গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড⁰ বি বিজয়কুমাৰৰ নেতৃত্বত এটা ২৮ জনীয়া গৱেষক শিক্ষাৰ্থীৰ দলে তামিলনাডুস্থিত Central Institute of Classical Tamilত ১০ ছেপ্টেম্বৰ তাৰিখৰ পৰা ভাৰতৰ প্রথম স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী তামিল ভাষাৰ ঐতিহ্য, সংস্কৃতি, সাহিত্যৰ আদান–প্ৰদান আৰু গৱেষণাৰ বাবে আয়োজিত সাতদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি এই কৰ্মশালাত অংশগ্ৰহণ কৰা গৱেষকক শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই কয় যে, “ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ এক গুৰত্বপূৰ্ণ অংগ হৈছে ভাষা। আমাৰ সংস্কৃতিক বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিবলৈ আমি ধ্ৰুপদী ভাষাসমূহক গুৰুত্ব প্ৰদান কৰিব লাগিব। আশা কৰিছোঁ উক্ত প্ৰচেষ্টাই অসমীয়া আৰু তামিল ভাষাৰ গৱেষণাৰ দিশত মিলন ঘটাই এক নতুন দিগন্তৰ পথ প্ৰশস্ত কৰিব।”
Central Institute of Classical Tamilৰ সঞ্চালক অধ্যাপক আৰ চন্দ্ৰশেখৰণে উদ্বোধন কৰা উক্ত কৰ্মশালাত ইণ্ডিয়ান কাউন্সিল অৱ ফিল’চফিকেল ৰিচাৰ্চৰ সদস্য অধ্যাপক কে চম্বথকুমাৰে ভাৰতীয় ঐতিহ্যত স্থানীয় ভাষাসমূহৰ অপৰিসীম গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰশিক্ষক হিচাপে উপস্থিত থকা পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক মৰুদানায়কমে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰ লগত মিল থকা তামিল ভাষাৰ বিভিন্ন গৌৰৱময় ঐতিহ্যৰ কথা উল্লেখ কৰে। কৰ্মশালাৰ সময়ছোৱাত দলটোৱে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰে।