অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ হিন্দু বঙালীসকলৰ নাগৰিকত্বকলৈ কৰা বিস্ফোৰক মন্তব্যই তুলপাৰ লগাইছে ৰাজ্যৰ জাজনৈতিক মহলত। সংবাদ মাধ্যমৰ আগত মঙলবাৰে তেওঁ কয় যে ৰাজ্যৰ হিন্দু বঙালীসকলে নাগৰিকত্ব (সংশোধনী) আইনৰ (CAA) অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰা নাই কাৰণ তেওঁলোক নিশ্চিত যে তেওঁলোক ইতিমধ্যেই ভাৰতীয় নাগৰিক। সংবাদমেলত তেওঁ বুজাই কয় যে বেছিভাগ হিন্দু বঙালী ১৯৭১ চনৰ আগতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সময়ত অসমলৈ আহিছিল আৰু তেওঁলোকৰ ভাৰতীয় পৰিচয়ৰ ওপৰত আত্মবিশ্বাসী। শৰ্মাই কয় যে ‘কা’ আাইন ৰ অধীনত মাত্ৰ ১২ জনে নাগৰিকত্বৰ বাবে আবেদন কৰিছে আৰু এতিয়ালৈকে মাত্ৰ তিনিজনেহে নাগৰিকত্ব লাভ কৰিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ কিছুমান সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদান কৰা ‘কা’ আাইন অসমৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ নহয়। তেওঁ উল্লেখ কৰে যে ২০২৫ চনৰ ইমিগ্ৰেচন আৰু বিদেশী (ৰেহাই) আদেশৰ পিছত, যিয়ে ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আগমন কৰা এই সংখ্যালঘুসকলক ভ্ৰমণ নথি-পত্ৰ অবিহনে ভাৰতত থাকিবলৈ অনুমতি দিয়ে, সেই সকললোকৰ পৰা কোনো নতুন আবেদন পোৱা নাই। শৰ্মাই কয় যে যদি লাখ লাখ আবেদন আহে তেতিয়া চৰকাৰে পদক্ষেপ ল’ব, কিন্তু বৰ্তমান এই বিষয় অসমত তাৎপৰ্যপূৰ্ণ নহয়।
কিন্তু সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু বিৰোধী দলসমূহে ‘কা’ আাইনৰ সমালোচনা কৰি কয় যে ই ১৯৮৫ চনৰ অসম চুক্তিৰ বিপৰীত, যিয়ে ১৯৭১ চনৰ মাৰ্চক অবৈধ প্ৰব্ৰজনকাৰী চিনাক্ত আৰু বিতাড়নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰিছিল। তেওঁলোকৰ অভিযোগ উত্থাপন কৰিছেন যে, ‘কা’ আৰু ২০২৫ৰ আদেশে এই সীমা ২০২৪লৈ বৃদ্ধি কৰি বিজেপি চৰকাৰে বাংলাদেশৰ পৰা অহা শেহতীয়া হিন্দু বঙালী প্ৰব্ৰজনকাৰীক নাগৰিকত্ব দিয়াৰ পৰিকল্পনা কৰিছে।