ৰাজ্যত ১২ কোটি টকাৰ ভুৱা ইনপুট টেক্স ক্ৰেডিট (আই টি চি) ৰেকেটৰ সৈতে জড়িত থকাৰ অভিযোগত ব্যৱসায়ী উজ্জ্বল কুমাৰ আগৰৱালক গ্ৰেপ্তাৰ কৰিছে ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)আয়ুক্ত বিভাগৰ বিষয়াসকলে।
বিত্ত (কৰ) বিভাগৰ মতে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ পৰা তিনিচুকীয়াৰ চীনা পট্টিৰ থানা ৰোডত অৱস্থিত আগৰৱালাৰ প্ৰতিষ্ঠান মেছাৰ্ছ বি কে এছ এণ্টাৰপ্ৰাইজৰ সৈতে জড়িত সন্দেহজনক বিত্তীয় লেনদেনৰ বিশদ তদন্তৰ পিছতে এই গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তত প্ৰায় ৬৬ কোটি টকাৰ ব্যৱসায়ৰ কথা পোহৰলৈ আহিছে, ইয়াৰে ১২ কোটি টকা সম্ভাৱ্য কৰ ফাঁকি হিচাপে চিনাক্ত কৰা হৈছে।
জি এছ টিৰ বিষয়াসকলে ১৯ আৰু ২০ ছেপ্টেম্বৰৰ ভিতৰত জি এছ টি আইনৰ ধাৰা ৬৭(২)ৰ অধীনত তালাচী আৰু পৰিদৰ্শন অভিযান চলাই ফাৰ্মখনৰ চালান আৰু আই টি চিৰ ক্লেইমৰ অনিয়ম ধৰা পেলায়। আনহাতে, অভিযানৰ সময়ত আগৰৱালে পলায়ন কৰি বিভাগটোৱে জাৰি কৰা একাধিক চমনক আওকাণ কৰা বুলি জানিব পৰা গৈছে।
যোৱা ৩ অক্টোবৰত কৰ্তৃপক্ষৰ সন্মুখত হাজিৰ হ’বলৈ বিএনএছএছ ৩৫(৩)ৰ অধীনত জাননী লাভ কৰাৰ পিছতো আগৰৱালে নিজে উপস্থিত নহ’ল। ৭ অক্টোবৰ পৰ্যন্ত তেওঁৰ সন্ধান চলাই জি এছ টি বলবৎকাৰী শাখা আৰু অসম আৰক্ষীৰ যৌথ দলে ব-হস্পতিবাৰে গুৱাহাটীৰ চাৰ্ভেৰ অংকুৰ পথত থকা বন্ধু নিক্ষয় ছাৰউগীৰ বাসগৃহৰ বাথৰুমত আত্মগোপন কৰি থকা অৱস্থাত তেওঁক উদ্ধাৰ কৰে।
গ্ৰেপ্তাৰ হোৱাৰ পিছত আগৰৱালক দিছপুৰৰ কৰ ভৱনলৈ অনা হয়, য’ত তেওঁক কোনো ধৰণৰ প্ৰকৃত সামগ্ৰী বা সেৱাৰ যোগান অবিহনে ভুৱা বিলিঙৰ জৰিয়তে ভুৱা আইটিচি পাছ আৰু সুবিধা লোৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিষ্ঠান জড়িত সম্পৰ্কত জেৰা কৰা হয়। সন্তোষজনক ব্যাখ্যা দিব নোৱাৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
পিছত অভিযুক্তজনক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত হাজিৰ কৰোৱাত তেওঁৰ জামিন আবেদন নাকচ হয় আৰু তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।




