• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেটি লিভাৰৰ সমস্যা হ’লে ফলমূল খাওক, কিন্তু অতিমাত্ৰা ফল নাখাব! নহ’লে বাঢ়িব পাৰে সমস্যা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2025 7:28 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ’ল যকৃত (লিভাৰ)। ই তেজ পৰিষ্কাৰ কৰা, পাচনত সহায় কৰা, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা, হৰম’ন নিয়ন্ত্ৰণ কৰা, শক্তি সংৰক্ষণ কৰা আদি বহুতো গুৰুত্বপূৰ্ণ কাম কৰে। গতিকে লিভাৰৰ স্বাস্থ্য মানে শৰীৰৰ সামগ্ৰিক স্বাস্থ্য।

অনিয়মিত জীৱনশৈলী, অত্যধিক ঔষধ খোৱা, ভজা খাদ্য খোৱা, মদ খোৱা, মানসিক চাপৰ ফলত লিভাৰ সহজে ক্ষতিগ্ৰস্ত হয়। কিন্তু আপুনি জানেনে যে উপযুক্ত খাদ্যাভ্যাস আৰু নিয়মিতভাৱে কিছুমান বিশেষ ফল খালে যকৃতক বহুখিনি সুস্থ কৰি ৰাখিব পাৰি?

Apply Now

* লিভাৰৰ কাম কি?

লিভাৰে আমাৰ শৰীৰত ৫০০ৰো অধিক কাৰ্য্য সম্পাদন কৰে। ইয়াৰ মূল কাৰ্য্যসমূহ হ’ল:

* খাদ্যৰ পৰা পুষ্টিকৰ উপাদান শোষণ কৰি তেজত বিতৰণ কৰা

* তেজত জমা হোৱা বিষাক্ত পদাৰ্থ ফিল্টাৰ কৰি উলিয়াই দিয়া

* শৰীৰত গ্লুক’জ জমা কৰি প্ৰয়োজন সাপেক্ষে যোগান ধৰা

* পিত্তৰ ৰস তৈয়াৰ কৰা যিয়ে চৰ্বি হজম কৰাত সহায় কৰে।

* ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

* ফল-মূল খোৱাটো কিয় গুৰুত্বপূৰ্ণ?

ফলমূলত থকা ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট, আঁহ আদিয়ে লিভাৰক বিষমুক্ত কৰাত সহায় কৰে। কিছুমান বিশেষ ফলত লিভাৰৰ কোষ পুনৰ গঢ়ি তোলা আৰু প্ৰদাহ কমোৱা উপাদান থাকে।

* লিভাৰৰ বাবে উপকাৰী উত্তম ফল

* আঙুৰ লিভাৰক সুৰক্ষা দিয়াৰ এক ভাল উপায়। আকৰ্ষণীয়  ৰং আৰু মিঠা সোৱাদৰ আঙুৰ কেৱল উপভোগ্যই নহয়, লিভাৰক সুস্থ কৰি ৰখাৰ বাবেও এক উত্তম ফল। বিশেষকৈ ক’লা আঙুৰত ৰেচভেৰাট্ৰল নামৰ শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যিয়ে লিভাৰৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু ইয়াৰ স্বাভাৱিক কাৰ্য্যকলাপ বজাই ৰখাত সহায় কৰে। আঙুৰ খালে লিভাৰৰ প্ৰদাহ কমি যায়, ফেটি লিভাৰৰ সম্ভাৱনা কম হয় আৰু শৰীৰৰ বিষমুক্তকৰণ প্ৰক্ৰিয়াও সক্ৰিয় হয়।

* নেমু আৰু কমলা কেৱল ৰুচিৰ বাবেই নহয়, লিভাৰৰ যত্নৰ বাবেও একেবাৰে নিৰ্ভৰযোগ্য। এই ফলবোৰত ভিটামিন চি আৰু প্ৰাকৃতিক এন্টিঅক্সিডেন্ট থাকে, যিয়ে লিভাৰৰ ডিটক্স প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। ভিটামিন চিয়ে লিভাৰৰ এনজাইম সক্ৰিয় কৰে, যাৰ বাবে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ সহজে আঁতৰি যায়।

অৱশ্যে ফল-মূল বেছিকৈ খোৱাটোও ঠিক নহয়। এনে ক্ষেত্ৰত চিকিৎসকৰ মতে যদি অত্যধিক ফ্ৰুক্ট’জ শৰীৰত প্ৰৱেশ কৰে তেন্তে এজন ব্যক্তি ফেটি লিভাৰত ভুগিব পাৰে। তদুপৰি তেজত চেনিৰ মাত্ৰা বৃদ্ধি হ’লে ক’ৰ’নাৰী ধমনীত চাপ পৰিব পাৰে। গতিকে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ ফলৰ সেৱন নিয়ন্ত্ৰণ কৰিব লাগে।

* তেনেহ’লে ফল কেতিয়া খাব লাগে

নিয়মিতভাৱে ফলমূল খোৱা বহু লোক আছে। দৈনন্দিন খাদ্যাভ্যাসতো তেওঁলোকে অত্যধিক পৰিমাণৰ ফলমূল খায়। পুষ্টিবিদসকলৰ মতে, ফল-মূল দিনটোত এবাৰ খাব পাৰি। এনে ক্ষেত্ৰত ব্ৰেকফাষ্টত ফল-মূল খোৱাৰ সুফল অধিক হয়। নিয়মিতভাৱে অত্যধিক ফল নোখোৱাকৈ বতৰৰ ফল কম পৰিমাণে খালে কোনো সমস্যাৰ সৃষ্টি নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

November 7, 2026 12:34 pm
ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

November 7, 2026 11:06 am
কাপোৰৰ দোকানৰ পৰা আন্তৰ্জাতিক মঞ্চ! প্ৰথম ভাৰতীয় হিচাপে এমি বঁটাৰ অনুষ্ঠানত বিজয় সেতুপতি

কাপোৰৰ দোকানৰ পৰা আন্তৰ্জাতিক মঞ্চ! প্ৰথম ভাৰতীয় হিচাপে এমি বঁটাৰ অনুষ্ঠানত বিজয় সেতুপতি

November 7, 2026 10:15 am
ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

November 7, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনাদায়ী ঋণ ১২,৬৬৮ কোটি টকা; ভিডিঅ’কনৰ প্রাক্তন অধ্যক্ষ বেনুগোপালক দেউলীয়া ঘোষণা

November 7, 2026 12:34 pm
ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

November 7, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd