• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত অবৈধ; জনালে আমেৰিকাৰ আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 7:09 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অনুদান বাতিল কৰাৰ সিদ্ধান্ত লৈছিল। সেই দেশৰ প্ৰশাসনে হাৰ্ভাৰ্ডৰ পুঁজি কৰ্তনৰ সিদ্ধান্ত বাতিল কৰিছে আদালতে। একে সময়তে তাৰ আদালতে ড’নাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তক অবৈধ বুলি ঘোষণা কৰে।

ইহুদী বিদ্বেষৰ অভিযোগ তুলি আমেৰিকা প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ২ বিলিয়ন ডলাৰতকৈ অধিক অনুদান বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। বুধবাৰে মেছাচুচেটছৰ বষ্টনৰ ফেডাৰেল জজ এলিছন বাৰ’ছে এই সিদ্ধান্ত বাতিল কৰাৰ নিৰ্দেশ দিয়ে।

Apply Now

প্ৰসংগক্ৰমে ইজৰাইলৰ গাজাত আক্ৰমণৰ প্ৰতিবাদত বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰা হয়। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় প্ৰশাসনে ইহুদী আৰু ইজৰাইলী ছাত্ৰ-ছাত্ৰীক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে ট্ৰাম্প প্ৰশাসনে। এই দাবীৰ ওপৰত আমেৰিকা প্ৰশাসনে বিশ্ববিদ্যালয়খনক ফেডাৰেল পুঁজি আৰু অনুদান বন্ধ কৰি দিছিল। বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো সকীয়াই দিয়ে ট্ৰাম্পে। অৱশ্যে হাৰ্ভাৰ্ডে আমেৰিকা প্ৰশাসনৰ অভিযোগ নাকচ কৰে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে হাৰ্ভাৰ্ডৰ নিযুক্তি, নামভৰ্তি আৰু পাঠ্যক্ৰম নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে এই অভিযোগ আনিছিল। পুঁজি কৰ্তনৰ বাবে বিশ্ববিদ্যালয়খনে নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ বাধ্য হয়। বিভিন্ন গৱেষণামূলক কাম-কাজতো বাধাৰ সৃষ্টি হৈছিল। ইয়াৰ বাবে জনস্বাস্থ্য আৰু চিকিৎসা গৱেষণা তাত বন্ধ কৰিবলগীয়া হৈছিল।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়েও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল। সেই আবেদনৰ শুনানিৰ সময়ত আদালতে কয় যে হাৰ্ভাৰ্ডৰ পুঁজি স্থগিত ৰখাৰ নিৰ্দেশ আৰু পুঁজি বন্ধ কৰাৰ পত্ৰই আমেৰিকাৰ সংবিধানৰ প্ৰথম সংশোধনী উলংঘা কৰিছে। ইয়াৰ লগে লগে আদালতে বাতিল কৰিছে ট্ৰাম্প প্ৰশাসনৰ নিৰ্দেশ। ইয়াৰ লগতে আদালতে কয় যে আমেৰিকা প্ৰশাসনে ইহুদী বিদ্বেষক কাৰণ হিচাপে লৈ ভৱিষ্যতে হাৰ্ভাৰ্ডৰ ধন কেতিয়াও কৰ্তন কৰিব নোৱাৰিব।

ইয়াৰ পিছত আমেৰিকাৰ আলবানি ল স্কুলৰ অধ্যাপক ৰে ব্ৰেচিয়াই মন্তব্য কৰে যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এক বৃহৎ জয় লাভ কৰিছে।

আদালতৰ ৰায়দানৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰেছিডেন্ট এলান মাইকেল গাৰ্বাৰে কয় যে, “এই ৰায়দানে বিশ্ববিদ্যালয়খনত শৈক্ষিক স্বাধীনতাৰ বাবে আমাৰ যুক্তিৰ বৈধতা প্ৰদান কৰিছে।” আনহাতে, হোৱাইট হাউছৰ মুখপাত্ৰ লিজ হাষ্টনে কয় যে আদালতৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd