অসমত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দিনে দিনে অধিক তীব্ৰ হৈ পৰিছে। ডিব্ৰুগড়, তিনিচুকীয়া আৰু ধুবুৰীৰ পাছত মঙলবাৰে নিশা যোৰহাটত কঁপিল ৰাজপথ। হাতে হাতে অগ্নিশিখা লৈ হাজাৰো প্ৰতিবাদকাৰী ঐতিহাসিক ৰাজমাও পুখুৰীপাৰত সমবেত হৈ বৃ্হৎ প্ৰতিবাদী সমদল উলিয়াই।
জাতীয় জনগোষ্ঠী সংগঠনৰ আহ্বানত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীয়ে একমাত্ৰ দাবী উত্থাপন কৰে “ছয় জনগোষ্ঠীক জনজাতিকৰণ দিয়ক, কা আইন বাতিল কৰক আৰু বিদেশীক বহিষ্কাৰ কৰক।”
প্ৰায় হাজাৰো অধিক প্ৰতিবাদকাৰী সমদলক নিয়ন্ত্ৰণ কৰিবলৈ এক সহস্ৰাধিক আৰক্ষী বাহিনী মোতায়ন কৰা হৈছিল । প্ৰথমতে আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত টনা-আজোৰা পৰিস্থিতি সৃষ্টি হয়। যদিও পাছলৈ প্ৰতিবাদকাৰীসকলে বাধা ভাঙি নগৰৰ মাজেদি শোভাযাত্ৰা কৰি পুনৰ ৰাজমাও পুখুৰীপাৰত একত্ৰিত হয় আৰু প্ৰতিবাদী কাৰ্যসূচী সামৰণি পেলায়।
প্ৰতিবাদকাৰীয়ে “মৰিলেও মৰি যাম জনজাতিকৰণ লৈ যাম”, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া”, “অসম আৰক্ষী মুৰ্দাবাদ”, “কা আইন বাতিল কৰক, বিদেশীক বহিষ্কাৰ কৰক” আদি শ্লোগানত যোৰহাটৰ পৰিৱেশ উত্তাল কৰি তোলে।
চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় উপদেষ্টা মোহন শইকীয়াই সংবাদমাধ্যমৰ আগত “কা আইনৰ ম্যাদ বৃদ্ধি কৰি বিদেশীক সংস্থাপন দিয়াৰ সিদ্ধান্ত বিৰোধিতা কৰিছো। বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মিছা প্ৰতিশ্ৰুতি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন সৰ্বকালৰ ব্যৰ্থ নেতা। যদি নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিয়া হয়, এই প্ৰতিবাদ অব্যাহত থাকিব
একেই ধৰণৰ প্ৰতিবাদী ধ্বনি তুলি টাই আহোম ছাত্র সন্থাৰ কাৰ্যকৰী সভাপতি কুমুদ গগৈয়ে কয় “ছয় জনগোষ্ঠীক জনজাতিকৰণ নিদিলে বিজেপি চৰকাৰৰো ভাগ্য কংগ্ৰেছৰ দৰে হ’ব। ২০২৬ৰ নিৰ্বাচনৰ আগতেই আমাক জনজাতিকৰণৰ মৰ্যদা দিব লাগিব” মত পোষণ কৰিছে।