ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰিছে যে তেওঁৰ দলে ২০৬২ৰ অসম বিধানসভা নিৰ্বাচনত ৩৬টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। তেজপুৰৰ বিহগুৰি চন্দ্ৰনাথ শৰ্মা ভৱনত ২০০ৰো অধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত তেওঁ এই কথা সদৰী কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। শিৱসাগৰৰ পৰা নিজে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও ঘোষণা কৰে। গগৈয়ে ৰাইজৰ দল এতিয়া এক শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আৰু বহু আসনত জয়ী হ’বলৈ সাজু বুলি মতপোষণ কৰিছে।
গগৈয়ে বিৰোধী দলসমূহৰ সৈতে ঐক্যৰ কথা সমৰ্থন কৰে যদিও কংগ্ৰেছ দলৰ মনোভাৱৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে ৰাইজৰ দলে সদায় বিৰোধী ঐক্যৰ পক্ষত থিয় দিছে, কিন্তু আসন ভাগ-বতৰাৰ আলোচনাত সন্মানৰ দাবী ৰাখে। তেওঁৰ মতে, ৰাইজৰ দলৰ শক্তি এতিয়া এনে যে ৩৬টা সমষ্টিত তেওঁলোকে হয় জয়ী হ’ব পাৰে নহয় শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব পাৰে।
অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি বিশেষ তদন্তকাৰী দল (এছআইটি)ৰ প্ৰতিবেদন সম্পৰ্কীয় মন্তব্যক “ৰাজনৈতিক প্ৰহসন” বুলি অভিহিত কৰে। তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে ১০ ছেপ্টেম্বৰত প্ৰতিবেদন প্ৰকাশ বা পদত্যাগৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু কোনোটোৱেই নকৰিলে, যিয়ে প্ৰমাণ কৰে প্ৰতিবেদনৰ কোনো মূল্য নাই। “সন্দেহযুক্ত নাগৰিক”ৰ কথাকো গগৈয়ে ভোটৰ ৰাজনীতিৰ কৌশল বুলি উলাই কৰে।