ভাৰত আৰু চীনত আমেৰিকাই শুল্ক বৃদ্ধি কৰাৰ পা ছৰে পৰা আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। আনহাতে, যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ৰাজনৈতিক চৰিত্ৰ সলনি হৈছে। এনে পৰিস্থিতিত তিনি বছৰৰ অন্তত চীনে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাক ৪ হাজাৰ কোটি টকাৰ ঋণ প্ৰদান কৰিছে। ফলত দ্বীপ ৰাষ্ট্ৰখনৰ দীৰ্ঘদিনীয়া প্ৰকল্পটোৰ কাম আৰম্ভ হৈছে। বেইজিঙৰ এই সিদ্ধান্ত নতুন দিল্লীৰ বাবে তাৎপৰ্যপূৰ্ণ।
ভয়াৱহ আৰ্থিক সংকটৰ মাজতে সমগ্ৰ দেশতে জনসাধাৰণৰ প্ৰতিবাদৰ বাবে ২০২২ চনত শ্ৰীলংকাৰ তদানীন্তন চৰকাৰৰ পতন ঘটিছিল। তেতিয়াৰ পৰাই কলম্বোৱে নতুন শাসকৰ নেতৃত্বত লাহে লাহে ঘূৰিবলৈ চেষ্টা কৰি আহিছে। যদিও ভাৰতে চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰখনক প্ৰায় দেউলীয়া পৰিস্থিতিত সহায় কৰিছিল। আনহাতে, চীনে বেয়া সময়ত শ্ৰীলংকাক দিয়া আৰ্থিক সাহায্য বন্ধ কৰি দিছিল। তেওঁলোকেই তিনি বছৰৰ বাবে ঋণ দিছিল। সূত্ৰ অনুসৰি বেইজিঙে শ্ৰীলংকাৰ বাবে ৪.৩ বিলিয়ন টকা (৫০ কোটি ডলাৰ) ঋণৰ অনুমোদন জনাইছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে ইয়াৰ বাবে চীনৰ বেংকক ধন্যবাদ জ্ঞাপন কৰে। ফলত দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা ঘাইপথ প্ৰকল্পটোৰ কাম পুনৰ আৰম্ভ হৈছে।
সূত্ৰ অনুসৰি এইবাৰ কলম্বো আৰু কেণ্ডী সংযোগী ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চেণ্ট্ৰেল এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ২০২৩ চনৰ মাজভাগত এই ঘাইপথ নিৰ্মাণ বন্ধ কৰা হৈছিল।শ্ৰীলংকা চৰকাৰৰ মতে চীনৰ পৰা ঋণ লৈ ২০২৮ চনৰ এপ্ৰিল মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব পৰা যাব। মন কৰিবলগীয়া যে অর্থনৈতিক মন্দাৱস্থাৰ সন্মুখত কেৱল ভাৰত আৰু চীনে নহয়, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)য়েও শ্ৰীলংকাক ২.৯ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। প্ৰশ্ন উত্থাপন হয়, চীনৰ ওপৰত শ্ৰীলংকাৰ নিৰ্ভৰশীলতাৰ বাবে নতুন দিল্লীত হেঁচা নপৰেনে! যদিও আমেৰিকাৰ শুল্ক বোমা বিস্ফোৰণৰ পিছত ভাৰত-চীন সম্পৰ্কৰ বৰফ গলি গৈছে।