• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বৈৰতন্ত্ৰী বিজেপি দলে দেশৰ সংবিধান তথা গণতন্ত্ৰ ব্যাপক কূটাঘাতেৰে ধ্বংস কৰি পেলোৱাৰ চক্ৰান্ত চলাইছে : ড° হীৰেন গোহাঁই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 2:12 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিৰোধী দলসমূহৰ সন্মিলিত মঞ্চ, “অসম”ৰ উদ্যোগত চচলত অনুষ্ঠিত কৰা প্ৰতিবাদী সমাৱেশত বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে প্ৰেৰণ কৰা বাৰ্তাটো তলত দাঙি ধৰা হ’ল-

আজি সন্মিলিত বিৰোধী দলসমূহে চচলত অনুষ্ঠিত কৰা প্ৰতিবাদী সমাৱেশত এই বাৰ্তা ৰাইজৰ ওচৰত দাঙি ধৰা দৰকাৰ যে স্বৈৰতন্ত্ৰী বিজেপি দলে দেশৰ সংবিধান তথা গণতন্ত্ৰ ব্যাপক কূটাঘাতেৰে ধ্বংস কৰি পেলোৱাৰ যি চক্ৰান্ত চলাইছে, সি হিটলাৰৰ নাৎছি পাৰ্টিয়ে জাৰ্মান গণতন্ত্ৰ ধ্বংস কৰিবলৈ এসময়ত কৰা চক্ৰান্ততকৈ কোনো গুণেই কম ভয়াৱহ তথা জাতিৰ বাবে কম ক্ষতিকৰ নহয়। দুয়ো দলেই গণতন্ত্ৰৰ দুৰ্বলতাৰ সুযোগ লৈ আৰু প্ৰথমে সংসদত সোমাই লৈ ক্ৰমে সংবিধানৰ শিপা খান্দি  আনি দেশত কটকটীয়া স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাট লয়।

Apply Now

কিন্তু বুৰঞ্জীৰ শিক্ষা এয়ে যে ফেচিবাদ তাৰ নিজৰ হঠকাৰিতাৰ ফলতে ধ্বংসপ্ৰাপ্ত হয়।১৯৪৫ চনত জাৰ্মানি এক বিশাল ধ্বংসস্তুপত পৰিণত হৈছিল। মবাইলতে সেই সময়ৰ জাৰ্মানিৰ আলোকচিত্ৰ আজিও  উলিয়াই চাব পাৰি। আমেৰিকাৰ ধনিক শ্ৰেণীয়ে ছোভিয়েট  ৰাছিয়াৰ প্ৰভাৱৰ সমুখত বাধাৰ সৃষ্টি কৰিবলৈ লাখ লাখ কোটি টকা খৰচ নকৰা হ’লে পৃথিৱীত জাৰ্মান বুলি জাতি এটা নাথাকিলহেতেন।

অতি‌‌সম্প্ৰতি স্বৈৰতন্ত্ৰী চৰিত্ৰৰ নতুন‌ নজিৰ সৃষ্টি কৰি অসমে প্ৰকৃততে কেতিয়াও মানি নোলোৱা কা-আইনৰ সীমা ২০১৪ৰ পৰা ২০২৪লৈ প্ৰসাৰিত কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে।

যিখন আইন অনুসৰি এই গেজেট বিজ্ঞপ্তি দিয়া হৈছে, তাৰ বিষয়ে অসম তথা ভাৰতৰ মানুহে সমূলি একো জনা নাছিল। খুব সম্ভৱ সংবাদ   মাধ্যমেও গম নোপোৱাকৈ আৰু জনমত তথা বিৰোধী দলসমূহৰ মতামত তথা প্ৰতিবাদ উপেক্ষা কৰি বলপূৰ্বকভাৱে আইন প্ৰণয়ন কৰাৰ যি প্ৰৱণতা সম্প্ৰতি গঢ় লৈ উঠিছে, সেই পন্থাৰেই এই ভয়ানক জন বিৰোধী আইনখন আৰামত গ্ৰহণ কৰাই লোৱা হ’ল।

মুখত দিনে-ৰাতি গণতন্ত্ৰৰ বন্দনা গোৱা বিজেপিৰ গণতন্ত্ৰৰ নমুনা ইয়াত জাজ্বল্যমান। কা-আইনৰ বিৰুদ্ধে জ্বলি উঠা অসমৰ ৰাইজে গম পোৱা হ’লে ইয়াৰ বিৰুদ্ধে গৰ্জি  উঠিল হেতেন।তদুপৰি ই পৰিষ্কাৰ কৰি দিয়ে যে এই আইন‌ মানি ললে চুবুৰীয়া বাংলাদেশৰ আৰু লাখ লাখ নাগৰিক তথা ভোটাৰ আমদানি কৰি থাকিব বিজেপি চৰকাৰে। জনগণক প্ৰবঞ্চনা কৰাই ইহঁতৰ ধৰ্ম।

সংসদত চলে বলে হ’লেও গৃহীত কৰা আইন এখন চৰকাৰী গেজেট বিজ্ঞপ্তিৰ জৰিয়তে জাৰি কৰা কিদৰে সম্ভৱ, এই প্ৰশ্ন ৰাজপথৰ উত্তাল মানৱ সমুদ্ৰৰ পৰা ন্যায়ালয়লৈ নিব লাগিব। কিন্তু তাৰ ন্যায্যতা ন্যায়ালয়ক সকীয়াই থাকিবলৈ ৰাজপথৰ জন সমুদ্ৰৰ ভীম গৰ্জনৰ প্ৰয়োজন হ’ব।

কা-আইনৰ লগতে এনে আইন যে কেৱল আগন্তুক নিৰ্বাচনত বিজেপি ভোটাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ কৰা হৈছে তেনে নহয়। অসমীয়াৰ ভাষা-সংস্কৃতিক জীয়াই জীয়াই কবৰত পুতি পেলাবলৈ আৰু আচল খিলঞ্জীয়াৰ চিন-মোকাম মোহাৰি এহাতে আসুৰিক হিন্দুত্বৰ ধ্বজা উৰুৱাবলৈ আৰু আন‌হাতে আদানি-আম্বানিৰ লুট-পাতৰ সকলো প‌্ৰতিবন্ধক শেষ কৰিবলৈ পৰিপক্ক ব‌্যৱস্থা কৰা হৈছে।

আমাৰ সমুখত দুটাই ৰাস্তা। আমি আমাৰ চিনাকী আৰু আদৰৰ গণতান্ত্ৰিক ভাৰত বিচাৰিম, নে ইহঁতে ছলে-বলে-কৌশলে গঢ়ি থকা গোলামিৰ ভাৰতৰ বাসিন্দা হ’ম?

মোৰ দৃঢ় বিশ্বাস ৰাইজে বুজি‌‌ পালে কেতিয়াও দ্বিতীয় পথত ভৰি নিদিব। আপোনালোকৰ দায়িত্ব ৰাইজৰ সমুখত প্ৰথম বিকল্পৰ স্পষ্ট ৰূপ ৰাইজৰ আগত দাঙি ধৰা আৰু তাৰ বাবে প্ৰয়োজনীয় কষ্ট, ত্যাগৰ বাবে নিজৰ লগতে ৰাইজকো সাজু কৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd