আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে অতি সোনকালে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ এই পদক্ষেপক ইউক্ৰেইনৰ যুদ্ধৰ বাবে মস্কোৰ ধন কৰ্তনৰ দিশত এক “বৃহৎ পদক্ষেপ” বুলি অভিহিত কৰে।
হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে ভাৰতে তেল ক্ৰয় কৰাত মই সুখী হোৱা নাছিলো, আৰু ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি মোদীয়ে আশ্বাস প্ৰদান কৰিলে ।” তেওঁ আৰু কয় যে মোদীয়ে তৎক্ষণাত আমদানি বন্ধ কৰিব নোৱাৰে, কিন্তু এই পৰিৱৰ্তন কম সময়ৰ ভিতৰতে হ’ব।
ৰাছিয়াক অৰ্থনৈতিকভাৱে বিচ্ছিন্ন কৰাৰ বাবে আমেৰিকাই চেষ্টা চলোৱাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। তেল আৰু গেছ ৰাছিয়াৰ প্ৰধান ৰপ্তানি, আনহাতে ভাৰত, চীন, আৰু তুৰস্ক ৰেহাই মূল্যত খাৰুৱা তেলৰ প্ৰধান ক্ৰেতা। এতিয়া চীনেও একে পথেৰে যোৱাটো বিচাৰিছে ট্ৰাম্পে।
উল্লেখ্য যে “ইউক্ৰেইনৰ সংঘাতৰ বিত্তীয় সাহায্যত সহায়ক হোৱা বুলি ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ আমেৰিকাই ভাৰতক হেঁচা প্ৰয়োগ কৰি আহিছে। আগষ্ট মাহত ট্ৰাম্প প্ৰশাসনে আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ শুল্কৰ উপৰিও ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল, কাৰণ ভাৰতে পূৰ্বতে ৰাছিয়াৰ পৰা আমদানি বন্ধ কৰাৰ আহ্বানক প্ৰতিহত কৰিছিল। ট্ৰাম্পে অভিযোগ কৰিছে যে, যুদ্ধত “১.৫ কোটি” ৰাছিয়ান লোকৰ মৃত্যু হৈছে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে যুদ্ধখন দীঘলীয়া হৈছে।
অৱশ্যে এই পৰ্যন্ত ভাৰতৰ তৰফৰ পৰা মোদীৰ এই স্থিতিৰ সন্দৰ্ভত কোন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসে এই প্ৰতিজ্ঞা সন্দৰ্ভত সোধা প্ৰশ্নৰ কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে ট্ৰাম্প। পশ্চিমীয়া নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা ভাৰতে বিশেষকৈ কম মূল্যত শক্তি সুৰক্ষাৰ মূল চাবিকাঠি হিচাপে নিজৰ আমদানিক কৰি আহিছে।
ৰাছিয়াৰ শক্তি বিক্ৰী ৰোধ কৰিবলৈ জাপান আৰু বেইজিঙৰ দৰে অন্যান্য অংশীদাৰকো লক্ষ্য কৰি লৈছ ট্ৰাম্পে। তেওঁৰ লক্ষ্য হৈছে বহুপক্ষীয় নিষেধাজ্ঞাৰ বাহিৰেও, পৃথকীকৰণ নীতি বলবৎ কৰিবলৈ দ্বিপাক্ষিক সম্পৰ্ক ব্যৱহাৰ কৰা। চলিত মাহৰ শেষৰ ফালে দক্ষিণ-পূব এছিয়া শীৰ্ষ সন্মিলনত ট্ৰাম্প-মোদীৰ সম্ভাৱ্য বৈঠকৰ পূৰ্বে ট্ৰাম্পে এই মত পোষণ কৰে।





