আৰ এছ এছ (ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ)ৰ কাৰ্যকলাপক লৈ কৰ্ণাটকত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেই দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ এখন পত্ৰ লিখি চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ত আৰ এছ এছৰ অনুষ্ঠান আয়োজনৰ তীব্ৰ বিৰোধিতা কৰে।
প্ৰিয়ংক খাৰ্গেই চিঠিখনত লিখিছে, “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নামৰ এটা সংগঠনে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ৰ খেলপথাৰ ব্যৱহাৰ কৰি প্ৰদৰ্শন আৰু শ্লোগান দিছে, যাৰ ফলত শিশুৰ মনত বিৰূপ প্ৰভাৱ পৰিছে।” তেওঁ চৰকাৰী বিদ্যালয়, সাহায্যপ্ৰাপ্ত বিদ্যালয় আৰু যিকোনো চৰকাৰী চৌহদত আৰ এছ এছৰ কাম-কাজ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায়।
কেৱল বিদ্যালয় বা মহাবিদ্যালয়েই নহয়, খাৰ্গেই মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াক চৰকাৰী উদ্যান, মুজৰাই (ধৰ্মীয় পুঁজি) মন্দিৰ আৰু অন্যান্য চৰকাৰী স্থানত আৰ এছ এছৰ কাম-কাজ নিষিদ্ধ কৰিবলৈও আহ্বান জনায়। চৰকাৰী চৌহদত এনেধৰণৰ কাম-কাজে শিশু আৰু যুৱক-যুৱতীসকলৰ মনত নেতিবাচক চিন্তা বিয়পাই দিয়ে আৰু ই সমাজৰ কল্যাণৰ পৰিপন্থী বুলি তেওঁ কয়।
পত্ৰখনত প্ৰিয়ংক খাৰ্গেই আৰক্ষীৰ ভূমিকাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ লিখিছে, “আৰক্ষীয়ে অনুমতি অবিহনে এনে প্ৰদৰ্শনী চলাই আছে, যাৰ ফলত শিশু আৰু যুৱক-যুৱতীসকলৰ মানসিক অৱস্থাত বিৰূপ প্ৰভাৱ পৰিছে।” খাৰ্গেৰ মতে, আইন প্ৰয়োগকাৰী সংস্থাৰ এনে পদক্ষেপ শিশু আৰু সাধাৰণ জনতাৰ বাবে চিন্তনীয়।
উল্লেখ্য যে শেহতীয়াকৈ আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সংগঠনটোক সমৰ্থন আগবঢ়াইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি নেতাসকলে আৰএছএছৰ ভূমিকাক প্ৰশংসা কৰিছে। আনহাতে, কংগ্ৰেছে সদায় আৰ এছ এছৰ বিৰোধিতা কৰি আহিছে। কংগ্ৰেছ নেতাসকলৰ অভিযোগ যে আৰ এছ এছে বিভাজনকাৰী ৰাজনীতি কৰে আৰু ইয়াৰ ফলত শৈক্ষিক পৰিৱেশত নেতিবাচক প্ৰভাৱ পৰে।
কংগ্ৰেছ নেতা পৱন খেৰাই আৰ এছ এছৰ শতবাৰ্ষিকী উপলক্ষে ডাক টিকট আৰু বিশেষ স্মৃতি মুদ্ৰা মুকলি কৰাকলৈ তীব্ৰ কটাক্ষ কৰে। তেওঁ কয়, “আৰএছএছৰ বাবে যদি মুদ্ৰা জাৰি কৰিবলগীয়াই হয়, তেন্তে সেয়া ৬০ টকা হ’ব লাগে, যিটো আগতে স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ সাৱৰকাৰে ব্ৰিটিছ চৰকাৰৰ পৰা পাইছিল।” তেওঁ লগতে কয়, “ডাক টিকট ছপাই হওক বা মুদ্ৰা জাৰিয়েই হওক, দেশখন মহাত্মা গান্ধীৰেই আৰু তেনেকৈয়ে থাকিব।”
কৰ্ণাটকত আৰ এছ এছে চৰকাৰী স্থান ব্যৱহাৰক লৈ হোৱা বিতৰ্কই ৰাজ্যখনত ৰাজনৈতিক উত্তাপৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলৰ মতে আগন্তুক দিনত এই বিষয়টোৱে ৰাজনীতিত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। কাৰণ, চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু উদ্যানসমূহ শিশু আৰু যুৱক-যুৱতীসকলৰ শৈক্ষিক আৰু সামাজিক পৰিৱেশৰ সৈতে জড়িত। তেনে ক্ষেত্ৰত আৰ এছ এছৰ কাম-কাজ যদি তাত চলি থাকে তেন্তে ইয়াক লৈ ৰাজনৈতিক সংঘাত তীব্ৰতৰ হ’ব পাৰে।
মুঠতে প্ৰিয়ংক খাৰ্গেৰ এই পত্ৰখন কেৱল প্ৰশাসনিক আবেদন নহয়, ই কংগ্ৰেছ বনাম বিজেপি-আৰএছএছৰ সংঘাতৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। এতিয়া এই সন্দৰ্ভত কৰ্ণাটক চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।





