• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

 “মৰমৰ উৎপল, তুমি ধুনীয়া ভাষণ দিয়া, কিন্তু সঠিক মতাদৰ্শ নাই”: আছুৰ সভাপতি উৎপল শৰ্মালৈ অখিল গগৈৰ মুকলি চিঠি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 9:07 pm
133
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জুবিন হত্যা’ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ ৰঙালী উৎসৱত উদাত্ত ভাষণ দি প্ৰশংসা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সংস্থা (আছু)ৰ সভাপতি উৎপল শৰ্মাক লক্ষ্য কৰি ৰাইজৰ দলৰ বিধায়ক তথা সভাপতি অখিল গগৈয়ে এখন মুকলি চিঠি লিখিছে। এই চিঠিত অখিল গগৈয়ে উৎপল শৰ্মাক “মৰমৰ উৎপল, মৰম ল’বা” বুলি সম্বোধন কৰি তেওঁৰ ভাষণক সমালোচনা কৰিছ আছুৰ মতাদৰ্শগত সীমাবদ্ধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। চিঠিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ৰাজনৈতিক মহলত চৰ্চাৰ সৃষ্টি কৰিছে।

উৎপল শৰ্মাই ৰঙালী উৎসৱৰ মঞ্চত শ্যামকানু মহন্তক প্ৰশংসা কৰি দিয়া ভাষণৰ ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছত বিতৰ্কৰ সৃষ্টি হৈছে। যদিও উৎপলে ভিডিঅ’টো ডিলিট কৰিছে, অখিল গগৈয়ে ইয়াক আপলোড কৰি চিঠিত উল্লেখ কৰিছে যে উৎপলে শ্যামকানুক “সুপাৰলেটিভ ডিগ্ৰী”ত প্ৰশংসা কৰিছে। চিঠিত অখিলে লিখিছে, “তুমি ৰঙালীক অসমৰ সামাজিক-সাংস্কৃতিক জগতৰ এক আন্দোলনৰ নাম বুলি ঘোষণা কৰিছা। তোমাৰ মতে ৰঙালী কোনো ধুমুহাতে উভালি নপৰে! ছাত্ৰ সংস্থা সদায়ে শ্যামকানু মহন্তৰ লগত থাকিব, সফলতাৰ আকাশ চুমিবলৈ!! কথাখিনি এতিয়া শুনিলে ছাগে উৎপল তোমাৰো অস্বস্তি অনুভৱ হয়, নহয়নে?”

Apply Now

অখিল গগৈয়ে চিঠিত উৎপল শৰ্মাৰ মতাদৰ্শগত অভাৱক সমালোচনা কৰি কয় যে শুদ্ধ মতাদৰ্শৰ অভাৱত আছুৱে অসমক লাভান্বিত কৰিব নোৱাৰে। “মানুহক সদায়ে শুদ্ধ মতাদৰ্শ লাগে। শুদ্ধ মতাদৰ্শ সদায়ে প্ৰগতিশীল। প্ৰগতিশীল মতাদৰ্শই আমাৰ মাজত যুক্তিপূৰ্ণ, সমালোচনাত্মক চিন্তাৰ জন্ম দিয়ে,” বুলি তেওঁ উল্লেখ কৰিছে। লগতে আছুৰ মতাদৰ্শগত সীমাবদ্ধতাৰ বাবে আন্দোলনসমূহত অসমৰ সংহতি আৰু সমন্বয়ত বিপদ আহিছে বুলি অভিযোগ কৰিছে।

জুবিন গাৰ্গৰ ৰাজনৈতিক আদৰ্শক উল্লেখ কৰি অখিলে কৈছে যে জুবিন স্বঘোষিত সমাজবাদী আছিল আৰু অসমৰ আধুনিক কাণ্ডাৰীসকল যেনে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা সকলো প্ৰগতিশীল মতাদৰ্শৰ আছিল। “চোৱা উৎপল, আমাৰ আধুনিক অসমৰ আটাইকেইজন কাণ্ডাৰী… সকলো প্ৰগতিশীল মতাদৰ্শৰ আছিল। আনকি আমাৰ জুবিনদা স্বঘোষিত সমাজবাদী আদৰ্শৰ। সেইবাবে অসমীয়া জাতিৰ জাতীয় মতাদৰ্শ প্ৰগতিশীল হ’ব লাগে,” বুলি তেওঁ লিখিছে। লগতে শ্যামকানুৰ দৰে ব্যক্তিৰ পৰা জাতিৰ বিপদ হ’ব পাৰে বুলি সকীয়াই দিছে।

উৎপল শৰ্মাৰ দক্ষতাক প্ৰশংসা কৰি অখিলে কৈছে, “তোমাৰ বুদ্ধিমত্তা আছে, কিছু পঢ়া-শুনাও আছে যেন লাগে, তুমি ধুনীয়া ভাষণ দিয়া, কিন্তু সঠিক মতাদৰ্শ, সঠিক দৃষ্টিভংগী নাই।”

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যকো সমালোচনা কৰি অখিল গগৈয়ে কয় যে তেওঁ অসমৰ বাবে বহুত কৰিছে যদিও মতাদৰ্শগত অভাৱত সমাজে স্থায়ী লাভ নাপায়। “সমুজ্জ্বলদাৰ ক্ষেত্ৰতো একেই কথা। আমাৰ সময়ৰ সবাতোকৈ ডাঙৰ জাতীয়তাবাদী নেতা তেওঁ… কিন্তু শেষত ফলাফল নাই। স্থায়ী একো নাপায় সমাজে তেওঁৰ পৰা। বৰং আছুক অধিক প্ৰতিষ্ঠানৰ লগত যুক্ত কৰা বাবে তেওঁ ইতিহাসৰ ওচৰত জগৰীয়া হৈ ৰৈ ৰব” বুলি মত পোষণ কৰিছে।

‘কা’ আন্দোলনত আছুৰ ব্যৰ্থতাক উল্লেখ কৰি অখিলে কৈছে যে ২০১৯ৰ আন্দোলনত জাগ্ৰত সমাজক নেতৃত্ব দিবলৈ আছু ব্যৰ্থ হৈছে। “অসম চুক্তিখনক তুমি শ্ৰেণী বিশ্লেষণ কৰি চালে দেখা পাবা, কেনেকৈ ই আমাৰ জনগণৰ প্ৰধান সমস্যাবোৰ তুলি ধৰাত ব্যৰ্থ হৈছে,” বুলি তেওঁ লিখিছে।

চিঠিৰ শেষত অখিল গগৈয়ে উৎপল শৰ্মাক ব্যক্তিগতভাৱে কথাবোৰ নল’বলৈ আহ্বান জনাই কৈছে যে জীৱনৰ আটাইতকৈ ডাঙৰ বস্তু হৈছে শুদ্ধ মতাদৰ্শ। উৎপল শৰ্মাই এই চিঠিৰ প্ৰত্যুত্তৰ দিব নে নিদিয়ে, সেয়া লক্ষণীয় হ’ব।

https://www.facebook.com/watch/?v=706731095039546

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd