• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2025 8:31 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে এটা ভাইৰেল ভিডিঅ’ই গুজৰাটৰ ভাৰুচ জিলাৰ আমোদ পৌৰসভাক লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে আৰম্ভ হোৱা ১৫ দিনীয়া ‘স্বচ্ছতা হি সেৱা’ কাৰ্যসূচীৰ প্ৰথম দিনাই সংঘটিত হয় এই ঘটনা।

ভিডিঅ’টোত আমোদ পৌৰসভাৰ সভাপতি জলপা পেটেল আৰু মুখ্য কাৰ্যবাহী বিষয়া পংকজ নায়কে নিৰ্দিষ্ট খেলপথাৰত উপস্থিত হৈয়েই কৰ্মীসকলৰ পৰা ঝাড়ু বিচৰা দেখা গৈছে। ইয়াৰ মাজতে এজন অনাময় কৰ্মীয়ে ডাষ্টবিনৰ পৰা জাবৰ উলিয়াই নিৰ্দিষ্ট পথত ছটিয়াই দিয়ে। তাৰ পিছত পেটেল আৰু নায়কৰ হাতত ঝাড়ু তুলি দিয়া হয়।

Apply Now

কিন্তু দুয়োজনে কেমেৰাৰ উপস্থিতি অনুভৱ কৰাৰ লগে লগে দ্বিধাবোধ কৰা দেখা গৈছে। পেটেলক এটা সময়ত পিছুৱাই যোৱা দেখা যায়, আৰু নায়কে হাতত ঝাড়ু লৈ তেওঁৰ পিছে পিছে যায়।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱাতে অনাময় কৰ্মীয়ে খেলপথাৰখন চাফা কৰিছিল। ফলত অনুষ্ঠানৰ সময়ত ঝাড়ু দিবলৈ একো আৱৰ্জনা বাকী নাথাকিল। সেইবাবেই ইচ্ছাকৃতভাৱে ঠাইখিনি লেতেৰা কৰা হৈছিল।

এই ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে স্থানীয় কংগ্ৰেছ নেতৃত্বই বিজেপিক তীব্ৰ আক্ৰমণ কৰে। ভাৰুচ যুৱ কংগ্ৰেছৰ নেতা কেতন মাকৱানাই কয়, “এয়া এক  প্ৰহসন। যেতিয়া সাধাৰণ জনতাই লেতেৰা পৰিৱেশত ভুগি আছে, মহৰ দ্বাৰা সংক্ৰমিত ৰোগ বিয়পাইছে, তেতিয়া পৌৰসভা আৰু বিজেপিৰ নেতাসকলে ৰাইজৰ সমস্যা সমাধানৰ পৰিৱৰ্তে ফটোশ্বুটৰ ৰাজনীতি কৰিছে। ইয়াৰ বাবে জলপা পেটেলে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে।”

আনহাতে, ৰাজ্যৰ বহু ঠাইত অনাময় ব্যৱস্থাৰ অভাৱ চকুত পৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰে। ডেংগু, মেলেৰিয়াকে ধৰি বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। কিন্তু পৌৰসভা আৰু শাসকীয় দলৰ নেতাসকল কেৱল ইভেণ্ট মেনেজমেণ্টত ব্যস্ত।

অখিল ভাৰতীয় চাফাই মজদুৰ সংঘৰ অমোদ শাখাৰ নেতা হিৰাভাই ছোলাংকিয়ে কয় যে ঘটনাত জাবৰ পেলোৱা ব্যক্তিজনে এই নিৰ্দেশ অমান্য কৰিব নোৱাৰিলে। “আমি নিম্নবৰ্গৰ কৰ্মী। কৰ্তৃপক্ষৰ নিৰ্দেশ পালন কৰাৰ বাহিৰে আন উপায় নাই। আমাৰ চাকৰি বচাবলৈ আৱৰ্জনা পেলাবলৈ বাধ্য হৈছিলো। আমি যদি সেইবোৰ পালন নকৰিলোহেঁতেন তেন্তে লগে লগে আমাৰ চাকৰি গ’লহেঁতেন।” এই মন্তব্যই নতুন প্ৰশ্নৰ উত্থাপন কৰিছে – নিম্নস্তৰৰ কৰ্মীসকলক কেনেকৈ ৰাজনৈতিক কামত ব্যৱহাৰ কৰা হৈছে।

ভাৰুচ জিলা বিজেপিৰ সভাপতি প্ৰকাশ মোদীয়ে স্বীকাৰ কৰে যে তেওঁ ব্যক্তিগতভাৱে বহু লোকৰ পৰা ভিডিঅ’টো লাভ কৰিছে। তেওঁ কয়, ‘ৰাজ্যৰ কাৰ্যনিৰ্বাহক সভাত বিষয়টো আলোচনা কৰা হ’ব।দলে কাকো নাটক সৃষ্টি কৰিবলৈ কোৱা নাছিল। প্ৰত্যেককে প্ৰকৃত চাফাই কাম কৰিবলৈ কোৱা হৈছে। কোনো নেতাই যদি নিজৰ ব্যক্তিগত সিদ্ধান্তত ভুল কৰে তেন্তে তাৰ দায়িত্ব ল’ব লাগিব।”

তেওঁ লগতে কয় যে চাফাই অভিযান ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ প্ৰতি বছৰে ২ অক্টোবৰত শেষ হয়। ইয়াৰ উদ্দেশ্য ৰাইজৰ মাজত সজাগতা বিয়পাই দিয়া, কেমেৰাৰ সন্মুখত দেখুৱাবলৈ নহয়।

ঘটনাৰ পিছৰে পৰা অমোদকে ধৰি সমগ্ৰ ভাৰুচ জিলাত আলোড়নৰ সৃষ্টি হৈছে। সাধাৰণ জনতাও ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকৰ বক্তব্য – “নেতাসকলে ফটো তুলিবলৈ অনাময় কৰ্মীসকলক দি মাটি লেতেৰা কৰা মানে চৰকাৰৰ স্বচ্ছতা অভিযানক কৌতুকলৈ ৰূপান্তৰিত কৰা।”

ৰাজনৈতিক মহলে ধাৰণা যে এই ঘটনাই বিজেপিৰ ভাবমূর্তিত ডাঙৰ আঘাত কৰিছে৷ স্বচ্ছ ভাৰত অভিযানৰ সৈতে মোডীৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাক লৈ প্ৰশ্ন উত্থাপন হৈছে। স্থানীয় নেতৃত্বৰ এনে আচৰণে বিৰোধীৰ হাতত এটা ৰাজনৈতিক আহিলা দিছে।

অমোদ কাণ্ডই স্পষ্ট কৰি দিয়ে যে বিজেপিৰ স্বচ্ছতা অভিযানৰ বাবে আন্তৰিক প্ৰচেষ্টাতকৈ আনুষ্ঠানিকতাহে বেছি। ৰাইজক আভুৱা ভৰা নীতিৰে শাসন চলোৱা নেতাৰ এনে কাণ্ড দলটোৰ বাবেই লজ্জাজনক হৈ পৰিছে। এতিয়া জলপা পেটেল আৰু পৌৰসভাৰ বিষয়া পংকজ নায়কৰ বিৰুদ্ধে বিজেপিৰ ৰাজ্যিক নেতৃত্বই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd