জুবিন গাৰ্গৰ মৃত্যুক লৈ গুণমুগ্ধৰ সন্দেহ যেন এতিয়া সঁচা প্ৰমাণিত হৈছে! শেহতীয়াকৈ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ সমাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চাঞ্চল্যৰ সৃষ্টিকাৰী হোৱাটছএপৰ কেইখন মান স্ক্ৰীণশ্বট(এই স্ক্ৰীণশ্বটসমূহৰ সত্যতা নৰ্থইষ্ট নাৱে পৰীক্ষা কৰা নাই)। হোৱাটছএপ কথোপকথনৰ এই স্ক্ৰীণশ্বটসমূহে জুবিন গাৰ্গৰ মৃত্যুক ৰহস্যঘন কৰি তুলিছে। উক্ত স্ক্ৰীণশ্বটসমূহত জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰৰ আভাস পোৱা পোৱা গৈছে।

ভাইৰেল হোৱাটছএপ কথোপকথনৰ স্ক্ৰীণশ্বটসমূহত উল্লেখ থকা অনুসৰি, ছিংগাপুৰৰ ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ কিছু তথ্য বহিঃপ্ৰকাশ হৈছে। বিশেষকৈ, জুবিনক হাস্পতাললৈ লৈ যোৱাৰ সময়ত তেওঁৰ ভাতৃ সন্দীপন গাৰ্গক লগত যাবলৈ দিয়া নাছিল। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ অভিভাৱক হিচাপে উপস্থিত থকা বিষয়টোক লৈ প্রশ্ন উত্থাপন হৈছে। লগতে, জুবিনৰ ম’বাইল ফোন এতিয়ালৈকে সন্ধানহীন হৈ আছে বুলিও অভিযোগ উঠিছে। সন্দীপনে ফোনটো বিচৰা স্বত্বেও মেনেজাৰ সিদ্ধাৰ্থই ফোনটো দিবলৈ অস্বীকাৰ কৰাৰ কথাও পোহৰলৈ আহিছে।
ভাইৰেল স্ক্ৰীণশ্বটসমূহৰ তথ্য অনুসৰি, জুবিনৰ স্বাস্থ্য কথা জনাৰ পিছটো ইয়টত পাৰ্টী কৰিবলৈ লৈ যোৱাৰ সিদ্ধান্তই সন্দেহ অধিক ঘনীভূত কৰি তুলিছে। যাত্ৰাত সংগী এজনে বাদ্যযন্ত্ৰৰ ডাঙৰ প্ৰতিষ্ঠানলৈ যাবলৈ পৰামৰ্শ দিলেও, সিদ্ধাৰ্থই ইয়ট পাৰ্টীক অগ্ৰাধিকাৰ দিছিল বুলি পোহৰলৈ আহিছে। এই ক্ষেত্ৰত মৃগীৰ সমস্যাত ভোগা ব্যক্তিজনৰ বাবে পানীত নামিবলৈ অনুমতি কিয় দিয়া হৈছিল সেয়াও ৰহস্যৰ বিষয় হৈ পৰিছে।
ইফালে ভাইৰেল স্ক্ৰীণশ্বটৰ পৰা, জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কৰ্মৰত সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ অৰ্জন কৰা ধন ব্যৱহাৰ কৰি ব্যক্তিগত সম্পত্তি সংগ্ৰহকৰাৰ কথাও প্ৰকাশ পাইছে। খাৰঘুলীত ২০ কোটি টকাৰ মাটি ৫ কোটি টকাত কিনিব পৰা নাছিল জুবিন, কিন্তু ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ওচৰত নিৰ্মাণাধীন হোটেল প্ৰকল্পত প্ৰায় ৩০ কোটি টকা বিনিয়োগ কেনেদৰে কৰা হ’ল সেই প্ৰশ্নৰ লগতে, ৩ কোটি টকীয়া বটলিং প্লাণ্টৰ সৈতে সংযোগৰ কথাও ভাইৰেল তথ্যত প্ৰকাশ পাইছে।





