• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামি গ’ল বিজেপিৰ আই টি চেল! জুবিনৰ মৃত্যুক লৈ হীৰেন গোহাঁই আৰু অজিত কুমাৰ ভূঞাৰ নামত চলাইছে ভুৱা প্ৰচাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2025 8:15 pm
133
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ ৰাজ্যক শোকস্তব্ধ কৰি ৰাখিছে। জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে শোকত ডুব যায় ৰাজ্যবাসী। জুবিন গাৰ্গৰ হাজাৰ হাজাৰ অনুৰাগীৰ লগতে ৰাজ্য বিভিন্ন শ্ৰেণীৰ লোকে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰাজপথলৈ ওলাই আহে। সকলোৱে একে মুখে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী কৰিছে। সকলোৱে সমস্বৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত জড়িতসকলৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।

এনে সময়তে সামাজিক মাধ্যমত এক দুষ্ট চক্ৰই ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁই আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে অতি নিকৃষ্ট পৰ্যায়ৰ ভুৱা প্ৰচাৰ চলাবলৈ ধৰিছে। এই দুষ্ট চক্ৰটো বিজেপিৰ আইটি চেলৰ লোক বুলিও চৰ্চা চলিছে। উজ্বল ভূঞা নামৰ এই চক্ৰটোৰে এজন সদস্যই ফেচবুকত ভুৱা প্ৰচাৰৰ নেতৃত্ব লোৱা দেখা গৈছে। নিজৰ ফেচবুক একাউণ্টত এই লোকজনে টেমপ্লেট শ্বেয়াৰ কৰি লিখিছে যে পূৱবঙ্গীয় মুছলমানৰ ঔৰসত জন্ম লোৱাকেইটাই নিজৰ নিজৰ লেতেৰা চৰিত্ৰ আৰু এজেণ্ডাবোৰ প্ৰকাশ কৰা আৰম্ভ কৰিছে। ৰাইজ এই কেইটাৰ কথাত গুৰুত্ব নিদিব। আমাক ন্যায় লাগে এই কেইটাৰ ফটুৱা ৰাজনীতি নালাগে। এই বিকৃত মানসিকতাৰ লোকজনে পোষ্টটোত কৰা টেমপ্লেটকেইখনত ডঃ হীৰেন গোহাঁই আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নাম উল্লেখ কৰা হৈছে।

Apply Now

চিন্তাবিদ ডঃ হীৰেন গোহাঁইৰ নাম উল্লেখ থকা প্লেটখনত জুবিন গাৰ্গৰ হত্যাকাণ্ডত অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি দল জড়িত থকাৰ মোৰ সন্দেহ হয় বুলি লিখা আছে। সকলো সময়তে মিঞাক দোষ দি থাকে, জুবিন গাৰ্গক মিঞাই হত্যা কৰা নাই অসমীয়াই হত্যা কৰিলে বুলি লিখা আছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নামত থকা প্লেটখনত। জনমানসত তেওঁলোকক হেয় প্ৰতিপন্ন কৰাৰ লগতে সামাজিকভাৱে বদনাম কৰিবলৈ দুষ্ট চক্ৰটোৱে এই নিকৃষ্ট কাণ্ড কৰিছে বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, চিন্তাবিদ ডঃ হীৰেন গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাই অসম নাগৰিক সন্মিলনৰ হৈ জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ তদন্ত বিচাৰি প্ৰেছ বিবৃতিয়ো প্ৰদান কৰিছিল। তেওঁলোকে এজন সৎ আৰু নিৰ্ভীক প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, এজন অপৰাধ বিশেষজ্ঞ আৰু এজন উচ্চ ন্যায়ালয়ৰ অধিবক্তাক লৈ এই তদন্ত কমিটি গঠন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল। চৰকাৰৰ লগত হলি-গলি নথকা এনে লোকৰ দ্বাৰা অনুসন্ধান চলালেহে জুবিনৰ মৃত্যুৰ সকলো কথা পোহৰলৈ আহিব। অন্যথা অসমৰ ৰাইজৰ বাবে জুবিনৰ অকাল আৰু আকস্মিক বিয়োগ চিৰদিনৰ বাবে সাঁথৰ হৈ ৰ’ব বুলিও বিবৃতিত উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd