আজি প্ৰয়াত কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনটোত পত্নী গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰত এক ৰহস্যজনক পৰিস্থিতিত শিল্পীগৰাকীৰ মৃত্যুক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে।
তেওঁ কয়, ‘য়টত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী। তেওঁক পানীৰ পৰা আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল। সেইখিনি কিয় নকৰিলে মই বুজি পোৱা নাই। মোৰ বহু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ উত্তৰ মই বিচাৰিছোঁ।‘
গৰিমাই কয় যে ‘জুবিনে শুই ভাল পায়, জুবিনক হোটেলতে শুবলৈ দিব লাগিছিল। তাৰ পৰা কিয় পুৱাই তুলি নিয়া হৈছিল?‘
গৰিমাৰ প্ৰশ্ন, ‘জুবিন অনুষ্ঠানৰ বাবেহে গৈছিল। তেনেকুৱা স্থানত স্ফূৰ্তি-তামাচাৰ বাবে নিছিল কিয়? তেওঁ লগতে কয়, ‘মোৰ বহু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ উত্তৰ মই বিচাৰিছো।‘
গৰিমা গাৰ্গে কয় যে ‘ভাগৰুৱা জুবিনক সাগৰত নামিবলৈ দিব নালাগিছিল। সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীয়ে বাধা দিব লাগিছিল। য়টত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী।‘ তেওঁ লগতে জানিবলৈ দিয়ে, ‘চৰকাৰৰ তদন্তৰ ওপৰত মোৰ আস্থা আছে।‘
উল্লেখ্য যে ছিংগাপুৰত শ্যামকানু মহন্তই আয়োজন কৰা নৰ্থইষ্ট ফেষ্টিভেলত মূল ব্যক্তি হিচাপে আমন্ত্ৰিত আছিল জুবিন গাৰ্গ। কিন্তু জুবিনৰ মৰ্মান্তিক ঘটনাৰ পিছত সুৰ সলাই শ্যামকানু মহন্তই কৈছিল যে জুবিনে নিজেই জিৰণি ল’বলৈহে তালৈ আহিছিল। ৰাইজৰ প্ৰবল ৰোষত পৰাৰ পিছত গোপন স্থানৰ পৰা ভিডিঅ’ পোষ্ট কৰি শ্যামকানুই এই ঘটনাৰ লগত জড়িত নহয় বুলি চাফাই দিছিল।
শ্যামকানু মহন্তৰ বক্তব্যক জুবিন অনুৰাগীসকলৰ লগতে অসমৰ জনসাধাৰণে কোনোমতে বিশ্বাসত লোৱা নাই। তদুপৰি, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বেপেৰোৱা মনোভাৱৰ বাবেই জুবিনৰ এনে কৰুণ পৰিণতি হোৱা বুলি সকলোৱে একেমুখে দাবী কৰি আহিছে। ইয়াৰ লগতে সাগৰলৈ লৈ যোৱা দলটোত থকা লোকসকলৰ লগতে অনুষ্ঠানটোৰ বাবে অসমৰ পৰা গৈ ছিংগাপুৰত উপস্থিত থকা সকলোৰে ওপৰত সন্দেহৰ উদ্ৰেক হৈছে।





