিৎসালয়সমূহতো ক্ষেত্ৰ ভ্ৰমণৰ বাবে বাহনৰ অভাৱ আৰু জটিল ৰোগীৰ বাবে জীৱন সহায়ক ব্যৱস্থা থকা এম্বুলেন্সৰ প্ৰয়োজন পূৰণ কৰা নাই।
ডাঃ শইকীয়াই মনোবল বৃদ্ধিৰ বাবে ৰাজ্যিক চিকিৎসকসকলৰ উন্নত পদোন্নতিৰ সুযোগৰ আহ্বান জনায়। আাৰু তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে এজন অচিকিৎসকক স্বাস্থ্য সেৱাৰ সঞ্চালক (পৰিয়াল পৰিকল্পনা) পদত ছবছৰ ধৰি থাকিবলৈ দিয়া কাৰ্যক ধিক্কাৰ দিয়ে আৰু অনতিপলমে উক্ত পদত এজন চিকিৎসক নিযুক্তি দিয়াৰ দাবী জনায়।
এই পৰিৱৰ্তনে গ্ৰাম্য স্বাস্থ্যসেৱা শক্তিশালী কৰিব আৰু জিএমচিএইচত অতিৰিক্ত বোজা হ্ৰাস কৰিব বুলি তেওঁ মত প্ৰকাশ কৰিছে।